এনাজৰী বঁটা-২০২২ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 13 June 2022

এনাজৰী বঁটা-২০২২ ঘোষণা

 


 বিশ্বেশ্বৰ হাজৰিকা, ভৱানী প্রসাদ অধিকাৰী, ইদ্রিছ আলী, ৰিজু হাজৰিকা আৰু ৰাজেন গোহাঁইলৈ এনাজৰী বঁটা




W7s news ষ্টাফৰিপোৰ্টাৰ:  সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'য়ে ২০২২ চনৰ এনাজৰী বঁটা ঘোষণা কৰিছে। 'এনাজৰী'ৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক অলকেশ ৰঞ্জন ভট্টাচাৰ্যই সংবাদ মাধ্যমক কয়-২০২২ বৰ্ষৰ ‘এনাজৰী বঁটা প্ৰাপকসকলৰ নাম সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি অসমীয়া ভাষা-সাহিত্যৰ নীৰৱ সাধক, ভাষাতাত্ত্বিক, বিশিষ্ট শিক্ষাবিদ বিশ্বেশ্বৰ হাজৰিকালৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে।  বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ ভবানী প্রসাদ অধিকাৰীলৈ ‘ত্ৰৈলোক্য নাথ গোস্বামী সোঁৱৰণী এনাজৰী বঁটা', অসমীয়া গল্প-সাহিত্যলৈ আগবঢ়োৱা প্রভূত অৱদানৰ বাবে বিশিষ্ট গল্পকাৰ ৰিজু হাজৰিকালৈ ‘হেমচন্দ্ৰ গোস্বামী সোঁৱৰণী এনাজৰী বঁটা', গীতি সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট গীতিকাৰ ইদ্রিছ আলীলৈ 'হৰিনাথ শৰ্মালৈ সোঁৱৰণী এনাজৰী বঁটা', অসমৰ সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে বিশিষ্ট কণ্ঠশিল্পী ৰাজেন গোহাঁইলৈ ‘ৰতন লহকৰ সোঁৱৰণী এনাজৰী বঁটা', অসমীয়া চলচ্চিত্ৰ তথা মঞ্চ জগতৰ সুদক্ষা অভিনেত্ৰী পূর্ণিমা শ‍ইকীয়ালৈ 'ইন্দ্ৰ বণিয়া সোঁৱৰণী এনাজৰী বঁটা', ধ্রুপদী সংগীতৰ এগৰাকী অক্লান্ত সাধক অনির্বান দাসলৈ ‘চাৰু গোহাঁই সোঁৱৰণী এনাজৰী বঁটা', মিচিং সাহিত্য-সংস্কৃতিৰ নীৰৱ সাধক, চিত্র নাট্যকাৰ ব্ৰজেন কুলিলৈ ‘প্ৰণিত বৰুৱা এনাজৰী বঁটা' আগবঢ়োৱা হৈছে। কন্দর্প মহন্ত (অভিনয় শিল্পী), দীনেশ মেধি (সাহিত্য-সংস্কৃতি সংগঠক), নিৰঞ্জন বায়ন (লোক-সংগীত শিল্পী) আৰু নৰেন্দ্ৰ ৰয় (সুকনান্নী ওজাপালি শিল্পী)লৈ আগবঢ়োৱা হৈছে বিশেষ এনাজৰী বঁটা। আগন্তক ২৪ জুলাইত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত শিল্পী-সাহিত্যিক আৰু প্ৰশাসনীয় বিষয়াৰ সমাহাৰেৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here