নৰকাসুৰ হাইস্কুলত চেভ ভৰলুৰ দ্বিতীয়খন শিক্ষাৰ্থী সজাগতা অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 24 June 2022

নৰকাসুৰ হাইস্কুলত চেভ ভৰলুৰ দ্বিতীয়খন শিক্ষাৰ্থী সজাগতা অনুষ্ঠান





W7s news ষ্টাফৰিপোৰ্টাৰ:'আহক আমি সকলোৱে মিলি ভৰলু বচাওঁ-এই সংকল্প লৈ চেভ ভৰলুৰ উদ্যোগত শুকুৰবাৰে  গুৱাহাটীৰ নৰকাসুৰ হাইস্কুলত  বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্র-ছাত্রীৰ উপস্থিতিত  অনুষ্ঠিত কৰা হয় চেভ ভৰলুৰ দ্বিতীয় খন শিক্ষার্থী সজাগতা অনুষ্ঠান। চেভ ভৰলুৰ সক্রিয় সদস্য নবপ্ৰসাদ শৰ্মা,ধ্ৰুৱজ্যোতি শইকীয়া সমন্বিতে বিষয়ববীয়াৰ উপস্থিতিত সভাপতি ডা:ৰবীন্দ্ৰনাথ মজুমদাৰে এই অনুষ্ঠান মুকলি কৰে। চেভ ভৰলুৰ সভাপতিজনে ছাত্র ছাত্রী সকলক

 শ্লাইদৰ জৰীয়তে ভৰলু বাহিনীৰ উৎপত্তিৰ পৰা লুইতত পৰালৈকে পৰিক্ৰমা বৰ্ননা কৰি কেনেকৈ গুৱাহাটীৰ একাংশ নাগৰিকৰ অবিবেচকী কাৰ্যৰ ফলত তাহানিৰ মাছ কাছৰে ভৰা পৰিস্কাৰ পানীৰ ভৰলু আজিৰ এক পুতিগন্ধময় ডাষ্টবিন সদৃশ নলাত পৰিনত হৈছে তাকে প্ৰাঞ্জল ভাষাত বুজাই কয় !  এতিয়া গুৱাহাটীৰ পৰিবেশ তন্ত্ৰ আৰু জনস্বাস্থ্যৰ স্বাৰ্থত মহানগৰৰ নলা নৰ্দমা, ভৰলু বাহিনী, মৰা ভৰলু, বশিষ্ঠত জাৱৰ পেলোৱা বন্ধ কৰি সদায় মুকলি কৰি ৰাখিলেহে বানপানীৰ পৰাও নাগৰিকসকল ৰক্ষা পৰিব বুলি তেওঁ কয়।বিদ্যালয়খনৰ ডেৰ শতাধিক শিক্ষার্থী, শিক্ষক শিক্ষয়িত্ৰীয়ে অনুষ্ঠানত ভাগ লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here