অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 June 2022

অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

 



W7s news গুৱাহাটী :অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীৰ বামুনিমৈদানত গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে এখন ফলক মুকলি কৰি বুধবাৰে এক আধাৰশিলা স্থাপন কৰে।অসমৰ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই,  পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ , ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী 

 ৰামেশ্বৰ তেলী আৰু অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালনা সমিতিৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি ফলক মুকলি কৰে।

ভৱন নিৰ্মাণৰ কাম হ’বলগীয়া মাটিখিনি অসম চৰকাৰে দীৰ্ঘম্যাদী পট্টাৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডক আবণ্টন দিছিল। অইল ইণ্ডিয়া লিমিটেড আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ গুৱাহাটী কাৰ্যালয় স্থাপনৰ প্ৰক্ৰিয়া সঠিকভাৱে আৰম্ভ হৈছে আৰু প্ৰাক-নিৰ্মাণৰ কাম-কাজ বহু পৰিমাণে সম্পূৰ্ণ হৈছে।

যদিও, অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ নাৰেংগীত থকাৰ বাবে ইতিমধ্যে গুৱাহাটীত অইলৰ উপস্থিতি আছে, তথাপি, বামুনিমৈদানত গুৱাহাটী কাৰ্যালয় স্থাপন কৰাৰ ফলত গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডৰ উপস্থিতি আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। একেদৰে একেটা স্থানতে এটা দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰিলে স্থানীয় যুৱক-যুৱতীসকলে বিভিন্ন ব্যৱসায়ত দক্ষতা বিকাশৰ বাবেও যথেষ্ট সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে, আৰু এনেদৰেই কোম্পানীটোৱে গুৱাহাটীৰ আশে-পাশে পৰিচালনা কৰা অন্যান্য দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহৰ উপৰিও যুৱক-যুৱতীসকলক নিয়োগযোগ্য কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here