ৰূপনগৰৰ প্ৰাচ্য বিদ্যা নিকেতনত গুণোৎসৱ পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 3 June 2022

ৰূপনগৰৰ প্ৰাচ্য বিদ্যা নিকেতনত গুণোৎসৱ পালন

 





W7s news ষ্টাফৰিপোৰ্টাৰ: ৰাজ্যখনৰ ৯ খন জিলাত পহিলা জুনৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। শুকুৰবাৰে কামৰূপ (ম) জিলাৰ অন্তৰ্গত ৰূপনগৰৰ প্ৰাচ্য বিদ্যা নিকেতনত গুণোৎসৱ পালন হয়। এই উপলক্ষে শুকুৰবাৰে বহি:মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। কাৰ্যসূচীত বহি:মূল্যায়ক (externel evaluator)  হিচাপে আৰ জি বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক এ কে বৰা উপস্থিত থাকে।

এই কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতি ( চি এম চি)ৰ সভাপতি বন্দনা দেৱী, বিদ্যালয় খনৰ

প্ৰধান শিক্ষক মীনা দত্ত, নডেল শিক্ষক মুকুল দেৱ শৰ্মা,

 সহকাৰী শিক্ষক নৱনীতা শৰ্মা, পৰিচালনা সমিতিৰ সৈতে জড়িত ৰূপনগৰ অঞ্চলৰ সমাজকর্মী কুমুদ চন্দ্ৰ ডেকা, মাতৃ গোট, বিদ্যালয় পৰিচালনা সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। কাৰ্যসূচীৰ আৰম্ভণিতে স্থানীয় বাসিন্দা দময়ন্তী ডেকাৰ পৰিচালনাৰে স্থানীয় মহিলা সকলে নাম-কীৰ্ত্তনেৰে আদৰি আনে সহকাৰী অধ্যাপক এ কে বৰাক। তাৰপাছত তেওঁ ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে

 বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে প্ৰাৰ্থনা,গীত, নৃত্য,কবিতা আদি পাঠ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here