গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমখন কিডছ-ৱেৰ বুটিক ‘আজ্জাৰিয়া' উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 19 June 2022

গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমখন কিডছ-ৱেৰ বুটিক ‘আজ্জাৰিয়া' উদ্বোধন

 


W7s news গুৱাহাটী : গুৱাহাটীৰ মাছখোৱাৰ বি আৰ ফুকন ৰোডৰ ওম সূর্য এপাৰ্টমেণ্টত আজি শিশুৰ বাবে বিশেষ পোছাকৰ বুটিক, ‘আজ্জাৰিয়া' আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। শিশুৰ বুটিক আজ্জাৰিয়া আনুষ্ঠানিকভাবে উদ্বোধন কৰে  অসমীয়া চলচ্চিত্র জগতৰ অভিনেত্রী তথা এমটিভি ৰোডিজ ফাইনেলিষ্ট অনামিকা বৰ্মনে। এই সন্দৰ্ভত মুখ্য অতিথি অনামিকা বৰ্মনে কয় যে এইখন প্ৰথমবাৰৰ বাবে মুকলি হৈছে, য'ত কিডছপ সাজ-পোছাকৰ লগতে সামগ্রী উপলব্ধ হ'ব। এই বুটিকখনে কেঁচুৱা বা সন্তানৰ সাজ-পোছাক আৰু আনুষঙ্গিক সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত মাতৃসকলৰ কিছু অভাৱ পূৰণ হ’ব। তেওঁ আৰু কয় যে এতিয়া আজ্জাৰিয়া বুটিক খোলাৰ লগে লগে, শিশুৰ পোছাক সম্পৰ্কীয় সমস্যাটো সম্পূর্ণৰূপে সমাধান হ'ব। এই উপলক্ষে আজ্জাৰিয়া বুটিকৰ প্ৰতিষ্ঠাপক - পূৰ্বী চৌধুৰী আৰু পায়েল আগৰৱালে কয় যে ‘আজ্জাবিয়া’ৰ অৰ্থ হৈছে 'ঈশ্বৰৰ উপহাৰ'। এই বুটিকটো সম্পূৰ্ণৰূপে সেই সকলো মাতৃ আৰু অভিভাৱকৰ বাবে সমর্পিত যিসকলে কাপোৰৰ পৰা আনুষঙ্গিক সামগ্ৰীলৈকে তেওঁলোকৰ কণমানিজনীৰ বাবে যথেষ্ট সমস্যাত পৰি আছে। আমাৰ বুটিকটোৱে ০ ৰ পৰা ১৫ বছৰ বয়সৰ সকলো শিশুৰ বাবে বিভিন্ন কাপোৰ আৰু ডিজাইনত এক প্ৰকাৰৰ পোছাক প্ৰদান কৰিব। আমি তেওঁলোকৰ বাজেটৰ ভিতৰত গ্ৰাহকৰ চাহিদা অনুসৰি অনুকূলিত শিশুৰ পোছাক উপলব্ধ কৰা হৈছে। ইয়াৰ উপৰিও, বেবী শ্বাৱাৰ আৰু অন্যান্য অনুষ্ঠানত শিশুসকলক উপহাৰ দিয়াৰ পৰাও প্রাক-বুকিং সেৱা উপলব্ধ হ'ব। এজন গ্রাহকে শিশুৰ বাবে সাধাৰণ পোছাকৰ পৰা পাৰ্টিত পিন্ধা, পৰম্পৰাগত পোছাকলৈকে আমাৰ এই বুটিকত উপলব্ধ হ'ব। বজাৰ কৰোঁতে শিশুৱে যাতে মাক-দেউতাকক বিচলিত নকৰে সেয়া নিশ্চিত কৰিবলৈ এই বুটিকছত শিশুৰ বাবে বিশেষ স্থান আছে য'ত শিশুসকলে খেলৰ লগতে মনোৰঞ্জন উপভোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here