লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু কেঞ্চাৰ কেয়াৰ কেন্দ্ৰ নিৰ্মাণত বিসংগতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 June 2022

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু কেঞ্চাৰ কেয়াৰ কেন্দ্ৰ নিৰ্মাণত বিসংগতি

 

উচিত তদন্তৰ দাবী আপৰ





W7s news ষ্টাফৰিপোৰ্টাৰ : লখিমপুৰ জিলাৰ কেঞ্চাৰ কেয়াৰ কেন্দ্ৰ আৰু চিকিৎসা মহাবিদ্যালয় খনৰ নিৰ্মাণত বিসংগতি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে। উল্লেখ্য, ৰাষ্ট্ৰীয় আয়ুবিজ্ঞান আয়োগৰ স্বীকৃতিপ্রাপ্ত অসমৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ ৰূপত কিছুমাহ পূর্বে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰা হৈছিল আৰু সমান্তৰালভাৱে বিগত মাহত টাটা কেঞ্চাৰ হাস্পতালখনৰ উদ্বোধনে লখিমপুৰ তথা উত্তৰ অসমৰ ৰাইজৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াইছিল। নিৰ্মাণৰ এটা বৰ্ষ অতিক্রম নহওঁতেই দুয়োখন স্বাস্থ্য প্ৰতিষ্ঠানৰ আন্তঃগাঠনিত ফাট মেলা কাৰ্য অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি উল্লেখ কৰি আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় -চিকিৎসা প্রতিষ্ঠান দুটাৰ নিৰ্মাণৰ লগত জড়িত নিৰ্মাণকাৰী সংস্থাৰ কামৰ বিশ্বাসযোগ্যতা আৰু দূৰদৰ্শীতাৰ ওপৰত সন্দেহ ঘনিভূত হৈছে। নিম্ন মানৰ সামগ্ৰীৰ ব্যৱহাৰ আৰু গাফিলতিৰ ফলত চৰকাৰী ধনৰ অপব্যৱহাৰ হৈছে। সেয়েহে আম আদমি পার্টীয়ে এই সমগ্র বিষয়টোৰ তদন্তৰ দাবী জনাইছে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here