W7s news ষ্টাফৰিপোৰ্টাৰ : ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুবছৰৰ বিৰতিৰ পাছত এইবাৰ গুৱাহাটী জগন্নাথ ৰথযাত্ৰা অনুষ্ঠিত হ'ব। বুধবাৰে ইস্কন উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ইস্কন গুৱাহাটীৰ ভক্ত গজেন্দ্ৰ নাথ খাউণ্ডে । তেওঁ লগতে কয়-পহিলা জুলাইত বিয়লি ২.৩০ বজাত গুৱাহাটীৰ উলুবাৰী ভল্ভ পইণ্টত গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা ২০২২ অনুষ্ঠিত হ'ব। উক্ত স্থানতে ৰথ যাত্ৰাৰ আৰম্ভণিতে এখন সভা অনুষ্ঠিত হ'ব। সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য,সাহিত্যিক, সাংবাদিক অপূৰ্ব অধিকাৰী, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আদি উপস্থিত থাকিব। এই ৰথ যাত্ৰা জি এছ ৰোড হৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পত সামৰণি পৰিব। ৯ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ৰথযাত্ৰাত ২ জুলাইৰ পৰা ৮ জুলাইলৈ সন্ধিয়া ৬.৪৫ বজাৰ পৰা নিশা ৯ বজালৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পত জগন্নাথৰ লীলা কথা, ভাগৱতৰ ব্যাখ্যা, বিভিন্ন বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে ৯ জুলাইত কটন বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা ওল্টা ৰথ যাত্ৰা অনুষ্ঠিত হ'ব আৰু উলুবাৰী ভল্ভ পইণ্টত সামৰণি পৰিব। এইবাৰ 'বিশ্ব শান্তি আৰু একতা' বিষয়লৈ ৰথযাত্ৰা অনুষ্ঠিত হ'ব। এইবাৰৰ ৰথযাত্ৰাত প্ৰায় ১০ ৰ পৰা ১২ হাজাৰ লোকৰ সমাগম হ'ব বুলি আশা কৰিলোঁ।'
সংবাদ মেলত ইস্কনৰ ভক্ত মহাপ্ৰভূ চৈতন্য, অধ্যাপক ড০ নৃপাংক শইকীয়া, ইস্কন গুৱাহাটীৰ ভক্ত জীৱানন্দ নিতাই দাস, সুদৰ্শন দাস উপস্থিত থাকি এই ৰথযাত্ৰাত সকলোৰে উপস্থিতি কামনা কৰে।
No comments:
Post a Comment