অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা প্ৰদান ষ্টাৰ চিমেণ্টৰ, আৰম্ভ কৰিলে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 June 2022

অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা প্ৰদান ষ্টাৰ চিমেণ্টৰ, আৰম্ভ কৰিলে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ অভিযান

 




W7s news গুৱাহাটী : অসমত চলি থকা বান সাহায্য প্ৰক্ৰিয়ালৈ সহায় আগবঢ়াবৰ বাবে দেশৰ আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ষ্টাৰ চিমেণ্টে আজি অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এক কোটি টকা আগবঢ়ায়। ইয়াৰ লগতে আজি চিমেণ্ট ব্ৰেণ্ডটোৱে ৰাজ্যখনৰ বিভিন্ন বানপীড়িত অঞ্চলত খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ অভিযানো আৰম্ভ কৰে।


মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দিয়া অনুদান আগবঢ়োৱাৰ উপৰিও ষ্টাৰ চিমেণ্টে ৰাজ্যখনৰ বিভিন্ন বানপীড়িত অঞ্চলত খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ অভিযানো আৰম্ভ কৰে আজি। প্ৰতিদিনে চিমেণ্ট ব্ৰেণ্ডটোৱে দুই ট্ৰাককৈ সামগ্ৰী বিতৰণ কৰি আহিছে, যাৰ ভিতৰত আছে চাউল, মাহজাতীয় খাদ্য, নিমখ, বিস্কুট, বান, কুকিজ আৰু বিভিন্ন বান পীড়িত এলেকাত পেকেটযুক্ত খোৱা পানী।


এই সামগ্ৰী বিতৰণ অভিযানটোৱে ইতিমধ্যে কিছুমান গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত অঞ্চল সামৰি লৈছে, য'ত আছে বৰপেটা, দৰং, পাঠশালা, হাউলি, নলবাৰী আৰু টিহু। চিমেণ্ট ব্ৰেণ্ডটোৱে ৰাজ্যৰ বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে বানপীড়িত অঞ্চলসমূহত দৈনিক তিনি ট্ৰাককৈ খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থাকিব।


উল্লেখ্য যে আজি শিলচৰৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ ১ ট্ৰাক  সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে, যাক অসম চৰকাৰে প্ৰেৰণ কৰা সাহায্য সামগ্ৰীৰ সৈতে বিমানযোগে প্ৰেৰণ কৰা হৈছে।


ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি ষ্টাৰ চিমেণ্টৰ কাৰ্যবাহী সঞ্চালক তুষাৰ ভজনকাই কয়, "বহু ঠাইত ৰাজ্যখনৰ জনসাধাৰণে অভূতপূৰ্ব কষ্টৰ সন্মুখীন হৈছে আৰু আমি ইয়াৰ বাবে খুবেই দুখিত। অৱশ্যে, যেতিয়া প্ৰকৃতিয়ে ইয়াৰ ক্ৰোধ দেখুৱায়, আমি ইজনে সিজনক সহায় কৰিবলৈ একত্ৰিত হৈ থিয় দিব পাৰোঁ। আমি ষ্টাৰ চিমেণ্ট পৰিয়ালে জনসাধাৰণৰ কাষ চাপিবলৈ আৰু যিকোনো ধৰণে তেওঁলোকক সহায় কৰিবলৈ সদায়েই সকলো প্ৰচেষ্টা কৰিছো।"


ইফালে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ অভিযান সন্দৰ্ভত মন্তব্য কৰি মুখ্য পৰিকল্পনা বিষয়া প্ৰদীপ পুৰোহিতে কয়, "প্ৰয়োজনৰ সময়ত ষ্টাৰ চিমেণ্ট সদায় অসমৰ জনসাধাৰণৰ সেৱা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি বিভিন্ন বানপীড়িত অঞ্চলত খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ আৰম্ভ কৰিছো আৰু বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই কাম অব্যাহত ৰাখিম।"


তেওঁ লগতে কয়, "এই বিধ্বংসী বানপানীৰ বৰ্তমানৰ ঢৌৰ অভূতপূৰ্ব ভৌগোলিক বিস্তাৰৰ কথা মনত ৰাখি দৈনিক খাদ্য আৰু অন্যান্য সামগ্ৰীৰ যোগান ৩ খন ট্ৰাকলৈ বৃদ্ধি কৰা হৈছে।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here