বিশ্ব পৰিৱেশ দিৱস ২০২২ত অসম বিজ্ঞান সমিতিৰ অভিনৱ কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 June 2022

বিশ্ব পৰিৱেশ দিৱস ২০২২ত অসম বিজ্ঞান সমিতিৰ অভিনৱ কাৰ্যসূচী

 




w7s news ষ্টাফৰিপোৰ্টাৰ : অসম বিজ্ঞান সমিতিয়ে বিশ্ব পৰিৱেশ দিৱস ২০২২ উপলক্ষ্যে দেওবাৰে অভিনৱ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অসমত প্ৰাকৃতিক ভাবে সৃষ্ট থলুৱা গছ-বনবোৰৰ সংৰক্ষণৰ প্ৰতি জনসাধাৰণক উদ্বুদ্ধ কৰাৰ বাবে অসম বিজ্ঞান সমিতিয়ে অসমৰ বিভিন্ন কিছুমান ক্ষুদ্র অৰণ্য গঢ়ি তোলাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে দেওবাৰে কেন্দ্ৰীয় কাৰ্যালয়ৰ লগতে বিভিন্ন জিলাত থকা সমিতিৰ ৬ টা শাখাই একোখন ক্ষুদ্ৰ অৰণ্য মুকলি কৰাৰ লগতে থলুৱা গছৰ পুলি ৰোপন কৰে।সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ উদ্যোগত খানাপাৰাত থকা অসম বিজ্ঞান সমিতিৰ বিজ্ঞান প্রকল্প চৌহদত এশজোপা থলুৱা গছৰ পুলি ৰোপন কৰা হয়। এই কাৰ্যসূচীৰ আৰম্ভণি কৰে সমিতিৰ সভাপতি ড০ মোহন চন্দ্ৰ কলিতাই। কাৰ্যসূচীত সমিতিৰ প্ৰাক্তন সভাপতি ড. দীনেশ চন্দ্র গোস্বামী, প্রাক্তন কার্যকৰী সভাপতি ড০ অপর্ণা বুজৰবৰুৱা, সমিতিৰ কাৰ্যকৰী সভাপতি ড০ বীৰেশ্বৰ কলিতা, প্ৰাক্তন প্রধান সচিব ক্রমে ড০ শাৰংগ ৰঞ্জন পাটগিৰি, ড০ হিৰণ্য কুমাৰ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ড০ জয়ন্ত কুমাৰ গোস্বামী আৰু ডাঃ কৰবী গোস্বামীকে ধৰি সমিতিৰ ভালেসংখ্যক সদস্যই অংশগ্ৰহণ কৰে।সমিতিয়ে ইয়াৰ প্ৰতিটো শাখাৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, গাওঁসভা, নগৰ সমিতিক নিজ নিজ এলেকাত একোখন ক্ষুদ্ৰ অৰণ্য গঢ়ি তুলি আপুৰুগীয়া গছবনবোৰক সুৰক্ষা দিয়াৰ লগতে নিজ নিজ অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ সজীৱ কৰি ৰখাৰ বাবে আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here