কমলপুৰ সমষ্টিত দুৰ্নীতিত লিপ্ত ৰামানুজন একাডেমীৰ স্বত্বাধিকাৰী মৃদুল শৰ্মাক শিক্ষাৰ লগত জড়িত কৰ্মৰ অৰ্পন কৰাত তীব্ৰ বিৰোধিতা বেচৰকাৰী সংস্থা 'পৰিবেশ'ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 June 2022

কমলপুৰ সমষ্টিত দুৰ্নীতিত লিপ্ত ৰামানুজন একাডেমীৰ স্বত্বাধিকাৰী মৃদুল শৰ্মাক শিক্ষাৰ লগত জড়িত কৰ্মৰ অৰ্পন কৰাত তীব্ৰ বিৰোধিতা বেচৰকাৰী সংস্থা 'পৰিবেশ'ৰ

 




 বিজেপি চৰকাৰক বুঢ়া আঙুলি দেখুৱাই কোটি কোটি টকা উপাৰ্জন কৰাৰ অভিযোগ




W7s news ষ্টাফৰিপোৰ্টাৰ: 

 '৫৬ নং কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ বিধায়ক দিগন্ত কলিতাৰ কৰ্মৰাজি আৰু চিন্তা চৰ্চাই আংশিকভাৱে হলেও  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গৰাকীৰ ভাৱমূৰ্ত্তি স্নান কৰাটো নিশ্চিত ধুৰূপ সত্য।

তেওঁৰ সমষ্টিত শিক্ষাৰ সৈতে জড়িত কৰ্মত এনেকুৱা এজন ব্যক্তিক দায়িত্ব অৰ্পন কৰিছে যিজন ব্যক্তিয়ে বিজেপি চৰকাৰক বুঢ়া আঙুলি দেখুৱাই কোটি কোটি টকা উপাৰ্জন কৰি আহিছে -এই অভিযোগ প্ৰকৃতিপ্ৰেমী বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা পৰিৱেশৰ সভাপতি দৈব্য শক্তি ডেকাৰ। বুধবাৰে পৰিবেশৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-শিক্ষাৰ লগত জড়িত কৰ্মৰ দায়িত্ব অৰ্পন কৰা হৈছে

 বাইহাটা চাৰিআলিস্থিত “ৰামানুজন একাডেমী”ৰ  স্বত্বাধিকাৰী মৃদুল শৰ্মা। অসম চৰকাৰৰ নূন্যতম অনুমতি নথকা 'ৰামানুজন একাডেমী'ৰ স্বত্বাধিকাৰী মৃদুল শৰ্মাক সমষ্টিত শিক্ষাৰ সৈতে জড়িত বিভিন্ন কৰ্মৰ দায়িত্ব অৰ্পন কৰি

অসমৰ  মুখ্যমন্ত্ৰীৰ দুৰ্নীতি মুক্ত শব্দটোক হেয় প্রতিপন্ন কৰিব বিচৰা হৈছে। তেওঁ অবৈধভাবে একাডেমীখন চলাই আছে। তেওঁ এজন দুনীতিগ্ৰস্ত বিষয়া। আমি বিধায়ক দিগন্ত কলিতাক  এনেকুৱা ধৰণৰ ব্যক্তিক শিক্ষাৰ লগত জড়িত দায়িত্ব অৰ্পন কৰি নিজৰ সুনাম বদনামলৈ ৰূপান্তৰিত নকৰিবলৈ অনুৰোধ জনাই এই আবেদন প্ৰেৰণ কৰিলোঁ।

আমি বিচাৰিছোঁ যাতে পুৱ কামৰূপ কলেজৰ অধ্যক্ষ ড০  ভূপেন শৰ্মাৰ দৰে এজন দয়িত্বশীল ব্যক্তিত্বক শিক্ষাৰ লগত জড়িত বিভিন্ন কৰ্মৰ দায়িত্ব অৰ্পন কৰি অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ ৰক্ষা কৰক। অন্যথা অঞ্চলটোৰ অধিকাংশ মেধা সম্পন্ন শিক্ষাৰ্থী নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here