আন্ত:ৰাষ্ট্ৰীয় যোগ দিবসৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 June 2022

আন্ত:ৰাষ্ট্ৰীয় যোগ দিবসৰ আয়োজন

 




W7s news ষ্টাফৰিপোৰ্টাৰ : ৰাষ্ট্ৰৰ নৰেন্দ্ৰ মোডীৰ সদিচ্ছা আৰু বিশ্ববন্দিত যোগগুৰু স্বামী ৰামদেৱ তথা আন যোগগুৰুসকলৰ আগ্ৰহত যোগক আন্ত:ৰাষ্ট্ৰীয় সম্প্রদায়ে স্বীকৃতি প্ৰদান কৰিছে। ২০১৫ চনৰ পৰা ২১ জুনৰ দিনটোত আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে। এই বছৰ অষ্টম বৰ্ষত অভেয় স্বামী ৰামদেবৰ আগ্ৰহ মৰ্মে আৰু প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী উৎসব, আজাদী কী অমৃত মহোত্র উপলক্ষে ৭৫ টা ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ স্থানত যোগ দিবস পালন কৰিবলৈ পতঞ্জলি যোগপীঠক ভাৰত চৰকাৰে নিৰ্দেশ দিছে। সেই মৰ্মে ৰাজ্য চৰকাৰসমূহলৈ আয়ুষ মন্ত্ৰণালয়ৰ তৰফৰ পৰা যাবতীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে। উল্লেখ্য, অসমবাসীৰ বাবে সৌভাগ্যৰ কথা যে এই ৭৫ টা স্থানৰ ভিতৰত অসমৰ চাৰি ঠাইত এই বৰ্ষৰ যোগ দিৱস পতঞ্জলি যোগপীঠৰ দ্বাৰা আয়োজন কৰা হ'ব। এই স্থান কেইটা হৈছে গুৱাহাটীৰ মা কামাখ্যা ধাম, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বৰদোৱা, মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু ড° ভূপেন হাজৰিকা সেতু। ইতিমধ্যে অসম চৰকাৰৰ পৰা যাবতীয় সঁহাৰি লাভ কৰা হৈছে। চৰকাৰৰ সম্পূর্ণ সহযোগ আৰু পৃষ্ঠপোষকতাত এই দিবস উদ্‌যাপন কৰা হ'ব। অন্যান্য যোগৰ সংগঠনসমূহেও আমাক ইতিবাচক সহযোগিতাৰ আশ্বাস দিছে।

উপৰোক্ত মূল চাৰিটা স্থানৰ উপৰিও প্ৰত্যেক জিলা, মহকুমা, গাঁও আৰু যোগ শিবিৰ সমূহত মহা আৰম্বড়েৰে এইবেলি যোগ দিৱস আয়োজন কৰিবলৈ পতঙুলিৰ পৰিয়ালৰ তৰফৰ পৰা তৎপৰতা গ্রহণ কৰা হৈছে। যিহেতু ক'ভিডকালীন  পৰিস্থিতিৰ পাছত চৰকাৰী বাধা নিষেধ শিথিল কৰা হৈছে সেয়ে ৰাইজে যোগ দিৱসৰ সাধাৰণ অভ্যাসক্রম ইতিমধ্যে আখৰা কৰি আছে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত পতঞ্জলি যোগ সমিতিৰ সভাপতি বিকাশ গোস্বামী আৰু যুৱ ভাৰতৰ জ্যোতিময় শ‍ইকীয়াই এই কথা সদৰী কৰে। তেওঁলোকে লগতে কয় যে-সদ্যসমাপ্ত খেল' ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে যোগাসন খেল হিচাপে অন্তর্ভুক্ত হয়। ভাৰতৰ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদিচ্ছা আৰু যোগগুৰু ৰামদেৱৰ তৎপৰতাত ভাৰতৰ যোগৰ সৈতে জড়িত সকলো সংস্থাক একেখন মঞ্চত সমবেত কৰোৱা হয়। সকলো সংগঠনক লৈ ৰাষ্ট্ৰীয় যোগাসন ক্রীড়া মহাসংঘ  গঠন কৰি খেল মন্ত্ৰণালয়ৰ দ্বাৰা অনুমোদন জনোৱা হয়। ভাৰতীয় অলিম্পিক সন্থাই সহযোগী সদস্য হিচাপে ইয়াক মান্যতা প্ৰদান কৰে। মহাসংঘই অসমত বিকাশ গোস্বামীক সভাপতি আৰু জ্যোতিৰ্ময় শ‍ইকীয়াক সম্পাদক হিচাপে লৈ ২০ জনীয়া শাখা সমিতি গঠন কৰে। এ ৱাই এছ এ

-ৰ দ্বাৰা আয়োজিত প্রতিযোগিতাত অংশ গ্ৰহণ কৰি গুৱাহাটীৰ সুমিত দেই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত খেলিবলৈ সুযোগ লাভ কৰে। এন ৱাই এছ ই ৰ দ্বাৰা উৰিষ্যা চৰকাৰৰ সহযোগত ভুৱনেশ্বৰত আয়োজিত ৰাষ্ট্ৰীয় চেম্পিয়শ্বিপত প্রতিদ্বন্দ্বিতা কৰি সুমিত খেল' ইণ্ডিয়াত খেলিবলৈ উত্তীৰ্ণ হয়। তেওঁ  ৫, ৬ জুনত হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত খেল' ইণ্ডিয়াৰ যোগাসন ক্রীড়া বিভাগত প্রতিদ্বন্দ্বিতা আগবঢ়াই দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন কৰে।সুমিত দেই অসমৰ হৈ খেল' ইণ্ডিয়াৰ যোগাসন ক্রীড়াত অংশ গ্ৰহণ কৰা প্ৰথম খেলুৱৈ আৰু পদক অর্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰে। অসম যোগাসন ক্রীড়া সন্থাৰ পৰা অসীম বৰুৱা খেল' ইণ্ডিয়াৰ যোগাসন ক্রীড়াত অসমৰ প্ৰথমজন বিচাৰক হিচাপে অংশ লৈ ইতিহাস স্থাপন কৰে। দুয়োজনকে সন্থাই অভিনন্দন জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here