তেজপুৰৰ বিখ্যাত লিচুৱে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 11 June 2022

তেজপুৰৰ বিখ্যাত লিচুৱে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ

 



W7s news নিউজ ডেস্ক:  তেজপুৰৰ বিখ্যাত লিচুৱে ২০১৫ চনতে লাভ কৰিছিল জি আই টেগ। এই প্ৰখ্যাত তেজপুৰ লিচুৰ বাবে আজি এক বিশেষ দিন। আজি পোনপ্ৰথমবাৰৰ বাবে তেজপুৰ লিচুৱে লাভ কৰিবলৈ সক্ষম হ'ল আন্তঃৰাষ্ট্ৰীয় বজাৰ। প্ৰায় ১০৬ জন কৃষকেৰে গঠিত অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰদ্বাৰা উৎপাদিত ৬৫০ কিলোগ্ৰাম তেজপুৰ লিচু "Kiega Exims" নামৰ কোম্পানীটোৱে আজি লণ্ডনলৈ ৰপ্তানি কৰে। তেজপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতেই আজি  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰা এই ৰপ্তানি যাত্ৰাৰ কাৰ্যসূচীত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা।

এই উল্লেখনীয় প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছে APEDA, APART, BNCA, অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড, শোণিতপুৰ জিলা কৃষি বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, জিলা প্ৰশাসন, অগ্নিগড় কৃষক উৎপাদক কোম্পানী আৰু Kiega Exims-। এতিয়া তেজপুৰ লিচুৰ সোৱাদ বিশ্ববাসীৰ বাবেই পৰিচিত হৈ পৰিব।

এখন আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত  মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ কৃষি বিভাগে সবল ভূমিকা গ্ৰহণ কৰি যুৱপ্ৰজন্মৰ মাজত স্বনিৰ্ভৰশীলতাৰ ভাৱনা জগাই তুলিছে।

 থলুৱাভাৱে উৎপাদিত ফল-মূলৰ বিশ্বজুৰি এখন বহল বজাৰ নিশ্চিত কৰাৰ বাবেও প্ৰয়াস অব্যাহত ৰাখিছে। তেজপুৰৰ লিচুৰ লণ্ডন অভিমুখী যাত্ৰাই অসমৰ কৃষকসকলক ন-উদ্যমেৰে উৎপাদনমুখী কাম-কাজত মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰিব।

 এই কাৰ্যসূচীত কেইবাজনো  মন্ত্ৰী, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশীষ কুমাৰ ভূটানী, সঞ্চালক অনন্ত লাল জ্ঞানী, উদ্যান শস্য বিভাগৰ সঞ্চালক  ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে বিভাগীয় তথা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, অগ্নিগড় কৃষক উৎপাদক কোম্পানী আৰু Kiega Exims-ৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here