এইচডিএফচি বেংকে USD, EUR, GBP ক লৈ শুভাৰম্ভ কৰিছে সম্পূৰ্ণ মূল্যৰ পৰিশোধ সেৱা বেংকিং খণ্ডত সৰ্বপ্ৰথম পদক্ষেপৰূপে CASA একাউণ্টধাৰী ট্ৰেডাৰ আৰু ব্যক্তিবিশেষে লাভ কৰিব পাৰিব ইয়াৰ লাভালাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 11 June 2022

এইচডিএফচি বেংকে USD, EUR, GBP ক লৈ শুভাৰম্ভ কৰিছে সম্পূৰ্ণ মূল্যৰ পৰিশোধ সেৱা বেংকিং খণ্ডত সৰ্বপ্ৰথম পদক্ষেপৰূপে CASA একাউণ্টধাৰী ট্ৰেডাৰ আৰু ব্যক্তিবিশেষে লাভ কৰিব পাৰিব ইয়াৰ লাভালাভ

 



W7s news ষ্টাফৰিপোৰ্টাৰ: এইচডিএফচি বেংকে আজি বাণিজ্য আৰু খুচুৰা (trade and retail) গ্ৰাহকৰ বাবে আমেৰিকান ডলাৰ (USD), ইউৰো (EUR) আৰু পাউণ্ড ষ্টাৰ্লিং (GBP)ৰ সম্পূৰ্ণ মূল্যৰ পৰিশোধ সেৱা মুকলিৰ ঘোষণা কৰিছে। প্ৰথম প্ৰকাৰৰ "সম্পূৰ্ণ মূল্য" সুবিধাই নিশ্চিত কৰিব যে যেতিয়া গ্ৰাহক এজনে বিদেশলৈ ধন প্ৰেৰণ কৰিব, সেই ধনত বিদেশী বেংক মাচুলৰ কোনো কৰ্তন অবিহনে প্ৰেৰণ কৰা বিদেশী হিতাধিকাৰীয়ে সম্পূৰ্ণ পৰিমাণ ধন লাভ কৰাটো।

বেংকে আজিলৈ কেৱল আমেৰিকান ডলাৰতহে ব্যক্তিগত গ্ৰাহকৰ বাবে সম্পূৰ্ণ মূল্যৰ পৰিশোধ প্ৰদান কৰি আহিছে। বেংকিংখণ্ডত সৰ্বপ্ৰথমৰূপে বাণিজ্য সম্পৰ্কীয় লেনদেনৰ পৰিশোধ অন্তৰ্ভুক্ত কৰিবলৈ এই প্ৰস্তাৱটো সম্প্ৰসাৰিত কৰিছে। তদুপৰি, এই অফাৰ আমেৰিকান ডলাৰ, জিবিপি আৰু ইউৰোত আগবঢ়োৱা হ'ব আৰু বিশ্বজুৰি কাৰেণ্ট আৰু চেভিং দুয়োটা বাণিজ্য আৰু খুচুৰা একাউণ্ট ধাৰকৰ বাবে প্ৰযোজ্য হ'ব। 

এই সন্দৰ্ভত এইচডিএফচি বেংকৰ ব্যৱসায়িক, ৰিটেইল ট্ৰেড আৰু ফৰেক্সৰ মুৰব্বী যতিন্দৰ গুপ্তাই (Jatinder Gupta) কয়; "এইচডিএফচি বেংকে গ্ৰাহকসকলক আনন্দ দিয়াৰ বাবে সদায়ে টেইলৰ-মেড (tailor-made), অভিনৱ সামগ্ৰী আগবঢ়োৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে।সেয়েহে আমি আমাৰ সম্পূৰ্ণ মূল্যৰ বাহ্যিক পৰিশোধ সেৱা প্ৰদান কৰিবলৈ উৎসাহিত, কেৱল এই সেৱা ব্যক্তি বিশেষ নহয়, ব্যৱসায়ীসকলৰ বাবেও হ'ব। এই সেৱা গ্ৰাহকক আগবঢ়াই পাই সুখ অনুভৱ কৰিছোঁ আৰু আমি নিশ্চিত যে এই সেৱাটো আমাৰ গ্ৰাহকসকলৰ বাবে এক গেম-চেঞ্জাৰ হ'ব।"

ভাৰতত বাণিজ্য সম্পৰ্কীয় পৰিশোধ বাবে বেংকৰ শাখাৰ ওচৰলৈ গৈ এই সেৱা লাভ কৰিব পাৰিব। লিবাৰেলাইজড আঁচনিৰ (Liberalized Scheme) অধীনত ব্যক্তিগত সম্পৰ্কীয় পৰিশোধ আৰু ভাৰতৰ পৰা প্ৰবাসী লৈ প্ৰেৰণ (আমেৰিকান ডলাৰ, জিবিপি আৰু ইউৰো) টো ৰেমিটনাও – নেটবেংকিং পৰ্টেল (কেৱল আমেৰিকান ডলাৰত) ৰ দ্বাৰা হ'ব, যিটো লিবাৰেলাইজড ৰেমিটেন্স আঁচনিৰ অধীন হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here