তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি কেইবাটাও সামাজিক প্ৰকল্পৰ উদ্বোধন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 29 June 2022

demo-image

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি কেইবাটাও সামাজিক প্ৰকল্পৰ উদ্বোধন

Responsive Ads Here

 



W7s news ষ্টাফৰিপোৰ্টাৰ: দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি এই স্বেচ্ছাসেৱী সংগঠন জে চিআইয়ে যুৱক-যুৱতীসলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দি সংস্থাপন দি অহাৰ লগতে বিভন্ন দিশত মেনেজমেন্ট প্রশিক্ষণ তথা উদ্যোগীক দিশত সৱলীকৰণ তথা উন্নয়নমূলক কাম-কাজেৰে সমাজৰ উন্নয়ন সাধন কৰি আহিছে। উত্তৰ পূব ভাৰতৰ উন্নয়ন তথা বিভিন্ন প্রকল্প হাতত লোৱাৰ বাবে ইতিমধ্যে ছিতল লোহীয়া উত্তৰ পূবৰ মাণ্ডলিক সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে। জে চি আইয়ে ইতিমধ্যে উত্তৰ পূবত ৫০টা শাখা গঠন কৰিছে। উত্তৰ পূবত প্রায় ১৭০০ সদস্যই জে চি আইৰ কামত নিয়োজিত হৈ আছে। তিনিদিনীয়া ভ্রমণসূচীৰে উত্তৰ পূবৰ যাৱতীয় কাম-কাজ পৰ্যবেক্ষণৰ বাবে জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি জে এফ এছ অংশু ছৰাফ গুৱাহাটীলৈ আহিছে। ৰাষ্ট্ৰীয় সভাপতিগৰাকী উত্তৰ পূৱৰ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে জে চি আইৰ সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বিশ্বৰত্ন হোটেলত অনুষ্ঠিত বৈঠকখনত যুৱ চামক সমাজৰ প্ৰতিটো ক্ষেত্ৰত কেনেদৰে আগুৱাই যাব লাগে সেই ক্ষেত্ৰত উৎসাহিত কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। গুৱাহাটীত প্ৰেছ ক্লাবত সাংবাদিকৰ সন্মুখথ প্রাক্তন সভাপতি পিপিপি ৰশ্মী খাতোৱালা, পি আৰ আৰু মাৰ্কেটিঙৰ মাণ্ডলিক সঞ্চালক জে চিযুমলী পাদু, পি আৰ মাগুলিক আহ্বায়ক এইচ জি এফ কৃতী আগৰৱালসহ বহু সদস্য উপস্থিত আছিল। ডে চি আই ইণ্ডিয়াই বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান আয়োজন কৰিছে। যি অনুষ্ঠানৰ জৰিয়তে ৰাজহুৱা বিকাশ সাধন হৈছে। তেওঁলোকে আয়োজন কৰা অনুষ্ঠানসমূহৰ ভিতৰত আছে সমাধানৰ অধীনতন বিল্ডিং ব্লকছ, সুৰক্ষা অনুষ্ঠানৰ অধীনত চেনিটাৰী নিষ্কাষণ যন্ত্ৰ স্থাপন, সুজলৰ অধীনত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাকে ধৰি ৰাজ্যৰ বহুধৰণৰ উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। জে চি আই ইণ্ডিয়াই শিক্ষাৰ্থীসকলৰ বাবে জেচিআই ফাউণ্ডেচনৰ তৰফৰ পৰা জলপানি আগবঢ়াই আহিছে। এই প্ৰকল্পৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্রাপ্ত স্বাস্থ্যসেৱাৰ সৈতে কাৰ্য গ্ৰহণ কৰিছে। যোৱা ছয়মাহৰ ভিতৰত ১০০ টিকাকৰণ শিবিৰ স্থাপন কৰে। ইয়াৰ উপৰি বছৰজোৰা কাৰ্যসূচীৰ অধীনত জে চি আইয়ে ৩৫টা ৰক্তদান শিবিৰ আৰু ৮০০ ইউনিট ৰক্ত সংগ্ৰহ কৰে। তেওঁলোকে চলিত বৰ্ষত বিভিন্ন প্ৰান্তত শৌচগাৰা নিৰ্মাণ, পুথিভঁৰাল, শ্ৰেণীকোঠা আৰু বিজ্ঞান প্রয়োগশালা স্থাপন কৰিছে। ইয়াৰ উপৰি তেওঁলোকে চোৱা চিতা কৰি বিদ্যালয়সমূহৰ বিদ্যালয়গৃহ নিৰ্মাণ কৰিছে। তেওঁলোকে চোৱাচিতা কৰি থকা গাঁওসমূহত সৌৰ চালিত চাকি স্থাপনকে ধৰি জনতাৰ উন্নয়ন সাধন হোৱা বহু ধৰণৰ কাৰ্যসূচী কৰি আহিছে। ৰাষ্ট্ৰীয় সভাপতি জেএফএছ অংশু ছৰাফে ভ্ৰমণকালত বিদ্যালয়ত উদ্যান মুকলি নাম ফলক স্থাপন, ছাৰ্ভিকেল কেন্সাৰ স্ক্রিনিং প্ৰগ্ৰেম, শৌচাগাৰ মুকলি, বিদ্যালয় চোৱা চিতা, তিনি শিশুৰ চকুৰ অস্ত্ৰোপচাৰ, পানী ফিল্টাৰ স্থাপন। জেচিআইয়ে সদায় যিকোনো সমস্যাৰ বহণক্ষণ সমাধানৰ বাবে কাম কৰি আহিছে আৰু মাণ্ডলিক সভাপতি জে চি ছিতল লোহীয়াই এইক্ষেত্ৰত কাম কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *