দিপুৰ মহাবিদ্যালয়ত কুইজ প্রতিযোগিতা সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 June 2022

দিপুৰ মহাবিদ্যালয়ত কুইজ প্রতিযোগিতা সম্পন্ন





W7s news গুৱাহাটী: গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ত চলি থকা বার্ষিক মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি শুকুৰবাৰে তৰ্ক আৰু আলোচনাচক্র বিভাগৰ উদ্যোগত এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। দেশ-বিদেশ আৰু অসমৰ বিভিন্ন শিতানৰ প্ৰশ্নৰ সম্ভাৰেৰে অনুষ্ঠিত হোৱা কুইজ প্রতিযোগিতাখন পৰিচালনা মহাবিদ্যালয়ৰ প্ৰাক্তন আলোচনী সম্পাদক অৰবিন্দ বৰাই। পোন প্রথমে ১৪ টাকৈ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনৰ মূল প্রতিযোগিতাত ৫ দলৰ মাজত অনুষ্ঠিত কৰা হয়। প্রতিযোগিতাত প্ৰথম স্থান লাভ কৰে স্বৰূপ সিংহ আৰু নিভা কুমাৰীৰ দলে, দ্বিতীয় স্থান লাভ কৰে ৰাহুল ডেকা আৰু ৰাজ তালুকদাৰৰ দলে, তৃতীয় স্থান লাভ কৰে দ্বীপেশ ৰায় আৰু আকাশ সুমনৰ দলে। অনুষ্ঠানটোত অর্থনীতি বিভাগৰ মুৰব্বী ড° মনালিছা ভট্টাচাৰ্য আৰু ছাত্ৰ কল্যান বিষয়া হিমাংশু কলিতা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here