অনলাইনত ঔষধ বিক্ৰীৰ বিৰোধিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 11 June 2022

অনলাইনত ঔষধ বিক্ৰীৰ বিৰোধিতা

 









W7s News ষ্টাফৰিপোৰ্টাৰ :

কেমিষ্ট এন্ড ড্রাগিষ্টছ এছোচিয়েচন অফ অসম (চি ডি এ এ), চেণ্টাৰ অৱ মেডিকেল এণ্ড চেল্ চ ৰিপ্রেজেন্টেটিভচ ইউনিয়ন উত্তৰ-পূব (চি আৰ ইউ-এন ই আৰ) এছ'চিয়েচন অব এডভাঞ্চ ফার্মাটী প্রেক্টিচনাৰ (AAPP), অসম ফার্মাচিউটিকেল এছোচিয়েচন (APA)ৰ যৌথ মঞ্চই দেশত প্রবর্তিত হোৱা অনলাইন ঔষধ বিক্ৰী আৰু ইয়াৰ দাম বৃদ্ধিৰ বাবে হোৱা প্রভাৱ আৰু সম্ভাব্য অধিক বিপদৰ প্রতি সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিবলৈ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত

কেমিষ্ট এন্ড ড্রাগিষ্টছ এছোচিয়েচন অফ অসমৰ

সভাপতি প্রফুল্প শৰ্মাই কয়-

অনলাইন ঔষধ বিক্ৰিৰ আমি বিৰোধিতা কৰিছোঁ।

আইন উলংঘা কৰি অনলাইনত ঔষধ বিক্ৰি কৰি অহা হৈছে। নিৰ্ধাৰিত মূল্যতকৈ তেওঁলোকে বহুত ৰেহাই দিয়ে। কিন্তু ঔষধৰ নামত বৰবিহ খাইছে জনতাই। জনগণৰ স্বাস্থ্যক লৈ চিন্তিত হব লগীয়া হৈছে। কিন্তু এইবোৰ ঔষধ ক'ৰ পৰা  আহিছে আমিও জ্ঞাত নহয়।

মুঠৰ ওপৰত এইবোৰ ঔষধ নিম্নমানৰ লগতে ভেজাল।

যাৰ অনুজ্ঞা পত্ৰ লগতে পঞ্জীয়ন আছে তেওঁলোকে প্ৰকৃত ফাৰ্মাচিষ্ট। অনলাইন বিক্ৰি ক্ষেত্ৰত আজিলৈ আইন ওলোৱাই নাই (সংশোধন হোৱা নাই)। এওঁলোকে বিনা পঞ্জীয়ন আৰু বিনা অনুজ্ঞা পত্ৰৰে বিক্ৰি কৰি আহিছে। সেয়েহে এনে সমূহ প্ৰতিস্থানৰ বিৰুদ্ধে ব্যবস্থা লবলৈ চৰকাৰক আমি আহ্বান জনালোঁ। ভাৰতবৰ্ষৰ যি প্ৰচলিত আইন— ড্ৰাগ এণ্ড কচমেটিক এক্ট ১৯৪০(Drug & Cosmatic Act 1940) আৰু ইয়াৰ আধাৰত প্ৰণয়ন কৰা নীতি-নির্দেশনা ১৯৪৫৪ সম্পূর্ণ উলংঘা কৰি বৰ্তমান ভাৰতবৰ্ষত 'অনলাইন' মাধ্যমেৰে ঔষধৰ বিক্ৰী আৰম্ভ হৈছে। জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰত হ'ব পৰা ক্ষতিৰ কথা বিবেচনা কৰি ২০১৮ চনৰ ডিচেম্বৰ মাহত দিল্লী উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায়দানেৰে সংশ্লিষ্ট সকলো চৰকাৰেও সকলো পক্ষকে এই বিক্ৰী ব্যৱস্থা বন্ধৰ বাবে বাধা আৰোপ কৰিছিল। পৰিতাপৰ কথা এই ৰায়দান আইনব সুৰুঙাৰে উলংঘা কৰি আছে।

