ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বেদাংগ বৰদলৈৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 29 June 2022

ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বেদাংগ বৰদলৈৰ মৃত্যু

 



W7s news ষ্টাফৰিপোৰ্টাৰ: ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, দলটোৰ জন্মলগ্নৰে পৰা আমৃত্যু পৰ্যন্ত জড়িত থকা বেদাংগ বৰদলৈৰ মঙলবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫৫ বছৰ।  যোৰহাট নিবাসী বৰদলৈৰ শেষকৃত্য  যোৰহাটত সম্পন্ন কৰা হয়। যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ ঘোষকহিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি অসম ৰাজ্যিক এন চি পিৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে কয়-জীৱনৰ শেষ উশাহ পৰ্যন্ত এন চি পি দলতে থাকি যি ত্যাগ স্বীকাৰ কৰি গ'ল তাৰ বাবে তেওঁক চিৰদিন প্ৰতিগৰাকী দলীয় কৰ্মী আৰু সুহৃদে শ্ৰদ্ধাৰে স্মৰণ কৰি যাব।


এজন বলিষ্ঠ কণ্ঠৰ অধিকাৰী বৰদলৈৰ অকাল বিয়োগ আমাৰ বাবে অত্যন্ত মৰ্মন্তুদ। তেওঁৰ পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছো, লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো- তেওঁৰ বিদেহ আত্মাই বৈকুণ্ঠত ঠাই পাওক আৰু শোকাৰ্ত পৰিয়ালটোক ভগৱানে  শক্তি দিয়ক।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here