যোগ আৰু মেডিটেচনৰ তিনি দিনীয়া কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 June 2022

যোগ আৰু মেডিটেচনৰ তিনি দিনীয়া কৰ্মশালা

 





W7s news গুৱাহাটী: দিশপুৰ মহাবিদ্যালয়ৰ অন্তৰ্গত যোগ আৰু মেডিটেচন কোষ তথা এন এছ এছ, দিশপুৰ শাখাৰ সহযোগত মহাবিদ্যালয় প্ৰাঙ্গণত তিনিদিনীয়া যোগ আৰু মেডিটেচনৰ ৬, ৭ আৰু ৯জুনত এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত  গুৱাহাটীৰ শিলপুখুৰীস্হিত সিদ্ধি যোগ কেন্দ্রৰ প্ৰশিক্ষক পাৰিজাত লহকৰ আৰু অনিল হাজৰিকাই প্ৰশিক্ষাৰ্থী সকলক প্ৰাণায়ম, ক্ৰিয়া, আৰু যোগৰ বিভিন্ন আসনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান  কৰে। মহাবিদ্যালয়ৰ ৰাষ্টীয় শিক্ষা ৰ্থী  বাহিনীৰ ( এন চি চি) কেডেট, ৰাষ্ট্ৰীয় সেৱা আচনিৰ(এন এছ এছ )  সদস্য সহিতে শিক্ষক -শিক্ষয়িত্ৰী আৰু ছাত্ৰ -ছাত্ৰী সকলে এই কর্মশালাত অংশ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ সফল সামৰণিৰ অন্তত শ্ৰেষ্ঠ যোগাসন প্ৰদৰ্শনকাৰী প্ৰশিক্ষাৰ্থীক যোগ আৰু মেডিটেচন কোষৰ তত্বাৱধায়িকা ডঃ মৌচুমী দেৱী  আৰু ছাত্ৰ কল্যাণ বিষয়া ডঃ হিমাংশু কলিতা আৰু অধ্যাপিকা শবনম ইয়াচমিনে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰেৰে পুৰস্কৃত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here