গুৱাহাটীৰ চিকিৎসকৰ দ্বাৰা ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ বিৰল ৰ'বটিক অস্ত্ৰোপচাৰ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 17 June 2022

গুৱাহাটীৰ চিকিৎসকৰ দ্বাৰা ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ বিৰল ৰ'বটিক অস্ত্ৰোপচাৰ সম্পন্ন

 




W7s news ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটীৰ আগশাৰীৰ লেপাৰ 'স্ক'পিক, বেৰিয়াট্রিক আৰু ৰ'বটিক ছাৰ্জন ডাঃ সুভাষ খান্নাই ৰ'বটিক ছাৰ্জাৰীৰ জৰিয়তে এটা ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা এটা স্পেনিক চিষ্ট ১৬ জুনত আঁতৰাবলৈ সক্ষম হয়। এই জটিল তথা বিৰল অস্ত্ৰোপচাৰত চিকিৎসকগৰাকীয়ে ৰোগীগৰাকীৰ প্লীহা সুৰক্ষিত ৰাখিবলৈ সক্ষম হয়। শিশু বা কিশোৰৰ ক্ষেত্ৰত এনেধৰণৰ বৃহৎ স্পেনিক চিষ্ট বিৰল। ৰিহান নামৰ এই ৰোগীগৰাকীয়ে প্রায় ৩ মাহ ধৰি পেটৰ বিষ আৰু বমিৰ সমস্যাত ভুগি আছিল। প্রথম পৰ্যায়ত এখন ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিছিল যদিও সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱাত স্বাগত ছুপাৰস্পেচিয়েলিটি ছার্জিকেল ইনষ্টিটিউট এণ্ড এন এইচ, মালিগাঁৱৰ ছাৰ্জিকেল বিভাগৰ চিকিৎসক ডাঃ সুভাষ খান্নাৰ কাষ চাপে। চিকিৎসালয়ত পৰীক্ষা কৰাৰ পাচত তেওঁৰ শৰীৰত এই স্পেনিক হিলাৰ চিষ্ট ধৰা পৰে। প্লীহা এটা যথেষ্ট গুৰুত্বপূৰ্ণ অংগ হোৱা বাবে এই অস্ত্ৰোপচাৰ আছিল যথেষ্ট প্ৰত্যাহ্বানজনক। ডাঃ খান্নাৰ মতে এই অংশত বহুতো ধমনী থকাৰ বাবে অস্ত্ৰোপচাৰত ৰক্তক্ষৰণৰ আশংকা যথেষ্ট থাকে। ৰ’বটিক ছাৰ্জাৰী ব্যৱস্থাত সাধাৰণ অস্ত্ৰোপচাৰৰ তুলনাত কম ক্ষতি হোৱাৰ লগতে ৰোগীগৰাকী সোনকালে সুস্থ হৈ উঠে আৰু অস্ত্ৰোপচাৰত তেওঁ সামান্য কষ্টহে অনুভৱ কৰে। এই অস্ত্ৰোপচাৰ পদ্ধতি যথেষ্ট নিখুঁত হোৱা বাবে ইয়াত ভুলৰ আশংকাও প্রায় নাথাকে। অস্ত্ৰোপচাৰ সম্পন্ন কৰা ডাঃ খান্নাৰ দলটোত আছিল – ডাঃ এছ চৌধুৰী, ডাঃ বিশ্বজ্যোতি ৰাভা, সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ কণিকা দাস। তেওঁলোকক সহযোগিতা আগবঢ়াইছিল ৰ’বটিক স্কার্ব নাৰ্ছ ক্রমে বিদ্যা আলৱানিছা আৰু লিপিকাই। উল্লেখ্য,  স্বাগত এছ এছ এছ আই এণ্ড এন এইচত এইবাৰেই প্ৰথমবাৰলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ৰ’বটিক পদ্ধতিৰে এনে বৃহৎ স্পেনিক চিষ্টৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ল। 'ভাৰ্ছিয়াছ' নামৰ ৰ'বটেৰে ১৩ বছৰীয়া কিশোৰটিৰ শৰীৰৰ পৰা আঁতৰোৱা এইটোৱেই হৈছে বৃহৎ স্পেনিক চিষ্ট আঁতৰোৱাৰ প্ৰথমটো অস্ত্ৰোপচাৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here