মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য উদ্ভট কিন্তু উদ্দেশ্যেপ্রণোদিত: এছ এফ আই -ডি ৱাই এফ আই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 June 2022

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য উদ্ভট কিন্তু উদ্দেশ্যেপ্রণোদিত: এছ এফ আই -ডি ৱাই এফ আই

 



W7s news গুৱাহাটী: দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বুলি ঘোষণা কৰি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্ভট যুক্তিৰে দুৰ্নীতিক প্রশ্রয় দিয়া কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন আৰু ভাৰতৰ ছাত্র ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিয়ে ধিক্কাৰ জনাইছে । মুখ্যমন্ত্ৰীজনে কৰা এনে মন্তব্য কেৱল অযুক্তিকৰেই নহয় বৰঞ্চ উদ্দেশ্যেপ্রণোদিত। উদ্দেশ্য সমগ্র বিষয়টো গাপ দিয়াৰ। এছ এফ আই আৰু ডি ৱাই এফ আয়ে বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই সম্পৰ্কে এছ এফ আইৰ সম্পাদক

নিৰংকুশ নাথ আৰু ডি ৱাই এফ আইৰ সম্পাদক

ৰিতু ৰঞ্জন দাসে কয়- শিৱসাগৰ জিলাৰ শিক্ষক নিযুক্তিত হোৱা বিয়োগম দুৰ্নীতিৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুর্নীতিত লিপ্ত হোৱাসকল অসমীয়া বা তেওঁলোক কাৰোবাৰ ভাইটি অথবা ভতিজা আদি কথা কৈ বিয়োগম দুর্নীতিৰ বিষয়টো গাপ দিব বিচাৰিছে। কিন্তু যিসকল এনে দুৰ্নীতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোক আমাৰ সমাজৰেই অংশ নহয় জানো? মুখ্যমন্ত্ৰীৰ এনে তুলুঙা আৰু আইন বিৰোধী কথাই আনকি মুখ্যমন্ত্ৰীৰ পদটোকে অপমান কৰিছে তথা ই আইনৰ শাসনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। শিৱসাগৰ জিলাত অনুপযুক্ত শিক্ষক নিযুক্তি দি কেৱল নিয়ম ভংগই কৰাই নহয়, বৰং ইয়াৰ মাজেৰে সেই সময়ৰ মেধাবী প্ৰাৰ্থীক বঞ্চিত কৰাৰ লগতে হাজাৰ হাজাৰ শিশুৰ জীৱনৰ সৈতে ডাঙৰ অন্যায় কৰিছে। এনে অনুপযুক্ত শিক্ষকে বছৰৰ পাছত বছৰ ধৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াৰ দায়িত্ব পালন কৰি আহিছে। শিৱসাগৰ জিলাৰ শিক্ষক নিযুক্তিত হোৱা এই পর্বতসম দুর্নীতি তথ্য ‘নৱ নিৰ্মান সেনা' নামৰ এক সংগঠনে পোহৰলৈ আনিছে। কিন্তু আচৰিত কথাটো হৈছে শিক্ষক নিযুক্তিত হোৱা দুৰ্নীতিৰ তথ্যৰ প্ৰমাণ পোৱা আৰু আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পাছতো বিষয়টো চৰকাৰ আৰু পুলিচ প্ৰশাসনে কোনো গুৰুত্বই নিদিলে। দীর্ঘকালৰ শিক্ষামন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিষয়টো জনাৰ পাছতো নিচুপ হৈ থাকিল। অৱশেষত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত পুলিচ প্রশাসনে বিষয়টো তদন্ত কৰিবলৈ বাধ্য হৈছে। এনেবোৰ কথাই প্রমাণ কৰে যে শিৱসাগৰ জিলাৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰিত বহু ৰাজনৈতিক নেতা-আমোলা জড়িত হৈ থকাৰ সম্ভাৱনা আছে। এই বিষয়টো কোনো প্ৰকাৰেই লঘু দৃষ্টিৰে চোৱা উচিত নহয়। এছ এফ আই আৰু ডি ৱাই এফ আইয়ে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here