গুৱাহাটী প্ৰেছ ক্লাৱত মন পখিলাৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 11 June 2022

গুৱাহাটী প্ৰেছ ক্লাৱত মন পখিলাৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

 

W7s news ষ্টাফৰিপোৰ্টাৰ:


ৰাজ্যৰ প্ৰতিভাবান মহিলা সকলক এক  দীৰ্ঘম্যাদী ব্যৱসায়িক ধাৰনাৰে লগতে    ব্যক্তিগত খণ্ডেৰে  সৃজনীমূলক গোট গঠন কৰি বিভীন্ন প্ৰতিভাক কৰ্মক্ষম কৰিবলৈ উৎসাহ জনোৱাৰ উদ্দেশ্যে ২০১৯চনৰ পৰাই  গৱেষনামূলক ভাৱে  কাম কৰি আহিছে  কিশ্মা ভেঞ্চাৰ প্ৰাঃ লিঃৰ প্ৰতিষ্ঠাপক  সঞ্চালিকা মালবিকা শইকীয়াই । একেটা  সংগঠনৰ অধীনত মনস্তাত্বিক তথা মানৱ সম্পদৰ অধীনত প্ৰতিষ্ঠাপিকা হিচাপে তেওঁ  মন পখিলা নামেৰে এক সুলভ মডেলৰো কাম কৰি  আহিছে  । অসম তথা উত্তৰ পূৱৰ স্বউদ্যোগী মহিলাক  প্ৰতিভাৰে সৱল কৰি তেওঁলোকক স্বনিয়োজনৰ একো - একোটা প্ৰতিভামূলক উদ্যোগীকৰনৰ আৰু তাৰ প্ৰগতিৰ বাবে নানা যোজনাৰো পৰিকল্পনা কৰি  আহিছে। উল্লেখযোগ্য যে মন পখিলাৰ লক্ষ্য হৈছে মহিলাসকলৰ বিভীন্ন প্ৰতিভাৰে কেনেদৰে নিজৰ উদ্যমিকা গঠন কৰিব পাৰে তাৰ বাবে প্ৰশিক্ষন প্ৰদান কৰা। 

এই উদেশ্যেৰে ১১জুন, ২০২২ত  গুৱাহাটী প্ৰেছ ক্লাবত  মন পখিলাৰ দ্বাৰা  অনুষ্ঠিত কৰা হয়  অসম মহিলা উদ্যোগীৰ বঁটা নামৰ এক বিশেষ অনুষ্ঠানৰ । মূল চাৰিটা শাখাত প্ৰদান কৰা এই বঁটা  আজি প্ৰদান কৰা হয় ক্ৰমে 

বৰ্ষশ্ৰেষ্ঠ উদ্যোগী  লাভলী বৰুৱা ( আগৰতলা) ব্যৱসায় তথা ব্ৰেণ্ড Fit Bird, শ্ৰেষ্ঠ গাঁৱলীয়া উদ্যোগী

জিমলী মহন্ত, (ছামগুৰি নগাওঁ) হস্ততাঁত শিল্প আৰু বেকাৰী প্ৰশিক্ষণ,

নবনীতা বৰা (বিশ্বনিথ চাৰিআলি) খাদ্য প্ৰকৰন   ব্ৰেণ্ড হামছৈৱা, শ্ৰেষ্ঠ নগৰীয়া উদ্যোগ

ডিম্পী গোস্বামী শৰ্মা। (গুৱাহাটী) ৱেলনেচ থেৰাপী Dimpy’s Heal & Glow

পল্লৱী হাজৰিকা(গুৱাহাটী। KalaEva কলাত্মক আৰু সৃজনীমূলক) প্ৰভাৱশালী উদ্যোগ

চিত্ৰালী ফুকন (গুৱাহিটী। Crafter’s Cottage 7 হস্তশিল্প প্ৰশিক্ষণ তথা উৎপাদন)   আনহাতে আজিৰ অনুষ্ঠানত বিশেষ ভাবে  উপস্থিত থাকি প্ৰেৰণা দায়ক মন্তব্য কৰি সকলোকে আহ্লাদিত  কৰি তোলে ক্ৰমে অসম চৰকাৰ ইণ্ডাষ্ট্ৰী আৰু কৰ্মাচ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত নিৰ্দশক  প্ৰফুল্ল কুমাৰ শইকীয়াই । অনুষ্ঠান উপস্থিত থাকি সভাৰ গম্ভীৰ্য বৃদ্ধি কৰে  কিশ্মা ভেঞ্চাৰৰ উপদেষ্টা অৰূপজ্যোতি দাস, ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত মূখ্য সঞ্চালক , আনহাতে অনুষ্ঠান উপস্থিত  কিশ্মা ভেঞ্চাৰৰ আন এগৰাকী উপদেষ্টা তথা আই আই ই গুৱাহাটীৰ উদ্যোগ সম্প্ৰসাৰনৰ মূখ্য বিষয়া

 ড° শ্ৰিপৰ্না বি  বৰুৱা। লগতে বিশিষ্ট অতিথীবৃন্দ NEDFI মহা প্ৰৱন্ধক PSLVN  Murthy  আৰু উত্তৰপূৱ খাদী গ্ৰামোদ্যোগৰ উপ মহাপ্ৰৱন্ধক ড° সুকুমল  দেব, DIC কামৰূপ মহানগৰ জেনেৰেল মেনেজাৰ শ্ৰী উমেশ কুমাৰ আৰু ডিজিএম নেডফী শ্ৰী মনোজ কুমাৰ দাস  উপস্থিত আছিল।

সমগ্ৰ উত্তৰ পূবাঞ্চলৰ মহিলা উদ্যোগীসকলক উৎসাহিত আৰু উন্নত কৰিবলৈ মন পখিলাই আৰাম্ভ কৰা এই প্ৰয়াসক ভৱিষ্যতলৈ এটা মাইলৰ খুঁটি হৈ ৰব বুলিও মন্তব্য কৰে। বুলি জানিবলৈ দিছে মন পখিলাৰ প্ৰতিষ্ঠাপক সঞ্চালিকা  মালবিকা শইকীয়াই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here