চেভ ভৰলুৰ শিক্ষাৰ্থী সজাগতা অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 11 June 2022

চেভ ভৰলুৰ শিক্ষাৰ্থী সজাগতা অনুষ্ঠান

 




W7s news ষ্টাফৰিপোৰ্টাৰ:

আহক আমি সকলোৱে মিলি ভৰলু বচাওঁ-এই সংকল্প লৈ চেভ ভৰলুৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ কৰা হৈছে শিক্ষাৰ্থী সজাগতা অনুষ্ঠান। গুৱাহাটীৰ ৰাজধানী এম ই স্কুলৰ পৰাই আৰম্ভ কৰা হয় এই অনুষ্ঠান। শনিবাৰে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত চেভ ভৰলুৰ সাধাৰণ সম্পাদক অমিয় কুমাৰ ডেকা সমন্বিতে বিষয়ববীয়াৰ উপস্থিতিত সভাপতি ডা:ৰবীন্দ্ৰনাথ মজুমদাৰে এই অনুষ্ঠান মুকলি কৰে। চেভ ভৰলুৰ সভাপতিজনে ছাত্র ছাত্রী সকলক ভৰলু তথা আন নদ নদী কেনেকৈ প্ৰদুষিত হৈছে, নদী প্ৰদুষিত হোৱাৰ ফলত আমাৰ ওপৰত কেনেধৰণে বিৰূপ প্ৰতিক্ৰিয়া পৰিব পাৰে অতি সৰলভাবে  বাখ্যা কৰে। পাৱাৰ পইন্টৰ মাধ্যমেৰে চলোৱা এই অনুষ্ঠানত ভাগ লৈ ছাত্র ছাত্রী সকলোৱে উৎসাহী হৈ পৰে আৰু নদী প্ৰদুষন ৰোধ কৰিবলৈ সংকল্পবদ্ধ হয়। উল্লেখ্য, চেভ ভৰলু অভিযানে বিগত সময়ত চাইকেল ৰেলীৰে বিশ্ব নদী দিৱস উদযাপন, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা আৰু থলীতে অকা চিত্ৰাংকন প্ৰতিযোগিতা, জনসাধাৰণৰ মাজত ভৰলু সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ চেভ ভৰলু অভিযানে তৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here