আৰ্ট অফ লিভিঙৰ উত্তৰ-পূৱ শীৰ্ষ সমিতি আৰু মিডিয়াহাইপৰ সৌজন্যত মিডিয়াৰ ফ্ৰন্টলাইন কৰ্মীসকলক ইমিউনিটি কিটৰ বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 4 June 2022

আৰ্ট অফ লিভিঙৰ উত্তৰ-পূৱ শীৰ্ষ সমিতি আৰু মিডিয়াহাইপৰ সৌজন্যত মিডিয়াৰ ফ্ৰন্টলাইন কৰ্মীসকলক ইমিউনিটি কিটৰ বিতৰণ

 




W7s news ষ্টাফৰিপোৰ্টাৰ: শ্ৰীশ্ৰীৰবিশঙ্কৰে প্ৰতিষ্ঠা কৰা আৰ্ট অফ লিভিঙে এক আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা হিচাপে যোৱা ৪০ বছৰ ধৰি বহুমুখী খণ্ডত কাম কৰি আহিছে আৰু সম্প্ৰতি এই সংস্থাই প্ৰায় ৪৫ কোটি লোকক সামৰি বিশ্বৰ ১৫৬ খন দেশত প্ৰসাৰ লাভ কৰিছে। ১৯৮১ চনত শ্ৰীশ্ৰী ৰবিশঙ্কৰে এক আন্তঃৰাষ্ট্ৰীয়,সেচ্ছাসেৱী, শৈক্ষিক আৰু মানৱীয় সংস্থা হিচাপে আৰ্ট অফ লিভিঙৰ প্ৰতিষ্ঠাপনা কৰে। আৰ্ট অফ লিভিঙৰ বিভিন্ন শৈক্ষিক, মানৱীয় প্ৰমূল্যবোধ আৰু ব্যক্তিগত উত্কৰ্ষ সাধনৰ বাবে কৰি অহা প্ৰচেষ্টাসমূহ সমগ্ৰ বিশ্বজুৰি সমাজৰ সকলো স্তৰতে ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। ১৯৯৭ চনত তেওঁ বহনক্ষম উন্নয়ন প্ৰকল্পৰ ৰূপায়ণ, মানৱীয় মূল্যবোধৰ উত্কৰ্ষ সাধন কৰা আৰু জীৱন-ধাৰণৰ কলাৰ সৈতে জড়িত সংঘাত সমাধানৰ বাবে ইণ্টাৰনেচনেল এছ'চিয়েচন ফৰ হিউমেন ভেল্যুজ (আই.এ.এইচ.ভি) প্ৰতিষ্ঠা কৰে। ভাৰত, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত ভগ্নী সংগঠন দুটাৰ স্বেচ্ছাসেৱকে গ্ৰাম্য সম্প্ৰদায়ত বহনক্ষম উন্নয়নৰ বাবে নেতৃত্ব দি আহিছে আৰু  ইতিমধ্যে ৭০ হাজাৰ গাঁও সামৰি লৈছে। আৰ্ট অফ লিভিঙে “এক বিশ্ব পৰিয়াল” আৰু “প্ৰেমেহে বিশ্বক পৰিচালনা কৰে” দৃষ্টিভংগীৰে কাম কৰি আহিছে।আৰ্ট অফ লিভিঙৰ সেৱা প্ৰদানকাৰী সংস্থা ইণ্টাৰনেচনেল এছ'চিয়েচন ফৰ হিউমেন ভেল্যুজ (আই.এ.এইচ.ভি)য়ে সমগ্ৰ ভাৰতবৰ্ষতে কভিড-১৯ মহামাৰীৰ সময়ত ফ্ৰণ্টলাইন কৰ্মী হিচাপে সেৱা আগবঢ়োৱা লোকসকল বিশেষকৈ আৰক্ষী, চিকিৎসক তথা সংবাদ মাধ্যমৰ লগত জড়িত সকলক মহামাৰী আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ স্বাস্থ্য আৰু প্ৰতিৰোধ ক্ষমতাৰ উন্নতি সাধনৰ বাবে বিনামূলীয়াকৈ ইমিউনিটি কিট বিতৰণৰ এক সামগ্ৰিক পদক্ষেপ গ্ৰহণ কৰি আহিছে। উল্লেখযোগ্য যে, শক্তিশালী আয়ুৰ্বেদিক পৰিপূৰক যেনে হালধি, গিলয় অম্ৰুথ, কবাছুৰা কুডিনিয়াৰ (হাওঁফাওঁৰ শক্তিবৰ্ধক) আৰু শক্তি ড্ৰপ সমন্বিত ইমিউনিটি কিটসমূহ ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতি-প্ৰাপ্ত।


    আৰ্ট অফ লিভিঙৰ উত্তৰ পূৱ শীৰ্ষ সমিতিৰ দ্বাৰা আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত ইমিউনিটি কিট বিতৰণৰ কাৰ্যসূচীত স্বাস্থ্যসন্মত জীৱনশৈলীৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰাৰ লগতে ১৪০ টা ইমিউনিটি কিট সংবাদ মাধ্যমৰ কৰ্মীসকলৰ মাজত বিতৰণ কৰা হয়। আৰ্ট অফ লিভিঙৰ উত্তৰ পূৱ শীৰ্ষ সমিতিৰ সদস্য ক্ৰমে সোণমাই বৰুৱা, অজয় ভট্টাচাৰ্য, যামিনী বৰগোহাঁই, মধুচন্দ্ৰা ভট্টাচাৰ্য আৰু কাৰ্যালয় প্ৰশাসক কুৱলী কলিতাৰ লগতে এই কাৰ্যসূচীত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষ, মনোজ কুমাৰ নাথ ( সভাপতি গুৱাহাটী প্ৰেছ ক্লাৱ), চিন্ময় ৰয় (সভাপতি, ফটো সাংবাদিক সন্থা,  অসম ) ৰেব' বৰা (সম্পাদক ফটো সাংবাদিক সন্থা অসম), মানসজ্যোতি গগৈ (শাখা প্ৰমুখ, টাইমছ অৱ ইণ্ডিয়া আছাম নৰ্থ ইষ্ট, মৌচুমী শৰ্মা বৰুৱা (উপাধক্ষ্য, গুৱাহাটী প্ৰেছ ক্লাৱ), উজ্জল বৰা (জ্যেষ্ঠ সাংবাদিক তথা সঞ্চালক প্ৰধান মিডিয়াহাইপ)।আৰ্ট অৱ লিভিঙৰ সামাজিক আৰু মানৱীয় পদক্ষেপৰ অংশ হিচাপে ইয়াৰ উত্তৰ-পূৱ শীৰ্ষ সমিতিয়ে শেহতীয়াকৈ গীতানগৰ আৰক্ষী থানাত ৭২টা আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ বিষয়া কৰ্মচাৰীসকলৰ মাজত ১৪৪টা ইমিউনিটি কিট বিতৰণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here