হৃদ ৰোগৰ পৰা মুক্ত হ'বলৈ জীৱন শৈলীৰ পৰিৱৰ্তন কৰক, মাদকদ্ৰব্য সেৱনৰ পৰা দূৰত থাকক, চাপ মুক্ত হৈ থাকক ফাষ্ট ফুড পৰিহাৰ কৰক- ডাঃ বলবীৰ সিঙ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 11 June 2022

হৃদ ৰোগৰ পৰা মুক্ত হ'বলৈ জীৱন শৈলীৰ পৰিৱৰ্তন কৰক, মাদকদ্ৰব্য সেৱনৰ পৰা দূৰত থাকক, চাপ মুক্ত হৈ থাকক ফাষ্ট ফুড পৰিহাৰ কৰক- ডাঃ বলবীৰ সিঙ





হাৰ্ট এটেকৰ ফলত হোৱা মৃত্যু প্ৰতিৰোধ কৰিবলৈ বয়োজ্যেষ্ঠ লোকসকলক অতিৰিক্ত যত্নৰ প্ৰয়োজন



W7s news ষ্টাফৰিপোৰ্টাৰ : 
'অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱপ্ৰজন্মৰ মাজত ভয়াবহভাওৱে বাঢ়িছে হৃদ ৰোগীৰ সংখ্যা-এইদৰে কয় নতুন দিল্লীৰ চাকেটস্থিত মেক্স চুপাৰ স্পেচিয়েলিটি
হাস্পতালৰ কাৰ্ডিয়েক চায়েন্সেছৰ বিভাগীয় মুৰব্বীডাঃ বলবীৰ সিঙে। শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-পূৰ্বতে দেশৰ ভিতৰত উত্তৰ-ভাৰতত সৰ্বাধিক হৃদৰোগী পোৱা গৈছিল কিন্তু এতিয়া সেই স্থান উত্তৰ-পূৰ্বাঞ্চলে দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূলতে হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত সৰ্বাধিক ধঁপাত, চিগাৰেট আদিৰ ব্যৱহাৰ কৰা হয়। অত্যধিক সুৰাপানো ইয়াৰ অন্যতম কাৰণ। অসম তথা উত্তৰ-পূর্বনাঞ্চলৰ যুৱ প্ৰজন্ম যিকোনো নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰৰ পৰা মুক্ত হৈ থাকিব লাগিব। তেতিয়াহে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱপ্ৰজন্মৰ মাজত হৃদৰোগীৰ  সংখ্যা হ্ৰাস পাব। হৃদৰোগ 
ভাৰতত অন্যতম মৃত্যুৰ কাৰক হৈ পৰিছে। ইতিমধ্যে আমাৰ দেশ মধুমেহ ৰোগৰ ৰাজধানীত পৰিণত হৈছে।
হৃদ ৰোগৰ পৰা মুক্ত হ'বলৈ জীৱন শৈলীৰ পৰিৱৰ্তন কৰা জৰুৰী। লগতে মাদকদ্ৰব্য সেৱনৰ পৰা দূৰত থকৰা লগতে চাপ মুক্ত হৈ থকা উচিত। ইয়াৰ বাবে নিতৌ যোগ, প্ৰাণায়াম, শৰীৰ চৰ্চা কৰা উচিত। পৰাপক্ষত ফাষ্ট ফুড পৰিহাৰ কৰি চলা উচিত। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কাৰ্বহাইড্ৰেটযুক্ত খাদ্য বহু পৰিমাণে খোৱা হয়। পৰাপক্ষত কাৰ্বহাইড্ৰেটযুক্ত খাদ্য অলপ কমকৈ খোৱা উচিত। তদুপৰি ক'ম বয়সীয়া লোকসকলৰ মাজত হাৰ্ট এটেক সম্পৰ্কীয়  বিভিন্ন সজাগতামূলক সভাই গুৰুত্ব লাভ কৰি আহিছে যদিও এক বৃহৎসংখ্যক বয়োজ্যেষ্ঠ লোককো এইক্ষেত্ৰত তাৎক্ষণিক মনোযোগ আৰু যত্নৰ প্ৰয়োজন হৈ পৰিছে। বৃদ্ধসকলৰ মাজত হৃদৰোগৰ বৰ্ধিত ঘটনাৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ বাবে, সময়মতে হস্তক্ষেপ আৰু আগতীয়াকৈ চিনাক্তকৰণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ অতিমাত্ৰা প্ৰয়োজনীয়তা।হৃদযন্ত্ৰ বিজ্ঞানৰ ক্ষেত্ৰত হোৱা প্ৰগতিৰ লগতে, অধিক উন্নত আৰু নিম্ন বিস্তাৰমুখী প্ৰক্ৰিয়াই বিভিন্ন প্ৰকাৰৰ হৃদৰোগীসকলক উপকৃত কৰিছে। মুখ্যতঃ ন্যূনতম অভিগমনমূলক অস্ত্ৰোপচাৰৰ পৰ্যবেক্ষিত লাভালাভৰ বাবে, কষ্মেটিক লাভালাভ, বিষ হ্ৰাস আৰু অস্ত্ৰোপচাৰৰ আঘাত হ্ৰাসৰ লগতে চিকিৎসাধীন সময় হ্ৰাস হোৱাৰ বাবে নিম্ন বিস্তাৰমুখী হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (এম.আই.চি.এছ.) বা কীহোল অস্ত্ৰোপচাৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। এই প্ৰক্ৰিয়াটো সংক্ৰমণবোৰৰ বিৰুদ্ধে দুৰ্বল প্ৰতিৰোধ ক্ষমতা থকা বৃদ্ধ আৰু মধুমেহ ৰোগীসকলৰ বাবে আদৰ্শগতভাৱে সৰ্বশ্ৰেষ্ঠ কিয়নো এই প্ৰক্ৰিয়াৰে হোৱা অস্ত্ৰোপচাৰৰ পিছত হাঁওফাঁওৰ সংক্ৰমণ বা আঘাতৰ ফলত সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাইকিয়া হয়। এই প্ৰক্ৰিয়াটোৱে পূৰ্বতে পৰম্পৰাগত অস্ত্ৰোপচাৰৰ বাবে অত্যাধিক বিপদসংকুল বুলি গণ্য কৰা বৃদ্ধ অথবা পূৰ্বৱৰ্তী ৰোগগ্ৰস্তসকলৰ বাবেও হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্ভৱ কৰি তোলে। হাৰ্ট এটেকৰ যিকোনো প্ৰাৰম্ভিক লক্ষণ প্ৰত্যক্ষ কৰাৰ আৰু চিকিৎসামূলক সাহায্যৰ বাবে নিকটতম চিকিৎসালয়লৈ যোৱা অতি জৰুৰী। প্ৰথম অৱস্থাত হৃদ ৰোগ হোৱা বুলি চিকিৎসক পৰীক্ষাত ধৰা পৰিলে ইয়াৰ চিকিৎসা সম্ভৱ। বুকুৰ বিষত গা-বেয়া লগা, হঠাৎ অসুস্থ হৈ পৰা আদি লক্ষণে দেখা দিলে পলম নকৰি চিকিৎসকৰ কাষ চপা অতি জৰুৰী।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here