বান প্ৰৱণতা থকা গ্রাম্য অঞ্চলৰ বাবে বিজ্ঞানসন্মত উপঙা ঘৰৰ আৰ্হি-জ্যেষ্ঠ অভিযন্তা জে এন খাটনিয়াৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 24 June 2022

বান প্ৰৱণতা থকা গ্রাম্য অঞ্চলৰ বাবে বিজ্ঞানসন্মত উপঙা ঘৰৰ আৰ্হি-জ্যেষ্ঠ অভিযন্তা জে এন খাটনিয়াৰ





W7s news গুৱাহাটী: বান প্ৰৱণতা থকা গ্রাম্য অঞ্চলৰ বাবে বিজ্ঞানসন্মত উপঙা ঘৰৰ পৰিকল্পনা কৰিছে জ্যেষ্ঠ অভিযন্তা জে এন খাটনিয়াৰে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত জ্যেষ্ঠ অভিযন্তা জে এন খাটনিয়াৰে ২০১৯ চনতে কৰা তেওঁৰ এই পৰিকল্পনাৰ বিষয়ে সদৰী কৰে। 

তেওঁ লগতে কয়-অতিমাত্ৰা বানপানী আমাৰ সকলোৰে কাৰণে এটা ডাঙৰ সমস্যা বিশেষকৈ গ্রামাঞ্চলৰ বাবে। বর্তমান অসমৰ প্ৰায় সকলো কেইখন জিলা প্ৰবল বানপানীৰ গ্ৰাসত পৰি জন-ধন তথা সম্পত্তিৰ প্ৰচুৰ হানি হৈছে প্ৰধানতঃ এই সমস্যাৰ কাৰণ হ'ল অতি তীব্ৰ বেগী পাহাৰৰ উপৰি ভাগৰ পৰা বৰযুৰ পানী আহি নিমিষতে সমতলত থকা প্ৰধান নৈ সমূহ বুৰাই পেলাই বসতিপূর্ণ গ্রামাঞ্চলত অতর্কিতে প্ৰৱেশ কৰি ঘৰ বাৰী ভাঙি বিভীষিকাৰ সৃষ্টি কৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা বিজ্ঞানসন্মত উপত্তা ঘৰৰ আৰ্হি প্ৰস্তুত কৰা হৈছে।বানপানী প্রবন অঞ্চলত অতি সহজতে নির্মাণ কৰিব পৰা যাব এই উপঙা ঘৰ।গোটেই আৰ্হিটো এটা উপঙা ঘৰ হিচাপে পি.ডি.চি সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত কৰিব পৰা যায়, যাৰ কোনে! ভেটি নাথাকিব অর্থাৎ‍ বানপানী আহিলে উপঙি থাকিব। এই উপত্তা সামগ্ৰীখিনিৰ ওপৰত আমাৰ প্রয়োজন, অনুসৰি, আমি এটা দৰ্কাৰ অনুযায়ী বাসস্থান নিৰ্মাণ কৰিব পাৰোঁ য'ত বৰষুণৰ পানী সংৰক্ষণ কৰা তথ্য সৌৰশক্তি ব্যৱহাৰ কৰা, বায়'টয়লেট ব্যৱস্থা থকা সকলো জৰুৰী সুবিধাসমূহ থাকিব। লগতে নিজৰ ঘৰচীয়া জন্মখিনিৰ বাবেও আচুতীয়া ঠাই ৰাখিব পৰা যাব। পানীৰ কোবাল সোঁতত গোটেই বাসস্থানটো উটি যাব পাৰে যিকোনো মুহূর্তত উপঙি থকা অৱস্থাতে। ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি এই উপঙা ঘৰটোৰ চাৰিওফালে কেইটামান স্থায়ী (কংক্রিট বা লোহা) খুঁটাৰ লগত কিছুমান ৰিঙৰ 

সহায়ত সংযুক্ত থাকিব যাতে উপঙা ঘৰটো নিজৰ ঠাইত সহজে উঠা নমা কৰিব পাৰে বানপানী প্ৰৱণতাৰ ওপৰত। এই ব্যৱস্থাৰ দ্বাৰা বাসস্থানটোৰ গৰাকীয়ে তেওঁৰ নিজৰ মাটিত অৱস্থিতিৰ পৰিৱৰ্তন নোহোৱাকৈ নিজৰ মাটি আৰু ভেটি ৰক্ষা কৰিব পাৰিব।এই গোটেই পৰিকল্পনাটো চালি-জাৰি অধ্যয়ন কৰিবলৈ গুৱাহাটীত অৱস্থিত ৰয়েল গ্ল'ৱেল ইউনিভাৰচিটী'ৰ চিভিল ইঞ্জিনীয়েৰিং ডিপার্টমেন্টে ইতিমধ্যে মত বিনিময় কৰা হৈছে। এটা সমাধানৰ সূত্ৰ উলিয়াবৰ বাবে ইতিমধ্যে ড" অলক বুঢ়াগোহাই (চেয়াৰ পাৰ্চন, একাডেমিক) আৰু ড° অর্ণব শৰ্মাই(এইছ. অ' ডি, চিভিল ডিপার্টমেন্ট) আগ্রহ প্রকাশ কৰিছে যাতে এই দুৰ্ভগীয়া মানুহখিনিক সহজ-সৰলভাবে আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে জীৱন-নিৰ্বাহ কৰিব পৰা কিছু প্ৰণালী আগবঢ়াই সুকলমে জীয়াই থকাৰ প্ৰেৰণা যোগাব পৰা যায়। আমি এক গ্ৰীণ কনচেপ্ট লৈ এই কামত আগবাঢ়িছোঁ। ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকে বানপানী, ধুমুহা, ভূমিকম্পৰ পৰাও  নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিব। ইয়াৰ বাবে প্ৰতি স্কুৱেৰ ফিটত ৫০০ ৰ পৰা ৬০০ টকা খৰচ হ'ব। প্ৰায় তিনি লাখ  টকাৰ  ভিতৰত একোটা ঘৰ নিৰ্মাণ হৈ উঠিব যদিহে চৰকাৰে ৫০ ৰ ৬০ শতাংশ ৰাজ সাহাৰ্য দিয়ে তেতিয়া গ্রামাঞ্চলৰ লোক উপকৃত হ'ব পাৰিব।

এই আৰ্হিটো পৰীক্ষা কৰি সোনকালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে  প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীক অৱগত কৰাৰ মানসেৰে আগবাঢ়িব  বিচৰা হৈছে, যাতে প্রধান মন্ত্রী আবাস যোজনাত বিশেষকৈ অসম তথা পশ্চিমবংগ তথা বিহাৰৰ বানপানী প্রৱণ অঞ্চলখিনি সাঙুৰি এখন জৰুৰী নতুন আঁচনি গ্রহণ কৰিব পাৰে।'


সংবাদ মেলত ৰয়েল গ্ল'ৱেল বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ মুৰব্বী

ড° অর্ণব শৰ্মাই কয়- এই পৰিকল্পনাৰ আমি সফল ৰূপায়ণ আশা কৰিছোঁ। ইয়াৰ বাবে চৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here