ভাৰতবৰ্ষৰ ডাক্তৰসকলৰ অগ্ৰণী সেবা সংগঠন– ইণ্ডিয়ান মেডিকেল এছচিয়েন (IMA) ে ২০২২ চনত 'অনলাইন' ঔষধ বিক্ৰীৰ সন্দৰ্ভত এখন শ্বেতপত্র প্রকাশ কৰি উলিয়াইছে। এই অগ্রণী সংস্থাৰ মতে 'অনলাইন যোগে ঔষধ বিক্ৰী আইন বিরুদ্ধ, তদুপৰি ইয়াৰ দ্বাৰা চিকিৎসা শাস্ত্ৰৰ নীতি ও পদ্ধতিৰ ওপৰত মোক্ষম আঘাত বুলি অভিহিত কৰে। IMAৰ মতে 'অনলাইন' ঔষধ বিক্ৰীৰ ফলত ঔষধৰ অপব্যৱহাৰ আৰু ব্যৱহাৰ বৃদ্ধি পাব, আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনে এনে ব্যৱস্থাই জনসাধাৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত কু-প্রভাব, ভয়ংকর ক্ষতি আনকি জীৱন হানিকাৰক হৈ পৰিব। ইয়াৰোপৰি ভাৰতবৰ্ষৰ প্রচলিত ড্রাগঢ় এণ্ড কচমেটিক আইন ১৯৪০ যে অনুমতি নিদিয়া ঔষধ প্রস্তুতকৰণ আৰু বিক্ৰীৰ মাত্রাও বাঢ়িব। এই আইন অনুসৰি চিকিৎসা শাস্ত্ৰৰ বিধিমতে যিবোৰ ঔষধ নিবাৰকও অভ্যাসধর্মী তেনে ঔষধ বিক্ৰী কৰিব নোৱাৰিব। আইনমতে নথিভুক্ত ঔষধ যেনে- Schedule H X আৰু H, সম্পূর্ণৰূপে চিকিৎসকৰ নিধান, নিৰন্তৰ নিৰীক্ষণতহে ব্যৱহাৰ কৰিব পাৰি। অনলাইন ঔষধ বিক্ৰীয়ে কালক্ৰমত এইক্ষেত্ৰতো বিপদ মাতি আনিব পাৰে।

“আনলাইন ঔষধ বিক্ৰীৰ অন্যতম চিন্তনীয় বিষয় হৈছে ডাক্তৰ ৰোগী, ঔষধ বিক্রেতাৰ মাজত থকা বিশ্বাস, প্রভায়ৰ ব্যৱস্থাটো ভাঙি পেলাব।

'আনলাইন ব্যৱস্থাৰে' কম দামত ঔষধ বিক্ৰী কৰা, নিৰ্ধাৰিত মূল্যতকৈ ৩০ শতাংশ  পর্যন্ত বিশেষ ৰেহাই দি সৰ্বসাধাৰণক প্রলোভিত কৰাৰ বাবে বাতৰি কাগজ আৰু বৈদ্যুতিন মাধ্যমক বহুলভাৱে ব্যৱহাৰ কৰি আছে। বর্তমান প্রচলিত ব্যৱস্থামতে ঔষধৰ পাইকাৰী বিক্ৰেতাৰ বাবে গড় ৮ শতাংশ আৰু খুচুৱা ব্যৱসায়ী ফাৰ্মাচীৰ বাবে ১৮-২০ শতাংশ নিৰ্ধাৰণ কৰা নিৰিখ চলি আছে। প্রশ্ন হয় বর্তমান সঘনাই বিজ্ঞাপন দিয়া 'অনলাইন'ৰ বিতৰকসকলে কেনেকৈ বজাৰৰ নিৰ্ধাৰিত নিৰিখতকৈ বেছি দিব পাৰিছে এই সন্দৰ্ভত সংশ্লিষ্ট সকলো সজাগ ৰাইজ আৰু ব্যৱসায়ীৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে। এই ঔষধৰ উৎপাদন ক'ত, সঁচাকৈ প্ৰকৃত প্রস্তুতকাৰকে কৰিছেনে এনে প্ৰশ্নবোৰ জনাৰ অধিকাৰ নিশ্চয় ৰাইজ আৰু সংশ্লিষ্ট লোকৰ আছে। প্রসঙ্গত উল্লেখযোগ্য উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থা আৰু নিৰীক্ষণৰ অভাৱত ইতিমধ্যে মাজে সময়ে 'নিম্নমানৰ আৰু নকল' ঔষধৰ যি ঘটনা ঘটি আছে অনলাইন ব্যৱস্থাত ই লেকামহীন হৈ বহুলভাৱে প্ৰচলন হ'ব বুলি ডাক্তৰ ও ঔষধৰ লগত জড়িত সংগঠনসমূহে আংশকা ব্যক্ত কৰিছে। অতিসম্প্ৰতি ৰাজস্থান, বাঁচী আৰু আমাৰ অসমৰ নগাঁও জিলাত এনে নিম্নমান আৰু নকল ঔষধ ধৰা পৰাৰ বাতৰি প্ৰচাৰিত হৈছে।

