w7s news ষ্টাফৰিপোৰ্টাৰ: বায়ু প্ৰদূষণ ৰোধ কৰি ধৰিত্ৰীক সুৰক্ষিত কৰাৰ স্বাৰ্থত সদৌ অসম কৰ্মচাৰী পৰিষদে জিলা কৰ্মচাৰী পৰিষদ সমূহৰ উদ্যোগত বিভিন্ন কার্যালয়, শিক্ষানুষ্ঠানত গছপুলি ৰোপণ কৰি দেওবাৰে বিশ্ব পৰিবেশ দিৱস পালন কৰে। গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত কৰ্মচাৰী পৰিষদৰ মুখ্য কাৰ্যালয় কৰ্মচাৰী ভৱনত মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নগাও জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত বঢ়মপুৰস্থিত শ্রীমন্ত শংকৰদেৱ অন্ধ বিদ্যালয়ত শতাধিক অন্ধ ছাত্ৰ-ছাত্ৰীক লঘু আহাৰ বিতৰণ কৰাৰ লগতে চৌহদত গছ পুলি ৰোপন কৰে। একেদৰে বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদ, তেজপুৰ জিলা কর্মচাৰী পৰিষদ, ধুবুৰী জিলা কৰ্মচাৰী পৰিষদ, হাটশিঙিমাৰী-মানকাচৰ জিলা কৰ্মচাৰী পৰিষদ, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদকে ধৰি সকলোবোৰ জিলা কৰ্মচাৰী পৰিষদে কার্যালয়, শিক্ষানুষ্ঠানৰ চৌহদত গছপুলি ৰোপন কৰি বিশ্ব পৰিবেশ দিৱস পালন কৰে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু সম্পাদক প্রধান (ভাৰপ্ৰাপ্ত) শ্যামন্ত দাসে কৰ্মচাৰী পৰিষদৰ আহ্বানত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰাত সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰে।
No comments:
Post a Comment