ৰবীন্দ্ৰ ভৱনত চুতীয়া ৰাজশাসনৰ ৰাণী বীৰাংগনা সতী সাধনীৰ " বীৰাংগনা" মঞ্চস্থ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 June 2022

ৰবীন্দ্ৰ ভৱনত চুতীয়া ৰাজশাসনৰ ৰাণী বীৰাংগনা সতী সাধনীৰ " বীৰাংগনা" মঞ্চস্থ

 






w7s news ষ্টাফৰিপোৰ্টাৰ:  অসমীয়া নাৰীসমাজৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা বীৰাঙ্গণা, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান চুতীয়া ৰাজশাসনৰ ৰাণী  বীৰাংগনা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট বীৰাংগনা নাট দেওবাৰে সন্ধিয়া ৰবীন্দ্ৰ ভৱনত  মঞ্চস্থ কৰা হয় । ৰবীন্দ্ৰ ভৱনত প্ৰথম বাৰৰ বাবে মঞ্চস্থ হোৱা বীৰাংগনা নাটখনি উদ্ধোধন কৰে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড৹ দেৱজিৎ খনিকৰ। উপস্থিত থাকে শস্য উদ্যান বিভাগৰ সঞ্চালক তৰংগ ভাৰতী বৰা, গৰিমা শইকীয়া গাৰ্গ । নাটকখন মঞ্চস্থ কৰাৰ পূৰ্বে চুতীয়া জাতিৰ প্ৰতি অৱদান আগবঢ়োৱা বতাহঘূলিৰ

অৱসৰপ্ৰাপ্ত অবৰ সচিব গগন চন্দ্ৰ চুতীয়া, সৰুমটৰিয়াৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়া, সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক গিৰীন ভূঞা,ড৹ জয়ন্তী চুতীয়া।(হেঙেৰাবাৰী) , বোপাৰাম ভাজনী।(হাতীগাঁও) , ভৰত শইকীয়া।(এবিচি) ,আৰু কাহিলীপাৰাৰ অনন্ত নেওগক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য যে  মহানগৰীত বসবাস কৰা চুতীয়া সমাজৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত  মঞ্চস্থ হোৱা   'বীৰাংগনা' শীর্ষক নাটখনৰ 

মৰাণ লেঙেৰীৰ নাট্যদলৰ বহু কেইগৰাকী প্ৰতিভাবান অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা  নাটকখনৰ সংগীত সুভাষ গগৈ, নাট্যকাৰ  লীলা চুতীয়া আৰু পৰিচালনা  ভৈৰৱ কুমাৰ ফুকনৰ। বীৰাংগনা সতী সাধনীৰ জীৱন আধাৰিত নাট 'বীৰাংগনা' ত মূল চৰিত্ৰ-ধৰ্মধ্বজপাল অভিনয় কৰে পবিত্ৰ বুঢ়াগোহাঁই।  সাধনী:চৰিত্ৰত অভিনয় কৰে পাহাৰী গগৈ সাধনীৰ সখী শ্যামলী মাউত, নীতিপাল চৰিত্ৰত হীৰকজ্যোতি গগৈ আৰু কনচেং বৰপাত্ৰগোঁহাই চৰিত্ৰত অভিনয় কৰে যতীন বুঢ়াগোহাঁইয়ে। নাটখনৰ সুন্দৰ দৃশ্যৰূপ আৰু প্ৰতি গৰাকী অভিনেতা অভিনেত্ৰীৰ সুন্দৰ অভিনয়ৰে প্ৰতি গৰাকী দৰ্শকক আপ্লুত কৰাৰ লগতে 

সাংবাদিক ৰন্টু নেওগ , দিব্য ৰাজখোৱা,জ্ঞানেন চুতীয়া আৰু কুণ্ডিল চুতীয়াৰ যি প্ৰচেষ্ঠা সকলোৱে শলাগ লোৱাৰ লগতে বীৰাংগনা সাধনীৰ ত্যাগ আৰু পৰাক্ৰমী ইতিহাসৰ বহু নজনা কথা নাটক খনৰ জৰিয়তে  সফল ভাবে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে নাট্য দল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here