নেটমেড, ফার্মইজি, এপলো, মার্গ, বিলায়েঞ্চ, আমাজন, কিমেড লিমিটেড, ইন্সুৱাৰ, ইঞ্চি'ল, উদ্দান আদি ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানে অনলাইন ঔষধ বিক্ৰী কাৰ্য আৰম্ভ কৰিছে, ইয়াৰোপৰি আৰু বহুতো নামী, বেনামী এনে ঔষধ বিতৰক ভাৰতবৰ্ষৰ বজাৰত সোমাই পৰিছে। নিৰ্ভৰযোগ্য তথ্যমতে ইতিমধ্যে ভাৰতবৰ্ষৰ ঔষধ শিল্পৰ উৎপাদন ও বজাৰৰ প্রায়১৪-১৫ শতাংশ এই অনলাইন ব্যৱস্থাৰ আওঁতাত সোমাই পৰিছে। ইয়াৰ পৰিমাণ টকাৰ হিচাপত প্ৰায় বছৰি ১৫০০০ কোটি টকাৰ সীমা চেৰাই গৈছে। ঔষধ শিল্পৰ বৰ্তমান বজাৰ মূল্য হৈছে ৷ লাখ ৫০ হেজাৰ কোটি টকা, ধাৰ্য কৰামতে ২০২২ চনৰ শেষৰফালে ই প্ৰায় ২ লাখ ৮০ হেজাৰ কোটি হ'ব বুলি ধাৰণা কৰা হৈছে। প্রসঙ্গত উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ ঔষধ শিল্প শিল্পভিত্তিক বিবেচনাত চতুর্থ বৃহৎ শিল্প হিচাপে পৰিগণিত আৰু মানৰ হিচাপত গোটেই বিশ্বত ভাৰতবৰ্ষ ঔষধ প্রস্তুতকর্তা দেশৰূপে ১১নং স্থানত আছে। ঔষধ শিল্পৰ এই চমকপ্রদ প্ৰসাৰৰ মূলতে হ'ল বৰ্তমানৰ বিতৰণ ব্যৱস্থাটো, প্রায় ১৮-২০ লাখ খুচুৰা ব্যৱসায়ী, ৬-৮লাখ পাইকাৰী বিক্রেতা, লগতে কোম্পানীৰ স্থানীয় বিতৰক (C & F Depot) আদিয়ে দেশৰ সকলো প্ৰান্ততে ঔষধ বিতৰণৰ কাম কৰি আহিছে আৰু প্ৰাকৃতিক কাৰণগত অসুবিধা নহ'লে কোনো ঠাইতে ঔষধৰ নাটনি হোৱা নাই। আনকি যোৱা 'ক'ৰোনা মহামাৰী'ৰ সময়ত এই বিতৰকসকলে যি দৃষ্টান্তমূলক সেৱা আগবঢ়াইছে, তাক ভাৰতবৰ্ষৰ খোদ প্রধানমন্ত্রীয়ে তেখেতৰ মন কী বাতত উল্লেখ কৰি স্বীকৃতি দিছে।


