চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 'এৰিডা'ৰ সুৰক্ষামূলক কিট বিতৰণ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 20 June 2022

demo-image

চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 'এৰিডা'ৰ সুৰক্ষামূলক কিট বিতৰণ

Responsive Ads Here


 


ৰ'দ-বৰষুণ নেওচি গুৱাহাটীখনক সুন্দৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৌৰ নিগমৰ কৰ্মীসকলৰ স্বাস্থ্যৰ কথা চিন্তা কৰি সুৰক্ষামূলক কিট দিয়াৰ বাবে এৰিডাক ধন্যবাদ জ্ঞাপন আয়ুক্ত দেৱাশীষ শৰ্মাৰ।




W7s news গুৱাহাটী: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্রত অগ্ৰণী ভূমিকা পালন কৰি আহিছে গুৱাহাটী পৌৰ নিগমৰ কৰ্মীসকলে। গুৱাহাটীৰ আবৰ্জনা পৰিষ্কাৰ কৰাৰ দায়িত্বত থকা এইসকল চাফাই কৰ্মীৰ শাৰীৰিক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ উদ্যোগ গ্ৰহণ কৰিছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ এছ'চিয়েশ্যন চমুকৈ 'এৰিডা'ই। ইয়াৰ অংশ হিচাপে আজি 'এৰিডা'ই গুৱাহাটী পৌৰ নিগমৰ চাফাই কাৰ্মীসকলৰ মাজত বিতৰণ কৰে সুৰক্ষামূলক সামগ্ৰীৰ কিট। গুৱাহাটী পৌৰ নিগমৰ পানবজাৰস্থিত আয়ুক্তৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত এই কিটসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।অনুষ্ঠানত অংশ গ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। ৰ'দ-বৰষুণ নেওচি গুৱাহাটীখনক সুন্দৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৌৰ নিগমৰ কৰ্মীসকলৰ স্বাস্থ্যৰ কথা চিন্তা কৰি সুৰক্ষামূলক কিট দিয়াৰ বাবে আয়ুক্ত শৰ্মাই এৰিডাৰ শলাগ লয়। শাৰীৰিক সুৰক্ষাৰ এই কিটত আছে উৎকৃষ্ট মানৰ গামবুট, ৰেইন কোট আৰু স্কেভেঞ্জিং গ্লভছ। এই সন্দৰ্ভত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কয় যে শেহতীয়াকৈ কৃত্রিম বানৰ কবলত পৰা গুৱাহাটী মহানগৰীক পৰিষ্কাৰ কৰি ৰখাৰ বাবে কৰ্দযৰ মাজত দিনে-নিশাই সেৱাৰত হৈ আছে পৌৰ নিগমৰ চাফাই কৰ্মীসকল। তেওঁলোকে বোকা-পানী তথা গেলা-পছা আবৰ্জনাৰ মাজত কাম কৰিবলগীয়া হৈছে। বাট-পথ তথা নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰিবলৈ চব্বিশ ঘণ্টাই পৰিশ্ৰম কৰি থকা এই সকল চাফাই কৰ্মীৰ সুৰক্ষিত স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এৰিডাৰ ফালৰ পৰা এই সুৰক্ষা কিট প্ৰদান কৰা হৈছে বুলি শৰ্মাই কয়। শৰ্মাই লগতে কয় যে এৰিডাই বিগত কেইবা বছৰ ধৰি বিভিন্ন সমাজ সেৱামূলক কামত নিয়োজিত হৈ আছে। ক'ভিডৰ সময়ত "মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি"লৈ অনুদান আগবঢ়োৱাৰ উপৰি গুৱাহাটীকে ধৰি বিভিন্ন জিলাত বান সাহায্যৰ কাম কৰি আহিছে। ২০২০ চনৰ ভয়াৱহ বানৰ সময়ত মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত বন্যপ্ৰাণীৰ বাবে ঘাঁহৰ যোগান ধৰা হৈছিল। শৰ্মাই লগতে কয় যে ১৯ জুনৰ পৰা কৃত্রিম বানৰ কবলত পৰা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ বাসিন্দাৰ মাজত এৰিডাৰ ফালৰ পৰা আহাৰৰ যোগান ধৰা হৈছে। যিটো বৰ্তমান গুৱাহাটীৰ বিভিন্ন স্থানত চলি আছে। লায়ন্স ক্লাবৰ ভ্ৰাম্যমাণ যান্ত্ৰিক পাকঘৰৰ সহায়ত খাদ্য বিতৰণৰ এই প্ৰক্ৰিয়া গুৱাহাটীৰ বিভিন্ন স্থানত অব্যাহত আছে বুলি শৰ্মাই কয়। আজিৰ কাৰ্যসূচীত এৰিডাৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *