ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, সভাপতি ৰুস্তম আলী, এছ এফ আইৰ ৰাজ্যিক সভাপতি প্ৰতুল বৰ্মন, এছ এফ আইৰ কেন্দ্রীয় কমিটিৰ সদস্য সংগীতা দাসসহ শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ
W7s news ষ্টাফৰিপোৰ্টাৰ: সেনা বাহিনীত ঠিকাভিত্তিক নিযুক্তি শীঘ্ৰে বাতিল আৰু স্থায়ী নিযুক্তিৰ ব্যৱস্থা আৰু অগ্নিপথ আঁচনি বাতিলৰ দাবীত আজি গুৱাহাটীত এছ এফ আই, ডি ৱাই এফ আই আৰু অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত উলিওৱা প্ৰতিবাদত আৰক্ষীয়ে প্রচণ্ড বাধা দিয়াৰ লগতে বলপূর্বক ঠেলা হেঁচা কৰি প্ৰতিবাদকাৰীক আটক কৰে। আটক কৰা প্ৰতিবাদকাৰী সকলৰ ভিতৰত ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, এছ এফ আইৰ ৰাজ্যিক সভাপতি প্ৰতুল বৰ্মন, কেন্দ্রীয় নেত্রী সঙ্গীতা দাস, ডি ৱাই এফ আইৰ কামৰূপ ( ম) জিলা সম্পাদক ভাস্কৰ কলিতাক গ্ৰেপ্তাৰ কৰি লতাশিল থানালৈ লৈ যায়। এছ এফ আইৰ নেত্রী অনুজা ডেকা, উৎপলা দাস আৰু ডি ৱাই এফ আইৰ সদস্য আনোৱাৰা বেগমকো গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে। সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে আৰক্ষীয়ে কোনো মহিলা আৰক্ষী অবিহনেই পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে। ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন
আৰক্ষী বাহিনীৰ এই অগণতান্ত্ৰিক, স্বৈৰাচাৰী আৰু অন্যায় আচৰণক সংগঠন তিনিটাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। গ্ৰেপ্তাৰ কৰা প্ৰতিজন নেতা আৰু সদস্যক শীঘ্ৰেই মুক্তি দিবলৈ দাবী জনাইছে।
সংগঠন তিনিটাই আজি যৌথভাৱে ৰাজ্যজোৰা প্ৰতিবাদৰ আহ্বান জনাইছিল। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ আৰক্ষী বাহিনীয়ে কালিৰে পৰা সংগঠন তিনিটাৰ নেতা সকলক গ্ৰেপ্তাৰৰ বাবে সমগ্র ৰাজ্যতে অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে গণতান্ত্ৰিক আন্দোলন এটাক ভয় ভাবুকিৰে অন্যায়ভাৱে দমন কৰাত নামি পৰে।
ইয়াৰ মাজতে গুৱাহাটীত সংগঠন তিনিটাই প্ৰতিবাদ আৰম্ভ কৰে।
"সেনাত ঠিকাভিত্তিক নিযুক্তি আঁচনি শীঘ্ৰে বাতিল কৰা", "সেনাত স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰা" , "অগ্নিপাথ আচঁনিৰে দেশৰ সাৰ্বভৌমত্বৰ সৈতে আপোচ কৰা নচলিব" আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ আৰম্ভ কৰে। চান্দমাৰী ফ্লাই ওভাৰৰ পৰা আৰম্ভ কৰা প্ৰতিবাদমুখৰ সমদলটো শিলপুখুৰী পোৱাৰ লগে লগে আৰক্ষী বাহিনী প্ৰতিবাদকাৰী সকলৰ ওপৰত জপিয়াই পৰে। বহু সময় টনা-আজৰাৰ পাছত অৱশেষত প্ৰতিবাদকাৰী সকলক গ্ৰেপ্তাৰ কৰি লতাশিল থানালৈ লৈ যায়।
এতিয়ালৈ পোৱা খব।অনুসৰি গুৱাহাটীৰ উপৰি গোৱালপাৰা, বৰপেটা জিলাৰ সৰভোগ, কলগাছিয়া, কয়াকুচি, নগাওঁ আৰু তিনিচুকীয়া জিলাটো অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আচৰিত কথা হৈছে এছ এফ আই, ডি ৱাই এফ আই আৰু অসম ৰাজ্যিক কৃষক সভাৰ নেতা কৰ্মীৰ ঘৰলৈ গৈ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বাবে বিচাৰি ফুৰে।
বৰপেটাত গ্ৰেপ্তাৰ ডি বাই এফ আইৰ ৰাজ্যিক সভাপতি ৰুস্তম আলী আৰু এছ এফ আইৰ জিলা সম্পাদক তথা ৰাজ্যিক নেতা হৰ্ষজিৎ দাস।
বৰপেটা জিলাৰ কলগাছিয়াত ডি ৱাই এফ আইৰ ৰাজ্যিক সভাপতি ৰুস্তম আলীৰ লগতে ৩০ জন প্ৰতিবাদকাৰীক কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আনহাতে সৰভোগত এছ এফ আইৰ বৰপেটা জিলা সম্পাদক হৰ্ষজিৎ দাসৰ লগতে জিলা নেতা অম্লান বণিক্যক সৰভোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে।
No comments:
Post a Comment