প্রসঙ্গত উল্লেখ করা প্রয়োজন যে ফার্মাচী অনুশীলন নিয়ামক বিধি-২০১৫ (Pharmacy Practice Regulation 2015) মতে কোনো ঔষধৰ ৰেহাই বা কমিচনৰ বিষয়ে বিজ্ঞাপন দিব নোৱাৰিব। দেখা গৈছে এইবোৰ পদে পদে যি উলংঘা হৈছে। ভাৰতবৰ্ষৰ কেবাটাও অগ্রণী সংগঠন যেনে— ভাৰতীয় চিকিৎসা সংস্থা (IMA), ফার্মাচী কাউন্সিল অব ইন্ডিয়া (PCT), কেইট (CAFT Contederation of all India Traders), অল ইণ্ডিয়া ওর্গানাইজেচন অব কেমিষ্ট আৰু ড্রাগিষ্ট (AIOCD), ফেডাৰেচন অব মেডিকেল এন্ড চেচ বিপ্লেজে টটেটিভ এছোচিয়েচন (FMRAI), আদিয়ে ইয়াৰ বিৰুদ্ধে প্রতিবাদ কৰি আহিছে। এই সংগঠনসমূহৰ মতে অনলাইন ব্যবস্থাই ভাৰতবর্ষৰ চিকিৎসা ব্যৱস্থা, জনসাধাৰণৰ স্বাস্থ্যৰ এখনত সাংঘাতিকভাৱে ভাবুকিৰ সৃষ্টি কৰিছে লগতে এই শিল্পৰ বিতৰণ ব্যৱস্থাৰ লগত জড়িত সকলো ব্যৱসায়ী, কর্মচাৰীৰ জীৱিকাৰ নিশ্চয়তাৰ ক্ষেত্ৰতো ভাবুকি আহিছে।

আজিৰ এই সংবাদ মেলৰ জৰিয়তে এইট একচন ফৰামে দেশৰ চৰকাৰক ও সংশ্লিষ্ট কর্তৃপক্ষক ঔষধৰ দাম নিয়ন্ত্রণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যোৱা এপ্রিল মাহত প্রয়োজনীয় ঔষধৰ তালিকাভুক্ত (NLEM) প্রায় ৮০০ বিধ ঔৰবৰ দাম ১০ শতাংশ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিতো অন্যান্য প্রয়োজনীয় বয়-বস্তুৰ দাম বৃদ্ধিয়ে ইতিমধ্যে বিপন্ন হোবা জনসাধাৰণক আৰু বেছি ক্ষতিগ্ৰস্ত কৰিছে। ঔষধৰ দাম খুচুৰা বিক্ৰীৰ নিৰ্ধাৰিত মূল্যত কমোৱাৰ দাবী, লগতে সেৱা কৰ (GST) নিৰিখ কম কৰি অথবা বিলোপ কৰি জনসাধাৰণক সকাহ দিবলৈ আহ্বান জনায়। ভাৰতবৰ্ষৰ ঔষধ প্রস্তুতকরণ ও বস্তানিত যি পাৰদৰ্শিতা দেখুৱাইছে তাৰ আধাৰত দেশীয় বজাৰৰ মূলা নিম্নগামী কৰি জনসাধাৰণক সকাহ দিবলৈ আমি সংবাদ মেলযোগে আবেদন কৰোঁ। দেশত ঔষধ প্রস্তুতকৰণত স্বনির্ভৰশীল হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঔষধৰ “সক্রিয় মৌল- Active Pharaceutical Ingredient ৰ ওপৰত নিৰ্ভৰশীল ব্যৱস্থাৰ অৱসান ঘটাব লাগিব, অর্থাৎ এই মৌলবিধ প্রস্তুত কৰিলে আমাৰ ঔষধৰ দামও লক্ষণীয়ভাৱে কমিব।

ঔষধৰ স্বাস্থ্যসম্মত বিতৰণ, চিকিৎসা পদ্ধতিৰ মানদণ্ড ৰক্ষা কৰা, ঔষধৰ মূল্য বৃদ্ধি বোধ আজি মাথোঁ আন্দোলন বা প্রতিবাদ নহয়, ই ভাৰতবৰ্ষৰ জনসাধাৰণৰ সঁচা, জীয়া বাস্তৱ চিত্ৰ, সেয়ে এই সংবাদ মেলৰ যোগেদি আমি কেন্দ্রীয় আৰু  ৰাজ্য চৰকাৰ, ঔষধ প্রস্তুতকর্তা, ঔষধৰ দাম নিয়ন্ত্রক সংস্থা, আদিক জনসাধাৰণৰ স্বাৰ্থত ব্যৱস্থা ল'বলৈ আহ্বান কৰোঁ। লগতে আমাৰ কাৰ্যব্যৱস্থাৰ লগত চিকিৎসক, চিকিৎসাকর্মী, ঔষধ শিল্পৰ কৰ্মী আৰু ব্যবসায়ী, জনসাধাৰণক আহিব ধৰা বিপদসমূহ প্ৰচাৰ কৰিবলৈ আহ্বান জনাওঁ।' সংবাদ মেলত এছ'চিয়েচনৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here