গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 June 2022

গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা

 




W7s news ষ্টাফৰিপোৰ্টাৰ:গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত  আৰু বিষ্ণু নিৰ্মলা ন্যাসৰ সহযোগত আগন্তক ২ জুলাইৰ পৰা ২১ জুলাইলৈ উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হ’ব এখনি  গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ সভাপতি হৃষীকেশ গোস্বামীয়ে। তেওঁ লগতে কয়-শিশুক নাট্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই  ২০ দিনীয়া কৰ্মশালাৰ মূল বিষয় হ’ব “ দেশৰ লগতে  অসমৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ সকলৰ ত্যাগ,ভূমিকা আৰু অৱদান"৷কৰ্মশালাখনৰ পৰিচালক হিচাপে থাকিব নাট্যকাৰ-পৰিচালক -অভিনেতা মাণিক ৰয় আৰু প্ৰশিক্ষণ দিব নিলোৎপল মহনৰ লগতে আন কেইবাজন প্ৰশিক্ষকে।'সংবাদ মেলত নাট্যকাৰ-পৰিচালক -অভিনেতা তথা মাণিক ৰয়ে কয়-কৰ্মশালাৰ পাঠদানৰ সময়সূচী পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১বজালৈ৷ইচ্ছুক শিকাৰুসকলে প্ৰ-পত্ৰৰ বাবে ৯৮৬৪০  ৪৭৩৬৩/৭০০২৬ ০৫৭৯২ নম্বৰত ফোন কৰি অথবা বিষ্ণু নিৰ্মলা ভৱন (দ্বিতীয় মহলা)লতাশিল,উজানবজাৰ আৰু মাইম একাডেমী ,চতুৰ্থ মহলা,হেদায়েৎপুৰ(বাণী মন্দিৰৰ বিপৰীতে)ত যোগাযোগ কৰিব পাৰিব৷ এই কৰ্মশালাত  অংশ গ্ৰহণ কৰিবলৈ www.gsnv.org.in  যোগেও  প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰে৷এই কৰ্মশালাত অংশগ্ৰহণ কৰা  প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণপত্ৰ দিয়াৰ লগতে  কৰ্মশালাৰ অন্তত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে " শিশু নাট্য মেলা আয়োজন কৰা হ’ব ।'সংবাদ মেলত গুৱাহাটী শিশুনাট্য বিদ্যালয়ৰ বৰ্তমানৰ সাধাৰণ সম্পাদক  উত্তম কুমাৰ ডেকা,উপ- সভাপতি শোভেশ্বৰ দাস, ,প্ৰচাৰ সম্পাদক মৃন্ময় ভূঞা, উপদেষ্টা বন্দিতা ফুকন উপস্থিত থাকি এই কৰ্মশালাৰ সফলতা কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here