শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা, ২০২২ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 June 2022

শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা, ২০২২ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান

 


  


W7s news গুৱাহাটী :সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন সমূহৰ  ৫ জন শিক্ষাৰ্থীয়ে  শীৰ্ষ দহটা স্থানৰ ভিতৰত  স্থান লাভ কৰি এক চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । প্রাপ্ত ফলাফল অনুসৰি শীৰ্ষ দহটা স্থানৰ ভিতৰত নৱম স্থানত বিদিশা নাথ, শংকৰদেৱ শিশু নিকেতন, চৰাইবাহী; দশম স্থানত ক্রমে কৌক্তৱজ্যোতি নাথ, শংকৰদেৱ বিদ্যা নিকেতন, মৰিগাঁও; দিব্যজ্যোতি লহকৰ, শংকৰদেৱ শিশু নিকেতন আৰু দেবেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতন, নলবাৰী; ধৃতিস্মিতা ডেকা, শংকৰদেৱ শিশু নিকেতন আৰু দেবেন্দ্র চন্দ্রপ্রভা বিদ্যা নিকেতন, নলবাৰী আৰু অনুৰাগ বৰা, শংকৰদেৱ শিশু নিকেতন, বনগাঁও, মাজুলীৰ এই সকল ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰে। তাৰোপৰি ডিষ্টিংছন ১০৮৬ জন, ষ্টাৰ নম্বৰ লাভ কৰে ১৩৭৪ জনে। আগন্তক ১৩ জুনত পূৱা ১০:৩০ বজাৰ পৰা গুৱাহাটীৰ দিছপুৰস্হিত গড়কাপ্তানি বিভাগৰ  প্ৰেক্ষাগৃহত শিশু শিক্ষা সমিতি, অসমৰ তৰফৰ পৰা এই মেধাৱী ছাত্ৰ- ছাত্ৰীসকলক যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা, ২০২২ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে এশ শতাংশ উৰ্ত্তীণ হোৱা শিশু  শিক্ষা সমিতিৰ অন্তৰ্গত নিকেতন সমুহৰ প্ৰধান আচাৰ্য - আচাৰ্যা সকলকো অভিনন্দন  তথা সম্বৰ্ধনা  জনোৱা হ'ব বুলি শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰা,  মুকুটেশ্বৰ গোস্বামী আৰু শান্তিৰাম ঠাকুৰীয়াই সংবাদ মাধ্যমক  অৱগত কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here