বিএনআই গুৱাহাটী আৰু গ্ৰেটাৰ অসমৰ উদ্যোগত ‘বিজ কানেক্ট' অনুষ্ঠান - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 4 June 2022

demo-image

বিএনআই গুৱাহাটী আৰু গ্ৰেটাৰ অসমৰ উদ্যোগত ‘বিজ কানেক্ট' অনুষ্ঠান

Responsive Ads Here

 

IMG-20220605-WA0022

W7s news গুৱাহাটী ঃ ক’ভিড-১৯ মহামাৰীৰ ফলত বিগত দুবছৰ ধৰি স্থগিত হৈ থকা অনুষ্ঠানটোৰ জৰিয়তে ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে আজি বিএনআই গুৱাহাটী আৰু গ্ৰেটাৰ অসমৰ উদ্যোগত অনুষ্ঠিতহয় বিজ কানেক্ট শীর্ষক অনুষ্ঠান। এ টি ৰোডৰ হোটেল বিশ্বৰত্নত অনুষ্ঠিত এই বিজ কানেক্ট অনুষ্ঠানত তিনিচুকীয়া, যোৰহাটকে আদি কৰি বিভিন্ন জিলাৰ যুৱ-উদ্যমী ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰি ভাষণ প্ৰসংগত বিএনআই গুৱাহাটী আৰু গ্ৰেটাৰ অসমৰ কার্যবাহী সঞ্চালক সিদ্ধাৰ্থ গাৰোদিয়াই কয় যে বৰ্তমান সময়ত ব্যৱসায়ৰ অৱস্থা কাৰো পৰা লুকাই থকা নাই। এনে পৰিস্থিতিত যদি আমি ইজনে-সিজনক সহায় নকৰোঁ, তেন্তে অনাগত সময়ত কেৱল আমাৰ ব্যৱসায়েই নহয়, আমাৰ সৈতে জড়িত হাজাৰ হাজাৰ লাখ কৰ্মচাৰীয়েও তেওঁলোকৰ জীৱিকা চলাবলৈ এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। এনে পৰিস্থিতিত বিএনআই বিজ কানেক্টৰ জৰিয়তে ব্যৱসায়ীসকলে কেনেদৰে ১-২-১ অধিৱেশনৰ সৈতে ইজনে সিজনক লগ কৰিব পাৰে আৰু তেওঁলোকৰ ব্যৱসায়ক নতুন দিশলৈ আগুৱাই নিয়াৰ লগতে আলোচনাৰ এক সুযোগ লাভ কৰে। কাৰ্যসূচী সমন্বয়ক অংকিত জৈন আৰু সঞ্জীৎ শৰ্মাই কয় যে ব্যৱসায়ীসকলৰ মাজত শক্তি আহৰণৰ উদ্দেশ্যে ভবেশ খোদিয়া মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। তেওঁ ‘মোৰ বাবে সম্ভৱ-অসম্ভৱ'ৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত তেওঁৰ মতামত দাঙি ধৰে আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব লাগে সেই বিষয়ে বিতংভাৱে অৱগত কৰে। সদস্যসকলে নতুন কিবা এটা চেষ্টা কৰিবলৈ আৰু জুইৰ বিছনাত খোজ কাঢ়ি তেওঁলোকৰ ভয় দূৰ কৰাৰ উৎসাহেৰে ‘ফায়াৰ ৱাক’ও কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীৰ পৃষ্ঠপোষক আছিল ৰোহিত চাৰাওগী, ৰাহুল আগৰৱাল, বিশাল মোৰে, প্ৰাচী হৰলালকা, ফিৰোজ হুছেইন। আজিৰ অনুষ্ঠনত বি এন আইৰ প্ৰায় ৪৫০জন সদস্যই অংশগ্রহণ কৰে আৰু ব্যৱসায়ীসকলক সহায় আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *