উত্তৰ-পূবৰ ডিজাইনাৰ আৰু উদ্ভাৱকৰ বাবে মুকলি ৱাইজাৰ ইনোভেচন প্ৰাইজ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 June 2022

উত্তৰ-পূবৰ ডিজাইনাৰ আৰু উদ্ভাৱকৰ বাবে মুকলি ৱাইজাৰ ইনোভেচন প্ৰাইজ

 





W7s news গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ ডিজাইনাৰ আৰু উদ্ভাৱকসকলৰ বাবে ২২ জুন, ২০২২ বুধবাৰে ৱাইজাৰ ইনোভেচন প্ৰাইজ (WISSER Innovation Prize) মুকলি কৰা হয়। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ গ্ৰাম্য শিল্পীসকলৰ বাবে জীৱিকা সৃষ্টিৰ বাবে ই এক ডিজাইন প্ৰত্যাহ্বান। এই ডিজাইন চেলেঞ্জৰ আয়োজন কৰিছে দ্য হাব যোৰহাট, বস্কো ইনষ্টিটিউট আৰু চাইল্ডএইড নেটৱৰ্কে য’ত সহযোগিতা কৰিছে ধৃতি-দ্য কাৰেজ উইথ-ইনে। এই বঁটাৰ লক্ষ্য হৈছে উত্তৰ-পূব অঞ্চলত উপলব্ধ পূৰ্বনিৰ্ধাৰিত প্ৰাকৃতিক সম্পদৰ সৈতে পণ্য ডিজাইন সমাধান চিনাক্ত কৰা যিয়ে সকলো ক্লাষ্টাৰৰ মাজত গ্ৰাম্য শিল্পীসকলৰ বাবে জীৱিকাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা।

উদ্ভাৱক তথা ডিজাইনাৰসকলে ব্যক্তিগতভাৱে বা দলীয়ভাৱে আবেদন কৰিব পাৰিব (সৰ্বাধিক ৩ জনীয়া সদস্যৰ দলে)। ব্যক্তিগত উদ্ভাৱক তথা ডিজাইনাৰৰ ক্ষেত্ৰত আবেদনকাৰী উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যৰ নাগৰিক হ’ব লাগিব আৰু দলীয় আবেদনকাৰীক ক্ষেত্ৰত দলৰ সদস্যসকলৰ ভিতৰত অন্ততঃ এজন আবেদনকাৰী উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ যিকোনো এখনৰ বাসিন্দা হ’ব লাগিব। ছাত্ৰ-ছাত্ৰী আৰু অনুশীলনকাৰী উভয়েই নিজৰ উদ্ভাৱন অথবা ডিজাইনৰ সৈতে ৱাইজাৰ ইনোভেচন প্ৰাইজৰ বাবে আবেদন কৰিব পাৰে।

নিৰ্বাচিত উদ্ভাৱক অথবা উদ্ভাৱক দলসমূহক প্ৰায় ৪ লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব আৰু সমগ্ৰ বিশ্বৰ ডিজাইন তথা ব্যৱসায়িক পৰামৰ্শদাতাৰ দ্বাৰা পৰামৰ্শ আগবঢ়োৱা হ’ব।

“৪টা নিৰ্বাচিত উদ্ভাৱনলৈ নগদ ধনৰ পুৰস্কাৰ আৰু পৰামৰ্শদাতাৰ সহায় আগবঢ়োৱা হ’ব যাতে যাতে তেওঁলোকৰ নমুনা বিকাশত সহায় কৰিব পৰা যায়। গ্ৰাম্য শিল্পীসকলৰ বাবে এটা ক্ষুদ্ৰ উদ্যোগ ক্লাষ্টাৰ হিচাপে পৰিপূৰ্ণ সামগ্ৰী মূল্য শৃংখল গঢ়ি তুলিবলৈ নিৰ্বাচিত উদ্ভাৱনসমূহ আগবঢ়াই নিয়া হ’ব। গ্ৰাম্য অঞ্চলৰ উৎপাদন কৰাৰ সম্ভাৱনা থকা বহুতো ক্ষুদ্ৰ তথা সুক্ষ্ম উদ্যোগক প্ৰদত্ত প্ৰাকৃতিক সম্পদৰ সৈতে ডিজাইন সমাধান নিৰ্বাচন কৰাৰ উদ্দেশ্য হৈছে গ্ৰামীন শিল্পীসকলৰ বাবে জীৱিকাৰ সৃষ্টি কৰা।” এনেদৰে কয় বস্কো ইনষ্টিটিউট, যোৰহাটৰ ফাডাৰ জেৰী টমে।

“ৱাইজাৰ ইনোভেচন প্ৰাইজে কাম কৰিব প্ৰডাক্ট/ডিজাইন হেকাথনৰ ৰূপত। য’ত স্থানীয় শিল্পীসকলক তেওঁলোকৰ জীৱিকা উপাৰ্জনত সহায় কৰিব পৰা সমাধানসমূহক আমন্ত্ৰণ জনোৱা হৈছে। আমি ছাত্ৰ-ছাত্ৰী আৰু অনুশীলনকাৰী উভয়ৰে পৰা (ডিজাইন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত) দুটা শ্ৰেণীৰ সামগ্ৰীত ডিজাইন উদ্ভাৱনৰ ধাৰণা আহ্বান জনাইছোঁ। প্ৰথম শ্ৰেণীটো হ’ল বাঁহ আৰু বেত আনহাতে দ্বিতীয় শ্ৰেণীটো হ’ল প্ৰাকৃতিক আঁহ। এনেদৰে কয় ধৃতি – দ্য কাৰেজ উইথ-ইনৰ সহ-প্ৰতিষ্ঠাপক অনিৰ্বান গুপ্তাই।

চাইল্ডএইড নেটৱৰ্কৰ উপদেষ্টা জোনাছ ফাইফিংগাৰে কয়, ‘আজি ৱাইজাৰ ইনোভেচন প্ৰাইজ মুকলি কৰাটো আনন্দৰ বিষয় আৰু আজিৰ এই বিশেষ দিনটোত আমি উল্লেখ কৰিব বিচাৰোঁ চাইল্ড এইড নেটৱৰ্কলৈ উইছাৰ পৰিয়ালৰ দৃষ্টিভংগী, সমৰ্থন আৰু বিশ্বাস তথা উদ্ভাৱনী বঁটাৰ আঁৰত থকা দলটোৰ কথা, যিয়ে অঞ্চলটোৰ গ্ৰাম্য শিল্পীসকলৰ বাবে জীৱিকাৰ সমাধান সৃষ্টি কৰিবলৈ উত্তৰ-পূব অঞ্চলৰ শ্ৰেষ্ঠ ডিজাইন প্ৰতিভাক সমৰ্থন কৰিবলৈ এই পুৰস্কাৰ আগবঢ়াইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here