বিশ্ব পৰিবেশ দিৱস উপলক্ষে সদৌ গুৱাহাটী ছাত্র সন্থাৰ গছপুলি ৰোপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 June 2022

বিশ্ব পৰিবেশ দিৱস উপলক্ষে সদৌ গুৱাহাটী ছাত্র সন্থাৰ গছপুলি ৰোপন

 


w7s news ষ্টাফৰিপোৰ্টাৰ:  বিশ্ব পৰিবেশ দিৱস উপলক্ষে সদৌ গুৱাহাটী ছাত্র সন্থাৰ গছপুলি ৰোপন কাৰ্যসূচী পশ্চিম গুৱাহাটী ছাত্র সন্থাৰ উদ্যোগত আৰু ১১ নং পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আমবাৰীস্থিত শ্বহীদ উদ্যানত অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে সদৌ কামৰূপ (ম)জিলা ছাত্র সন্থাৰ সভাপতি ৰজমিল আলি, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক নয়নজ্যোতি নাথ, উপদেষ্টা অলকেশ নাথ, নতুন ফটাশিল টাউন হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পুৰবী কলিতা আদি। গছপুলি ৰোপন কার্যসূচীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক নয়নজ্যোতি নাথে কয় যে-গছপুলি ৰোপন কৰাৰ লগতে ইয়াৰ সঠিক ভাৱে প্ৰতিপালন কৰাতোও বাঞ্চনীয়। লগতে গুৱাহাটী মহানগৰখনক সেউজ সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত পৰিৱেশৰ লগত জড়িত নদ-নদী, বিল আদিৰ সংৰক্ষণৰ লগতে  গছ-বন, পাহাৰ আদিৰ উচিত মূল্যায়ন কৰি ইয়াৰ প্ৰতিপালনৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনালোঁ।' এই অনুষ্ঠানটো আঁত ধৰে পশ্চিম গুৱাহাটী ছাত্র-সন্থাৰ সভাপতি জিন্টু শৰ্মাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here