ড্ৰাগছ সেৱন বিৰোধী দিৱসত গুৱাহাটী ক্ৰীড়া সন্থাৰ চাইকেল সমদল - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 26 June 2022

demo-image

ড্ৰাগছ সেৱন বিৰোধী দিৱসত গুৱাহাটী ক্ৰীড়া সন্থাৰ চাইকেল সমদল

Responsive Ads Here

 


ড্ৰাগ্‌ছ নিৰ্মূলত ক্ৰীড়া আৰু নাগৰিকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে : আৰক্ষী সঞ্চালক প্ৰধান


W7s news গুৱাহাটী: "সমাজৰপৰা ড্ৰাগছৰ ব্যাধি আঁতৰ কৰিবলৈ অসম আৰক্ষীয়ে ইয়াৰ যোগান শৃংখলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কৰি থাকিব ৷ কিন্তু ড্ৰাগ্‌ছৰ চাহিদা নিৰ্মূলৰ বাবে ব্যৱস্থা ল’ব লাগিব নাগৰিক সমাজে ৷ কিয়নো চাহিদা নোহোৱা হ’লে ড্ৰাগ্‌ছৰ যোগানো নাইকিয়া হ’ব ৷" দেওবাৰে গুৱাহাটী ক্ৰীড়া সন্থাই টিলিঙা স্প’ৰ্টছ ক্লাবৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা চাইকেল সমদলৰ সামৰণি অনুষ্ঠানত যোগদান কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এইদৰে কয়। সমাজৰপৰা ড্ৰাগছ সেৱনৰ ব্যাধি আঁতৰোৱাৰ ক্ষেত্ৰত ক্ৰীড়া আৰু যুৱ সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি প্ৰকাশ কৰি মহন্তই কয় যে যুৱ সমাজ এই বিষয়ত সচেতন হ’ব লাগিব ৷ দুই শতাধিক চাইক্লিষ্টৰ অংশগ্ৰহণেৰে দেওবাৰে পুৱা ছয় বজাত আৰ জি বৰুৱা স্প’ৰ্টছ কমপ্লেক্সৰপৰা উলিওৱা এই সমদল জি এছ ৰোড আৰু ভিআইপি ৰোড হৈ নুনমাটি, চানমাৰি আৰু গুৱাহাটী ক্লাবেৰে আকৌ আৰ জি বৰুৱা স্প’ৰ্টছ কমপ্লেক্সত সামৰণি পৰে ৷ ড্ৰাগ্‌ছ বিৰুদ্ধে জন সজাগতা সৃষ্টিৰ বাবে গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা এই সমদলক শুভেচ্ছা জনাই ফ্লেগ অফ কৰে সন্থাৰ সভাপতি পুলক গোস্বামী আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই৷ সন্থাৰ  সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকাই আঁত ধৰা সামৰণি অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে বিশিষ্ট অতিথি হিচাপে অংশ লয় নাৰ্কোটিক্স ক’ন্ট্ৰল ব্যুৰ’ৰ মাণ্ডলিক সঞ্চালক ৰাকেশ চন্দ্ৰ শুক্লা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু স্বাস্থ্য সেৱাৰ সহকাৰী সঞ্চালক ডঃ অৰুন্ধতী ডেকাই ৷ অনুষ্ঠানত সহযোগী টিলিঙা ক্লাবৰ সম্পাদক তথা সহকাৰী অধ্যাপিকা ৰত্নমালা শৰ্মাক  সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত সন্থাৰ উপ সভাপতি মনজিত ভাগৱতী, যুটীয়া সম্পাদক খনীন দত্ত, সহ: সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকাৰ লগতে ফুটবল সম্পাদক এল প্ৰণৱ সিং, এথলেটিক্‌ছ সম্পাদক ৰাঘৱেন্দ্ৰ মজুমদাৰ, হকী সম্পাদক অৰূপ কলিতাসহ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *