W7s news ষ্টাফৰিপোৰ্টাৰ: খালচা চেণ্টাৰ নৰ্থ ইষ্টৰ উদ্যোগত সোমবাৰে গুৱাহাটীৰ পদপথৰ দুখীয়া লোক সকলৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰা হয়। শিখ সকলৰ পঞ্চম গুৰু অৰ্জুন দেৱৰ মৃত্যু তিথি উপলক্ষে এই কার্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত খালচা চেণ্টাৰ নৰ্থ ইষ্টৰ অধ্যক্ষ পি পি সিং, উপ-সভাপতি জছবিন্দৰ সিং, সাধাৰণ সম্পাদক ৰাজিন্দৰ সিং, বলজিৎ সিং, বিশান সিং, হৰমিট সিং, সুখবিন্দৰ সিং, ৰাজেশ খান্না, ৰাণী কৌৰ , তাৰবিন্দৰ সিং আদিয়ে অংশগ্ৰহণ কৰে। 'সেৱাই আমাৰ ধৰ্ম' এই নীতি সৰোগত কৰি খালচা চেণ্টাৰ নৰ্থ ইষ্টৈ বিভিন্ন সামাজিক কাম কৰি আহিছে।
No comments:
Post a Comment