বানাক্রান্তক পর্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণ দিয়াৰ লগতে অগ্নিপথ আঁচনি বাতিলৰ দাবীত ছয় যুৱ আৰু ছাত্ৰ সংগঠনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 June 2022

বানাক্রান্তক পর্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণ দিয়াৰ লগতে অগ্নিপথ আঁচনি বাতিলৰ দাবীত ছয় যুৱ আৰু ছাত্ৰ সংগঠনৰ

 




 মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্রেৰণ





W7s news ষ্টাফৰিপোৰ্টাৰ: বানাক্রান্তক পর্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণ দিয়াৰ লগতে অগ্নিপথ আঁচনি বাতিলৰ দাবী জনাইছে ছয় যুৱ আৰু ছাত্ৰ সংগঠনে। বুধবাৰে গুৱাহাটী ক্লাৱস্থিত চন্দ্ৰ প্ৰভা শইকীয়ানী ভৱনত ছয়টা যুৱ আৰু ছাত্ৰ সংগঠন উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই দাবী উত্থাপন কৰা হয়। সংবাদ মেলত ডি বাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰিতু ৰঞ্জন দাসে কয়- আমি  ছয়টা যুৱ আৰু ছাত্ৰ সংগঠনে প্রবল বৰষুণৰ ফলত সৃষ্ট ৰাজ্যখনৰ লগতে গুৱাহাটী চহৰৰ বানাক্ৰান্তই ভুগি থকা জ্বলন্ত সমস্যা সম্পৰ্কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ  দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ৰাজ্যখনত হোৱা প্ৰবল বানত এতিয়ালৈ ১৩১ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৬,১৬৮ টা ঘৰ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৭৩ লাখ লোক বানত আক্ৰান্ত হৈছে। ভয়াবহ ভূমিস্খলনৰ ফলত ডিমা হাছাও জিলাতো বিস্তৰ ক্ষতি সাধন হৈছে। গোটেই ৰাজ্যত খেতি-বাতি আৰু সা-সম্পত্তিৰ ক্ষতিৰ পৰিমাণ অপৰিসীম। এতিয়া বানৰ প্ৰকোপ কিছু কমিছে যদিও বানৰ পৰৱৰ্তী পৰিস্থিতি জটিল হৈ পৰিছে। আমি সংগঠনসমূহে এটা কথা লক্ষ্য কৰিছো যে প্ৰতি বছৰে অসমত বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰে। কিন্তু পূৰ্বৰ বছৰৰ দৰে এই বাৰৰ বানৰ ক্ষেত্ৰতো আপোনাৰ চৰকাৰ আৰু প্ৰশাসনৰ কোনো প্রস্তুতি নাছিল আৰু সম্পূর্ণ ব্যর্থ। আনকি বহু ঠাইত এটুপি কেৰাচিন অথবা এডাল মম আৰু এবটল খোৱা পানী দিবলৈও ব্যৰ্থ হৈছে। অসম চৰকাৰৰ মেনুৱেল অনুসৰি বানপীড়িতক যি সাহায্য দিব লাগে সেয়া কোনো এটা শিৱিৰতে দিয়া পৰিলক্ষিত নহ'ল। পশু-পক্ষীৰ বাবে সাহায্য দিয়াৰ কথাটো সুদূৰপৰাহত হৈ থাকিল। এইবাৰ বানত নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকা বহুত বেছি ক্ষতিগ্ৰস্ত হৈছে। নামনি অসমৰ বানত ভূটানৰ বান্ধৰ পানী আৰু মধ্য অসমত কাৰ্বি লাংপি বান্ধৰ এৰি দিয়া পানীয়ে বিস্তৰ ক্ষতি কৰিছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অলপ উদ্যোগ লোৱা হ'লেই ক্ষয়ক্ষতিৰ পৰিমাণ বহু কম কৰিব পৰা গ'লহেতেন। এই প্রেক্ষাপটতে আমি ডি বাই এফ আই, এ আই বাই এফ, এ আই ডি বাই অ, এছ এফ আই, এ আই এছ এ আৰু এ আই ডি এছ অ, এ আই এছ এফয়ে বানপীড়িতক পর্যাপ্ত সাহায্য আৰু উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ। লগতে  আটাইকেইটা সংগঠনে যুৱক-যুৱতীৰ স্বাৰ্থৰ পৰিপন্থী আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি বিপদজনক সেনা বাহিনীত ঠিকাভিত্তিক নিযুক্তি আঁচনি 'অগ্নিপথ' বাতিল কৰাৰ সম্পৰ্কতো মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ।আমি লগতে অতি শীঘ্ৰে বানত মৃত্যু হোৱা নিকট আত্মীয় লোক সকলক ১০ লাখ টকা সাহায্য প্রদান কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনোৱাৰ লগতে বানপীড়িতৰ ঘৰ-দুৱাৰ চাফ চিকুন কৰাৰ বাবে ব্যৱস্থা লওক আৰু ফেনাইল, ব্লিচিং পাউদাৰ, চাবোন আদি যোগান ধৰা, বানপীড়িতক বিনামূলীয়াকৈ তিনিমাহৰ খাদ্য সমগ্ৰী যোগান ধৰা,বানপীড়িত প্ৰতিটো পৰিয়ালক তাৎক্ষণিকভাৱে ৫০ হাজাৰ টকাৰ সাহায্য দিয়া, অসম চৰকাৰে মেনুৱেল অনুসৰি ঘৰ-বাৰী, খেতি, পশুধনৰ ক্ষতিপুৰণ দিয়া,ৰাস্তা-ঘাট আৰু ভগ্ন মথাউৰিৰ শীঘ্ৰে মেৰামতি কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ কৰা,বানপীড়িত অঞ্চললৈ শীঘ্ৰে চিকিৎসকৰ দল পঠিওৱাৰ ব্যৱস্থা কৰা,মৎস্যপালক, হাঁহ-কুকুৰা পালক, গাহৰি পালক, গৰু-ছাগলী পালকক উপযুক্ত ক্ষতিপূৰ্ণ দিয়াৰ ব্যৱস্থা কৰা,যুৱক-যুৱতীৰ স্বাৰ্থৰ পৰিপন্থী আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি বিপদজনক অগ্নিপথ আঁচনি বাতিলৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়া,

 গুৱাহাটীৰ কৃত্ৰিম বানপানী প্ৰতিৰোধ কৰাৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা দাবী উত্থাপন কৰিছোঁ।'

আমি বুধবাৰে কামৰূপ (ম)জিলা উপায়ুক্তকৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ।' সংবাদ মেলত এ আই এছ এ ৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ, এছ এফ আইৰ ৰাজ্যিক সভাপতি প্ৰতুল বৰ্মন, এ আই ৱাই এফৰ ৰাজ্যিক সভাপতি কৃষ্ণ গগৈ, এ আই ডি ৱাই অ' ৰ উপ সভাপতি জিতেন্দ্ৰ চলিহা, এ আই ডি এছ অ' ৰ

ৰাজ্যিক উপ- সভাপতি মুনিন্দ্ৰ  দলে,  ডি ৱাই এফ আইৰ ৰাজ্যিক সভাপতি ৰুস্তম আলি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here