অম্বুবাচী মেলাৰ তীৰ্থযাত্ৰীসকলৰ বাবে খাদ্য শিবিৰৰ আয়োজন অমৃত ভোগ ভাণ্ডাৰাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 June 2022

অম্বুবাচী মেলাৰ তীৰ্থযাত্ৰীসকলৰ বাবে খাদ্য শিবিৰৰ আয়োজন অমৃত ভোগ ভাণ্ডাৰাৰ

 



W7s news গুৱাহাটী : গুৱাহাটীৰ অন্যতম জনপ্ৰিয় বেচৰকাৰী সংগঠন 'অমৃত ভোগ ভাণ্ডাৰাই মালিগাঁৱৰৰ কামাখ্যা ৰে'ল ষ্টেচনৰ ওচৰৰ বৰিপাৰাত অম্বুবাচী মেলাৰ তীৰ্থযাত্ৰীসকলৰ বাবে এক খাদ্য শিবিৰৰ আয়োজন কৰে। পাঁচ দিনীয়াকৈ আয়োজন কৰা এই শিবিৰ বুধবাৰে পুৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। সমাজকর্মী তথা অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভগচান্দ জৈনৰ লগতে বহু গণ্যমান্য ব্যক্তি আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি জৈনে কয় যে ২০২০ চনত প্ৰথম লকডাউনৰ সময়ত অমৃত ভোগ ভাণ্ডাৰা আৰম্ভ কৰিছিলো। আমি দৰিদ্ৰ লোকসকলক বিনামূলীয়া খাদ্য প্রদান কৰি আহিছো আৰু বিভিন্ন দাতাৰ সহায়ত কেইবা লাখ লোকক খাদ্য যোগান ধৰি আহিছো । সকলোৱে অমৃত ভোগ ভাণ্ডাৰাক সমৰ্থন কৰাৰ বাবে গুৱাহাটী আৰু ওচৰৰ বিভিন্ন অঞ্চলত দৈনিক হাজাৰ হাজাৰ দুখীয়া লোকক বিনামূলীয়া খাদ্য প্ৰদান কৰি আহিবলৈ সক্ষম হৈছো। জৈনে লগতে কয় যে আমি বিভিন্ন ৰাজ্যৰ পৰা অহা তীৰ্থযাত্ৰীসকলক সেৱা আগবঢ়োৱাৰ বাবে অম্বুবাচী মেলাত আমাৰ সেৱা অব্যাহত ৰাখিছো। তীর্থযাত্ৰীৰ বাবে পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু নিশাৰ বাবে দৈনিক আধাৰত খাদ্য প্ৰস্তুত কৰিছো। আমি হালৱা, পুৰী, তৰকাৰী, চাউল, দাইল, চাহ, বিস্কুটৰ লগতে অন্যান্য খাদ্য সামগ্রী যোগান ধৰাৰ প্রয়াস চলাইছো। দৈনিক প্রতিজন তীর্থযাত্রীক ৫০০ মিলি বটল প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও নিৰাপত্তাকর্মী, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া, জিএমচি শ্রমিক, বিভিন্ন সংগঠনৰ স্বেচ্ছাসেৱক যিসকলক অম্বুবাচী মেলাৰ বাবে নিয়োজিতসকলকো এই সেৱা আগবঢ়োৱা হ'ব। অম্বুবাচী মেলা শিবিৰ ২৬ জুনত সমাপ্ত হ'ব। আমি সকলোকে অনুৰোধ জনাইছো যদি কোনোবাই যিকোনো প্ৰকাৰে তীৰ্থযাত্ৰীসকলক সেৱা কৰিবলৈ ইচ্ছুক হয়, তেন্তে সহায়-সহযোগিতা আগবঢ়াব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here