গুৱাহাটীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 13 June 2022

গুৱাহাটীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল

 ৰাহুল গান্ধীক ই ডিৰ চমন জাৰিক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা



 বি জে পি চৰকাৰৰ বাধা, আটক কৰি থ'লে বিয়লি পর্যন্ত


কংগ্ৰেছে সত্যৰ পক্ষত মাত মাতোতে ভয় কৰিবলৈ শিকা নাইঃ ভূপেন বৰা





W7s news ষ্টাফৰিপোৰ্টাৰ: বি জে পি চৰকাৰৰ কু-শাসন, দুর্নীতি-ভ্ৰষ্টাচাৰৰ খতিয়ান সাহসেৰে আৰু তথ্য সহকাৰে দেশবাসীৰ আগত ধাৰাবাহিক ৰূপত তুলি ধৰাৰ বাবে অতি নিকৃষ্টতম ৰাজনীতিৰ আশ্ৰয় লৈ চৰকাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নৰেন্দ্ৰ মোদীৰ চৰকাৰে আক্রোশমূলকভাবে এনফ'চমেণ্ট ডাইৰ্কেটাৰ্টেৰ চমন দি মতাই নিয়াৰ প্ৰতিবাদত সোমবাৰে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত কেইবাশও নেতা কর্মীয়ে প্রতিবাদ সাব্যস্ত কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ নেতৃত্বত ৰাজীৱ ভৱনৰ পৰা হাতে হাতে প্লে'কাৰ্ড আৰু কংগ্ৰেছৰ পতাকা লৈ কেইবাশও কংগ্ৰেছ নেতা-কর্মীয়ে প্রতিবাদী সমদল বাহিৰ কৰিছিল যদিও ভয়ার্ত ৰাজ্য চৰকাৰে বিশাল পুলিচ বেষ্টনী গঢ়ি শান্তিপূর্ণ প্রতিবাদী সকলক ঠাইতে আটক কৰি চছলৰ ৰাজহুৱা ধৰ্ণাস্থলীলৈ লৈ গৈ বিয়লিলৈকে বন্দী কৰি ৰাখে।

শান্তিপূৰ্ণ আৰু সম্পূর্ণ গণতান্ত্রিক এটা প্রতিবাদী সমদল বাহিৰ কৰাৰ অধিকাৰো বি জে পি চৰকাৰৰ আমোলত নস্যাৎ কৰা কাৰ্যক ধিক্কাৰ দিয়ে আৰু ইয়ে শাসনাধিষ্ঠিত বি জে পি চৰকাৰৰ অগণতান্ত্ৰিক চৰিত্ৰক প্ৰকাশ কৰিলে বুলি অভিহিত কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ স্পষ্টবাদিতাত ভীতিগ্ৰস্ত হৈ আৰু বি জে পি চৰকাৰৰ অনীতি-কেলেংকাৰীৰ বিৰুদ্ধে দেশৰ ৰাইজক সংগঠিত কৰা কংগ্ৰেছ দলৰ পদক্ষেপত শংকিত হৈ এতিয়া নৰেন্দ্ৰ মোদীৰ চৰকাৰে সম্পূৰ্ণ পৰিকল্পিতভাবে কংগ্ৰেছ দল আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ষড়যন্ত্র আৰম্ভ কৰি দিছে। আজি আটক হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সাংবাদিকৰ আগত কয় যে বি জে পি চৰকাৰৰ জনবিৰোধী নীতি, সীমাহীন দুৰ্নীতিৰ অধ্যায়বোৰ এটাৰ পিছত এটাকৈ কংগ্ৰেছ দল আৰু দলৰ নেতাসকলে উন্মোচিত কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ। এনফচর্মেণ্ট ডাইৰেক্টৰ্টে (ই ডি) বা চি বি আইৰ ভয় দেখুৱাই যদি নৰেন্দ্ৰ মোদীৰ চৰকাৰে কংগ্ৰেছক নির্বাক কৰিব পাৰিব বুলি ভাবিছে তেন্তে তেওঁলোকে মাৰাত্মক ভুৱা সপোন দেখিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্রোশমূলকভাবে ই ডিৰ দ্বাৰা তলৱ কৰা কাৰ্যই সমগ্ৰ কংগ্ৰেছ পৰিয়ালক বি জে পিৰ বিৰুদ্ধে যুঁজিবলৈ দুগুণে সাহস আৰু প্ৰেৰণা দিলে বুলি বৰাই কয়। ইফালে, বিৰোধী দলপতি দেবব্ৰত শ‍ইকীয়াই ভয় ভাবুকি দেখুৱাই সত্যক ভেটিব খোজা বি জে পিৰ প্ৰৱণতাক হাস্যকৰ বুলি আখ্যা দি কংগ্ৰেছ দল ৰাইজৰ প্ৰতিহে সদায় দায়বদ্ধ বুলি কয়। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, সাংসদ আব্দুল খালেক, প্রাক্তন সাংসদ দ্বিজেন শর্মা, দলৰ কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ, বিধায়ক বসন্ত দাস, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক নুৰুল হুদা, বিধায়ক প্রদীপ সৰকাৰ, বিধায়ক ডঃ আছিক নাজাৰ, বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, দলৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচার্য, প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী, কংগ্ৰেছ নেত্রী ব’জলিনা তিকী, প্রদেশ কংগ্ৰেছৰ কেইবাগৰাকীও সাধাৰণ সম্পাদক, সম্পাদক আৰু ৰাজ্যিক কৰ্মকৰ্তাৰ উপৰি মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেবাদল আৰু এন এছ ইউ আইৰ ৰাজ্যিক নেতৃত্ব তথা কর্মকর্তাসকলে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here