ইছলামিক মৌলবাদী সংগঠন পি এফ আই (পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া)ক নিষিদ্ধ কৰাৰ দাবী
W7s news ষ্টাফৰিপোৰ্টাৰ : ইছলামিক মৌলবাদী সংগঠন পি এফ আই (পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া)ক নিষিদ্ধ কৰাৰ দাবীত সোমবাৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত ৰাষ্ট্ৰীয় বজৰংগ দল অসম প্রদেশে এক প্ৰতিবাদী সমদল উলিয়ায়। এই কাৰ্যসূচিৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় বজৰংগ দল জিন্দাবাদ, ইছলামিক মৌলবাদীক কঠোৰ হাতেৰে দমন কৰক, পিএফআইক নিষিদ্ধ কৰক আদি শ্ল'গান দিয়ে।
ৰাষ্ট্ৰীয় বজৰংগ দল অসম প্রদেশৰ সভাপতি দিনেশ কলিতাই এই কাৰ্যসূচীৰ জৰিয়তে কয়-দেশৰ আন আন ঠাইৰ লগতে অসমতো পিএফআই নামৰ ইছলামিষ্ট সংগঠনটোৰ জেহাদী কার্যকলাপ অতি উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে। এই সংগঠনটোৰ বৰপেটা জিলাৰ সভাপতি মকিবুল হুছেইন সন্ত্রাসবাদী সংগঠন আনচাৰুল্লাহ বাংলা টীম (এ বি টি)ৰ সক্ৰিয় সদস্য হিচাপে কাম কৰি থকাৰ তথ্য পোহৰলৈ অহা কথাটোৱে ভয়াৱহ ইংগিত বহন কৰিছে। কেৰালা চৰকাৰৰ তথ্য অনুসৰি সেই ৰাজ্যত ২৭ টা হত্যাকাণ্ডত গোচৰত জড়িত আছিল। কেৰালা উচ্চ ন্যায়ালয়ে ইয়াক এটা উগ্রপন্থী সংগঠন বুলি অভিহিত কৰিছিল। মিলিটাৰী কায়দাৰে সদস্যক প্ৰশিক্ষণ দিয়া এই সংগঠনটোৱে দেশ বিভিন্ন ঠাইত ভাৰতৰ সংবিধানক প্ৰত্যাহ্বান জনাই কট্টৰ ইছলামিষ্ট বিচাৰধাৰাৰ সমান্তৰাল ন্যায়পালিকা চলাই থকাৰ তথ্যও পোহৰলৈ আহিছে। নিয়া ৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি (পি এফ আই) নামৰ জেহাদী সংগঠনটোৱে আইচিচ, অল কায়দা আদি সন্ত্ৰাসবাদী সংগঠনৰ সন্ত্ৰাসবাদক উৎসাহিত কৰা সাহিত্য আদি অনুবাদ কৰি মুছলিম যুৱক সকলক সন্ত্রাসবাদী বিচাৰধাৰৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা কৰি আহিছে। শ্বাহীনবাগৰ হিংসাত্মক ঘটনা, ২০২২ত ৰাম নৱমী তিথিত হিংসাত্মক কাৰ্য সংঘটিত কৰা আদি কাৰ্যত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে। ২০১০ চনৰ ৪ জুলাই ত এজন অধ্যাপকৰ হাত কাটি দিয়াৰ অভিযোগত এই সংগঠন সদস্য অভিযুক্ত হোৱাৰ উপৰিও ২০১৬ত ১৬ অক্টোবৰত ৰুদ্ৰেশ নামৰ সমাজিক কর্মকর্তাক হত্যাতো এই সংগঠনৰ সদস্য অভিযুক্ত হৈছে।প্রকাশিত খবৰ অনুসৰি অসমত এই সংগঠনৰ প্ৰায় ২৭ হাজাৰ সদস্য সক্ৰিয় হৈ আছে। ইয়াৰ কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া (Campus Front of India )নামৰ সহযোগী সংগঠনটোৱেও ভালেমান শিক্ষানুষ্ঠানত খোপনি পুতি জেহাদী বিচাৰধাৰা প্ৰচাৰ কৰি আহিছে। আমি
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাঁও এই পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (পিএফআই) আৰু কেম্পাছ ফ্রন্ট অৱ ইণ্ডিয়া (চিএফআই) সংঘটন দুটাক অনতিপলমে নিষিদ্ধ ঘোষণা কৰি অসমক জেহাদী সন্ত্রাসবাদী ভাবুকিৰ পৰা ৰক্ষা কৰি অসমক জেহাদী সংগঠন সমূহে কৰা কাৰ্যকলাপ বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনালোঁ। চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে পৰৱৰ্ত্তী সময়ত ৰাষ্ট্ৰীয় বজৰংগ দলে এই ক্ষেত্ৰত জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।' এই কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ ৰাষ্ট্ৰীয় বজৰংগ দল অসম প্ৰদেশে প্ৰেৰণ কৰে। এই কাৰ্যসূচীত দলৰ বহু সংখ্যক সদস্য উপস্থিত থাকে।
No comments:
Post a Comment