অত্যাবশ্যকীয় খাদ্যসামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম মহিলা সংঘৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 May 2022

অত্যাবশ্যকীয় খাদ্যসামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম মহিলা সংঘৰ প্ৰতিবাদ

 




W7s news ষ্টাফৰিপোৰ্টাৰ:অত্যাবশ্যকীয় খাদ্যসামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে অসম মহিলা সংঘই গুৱাহাটী ক্লাব ৰ'টাৰীত প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে সংঘৰ সদস্য সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লগান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে অসম মহিলা সংঘৰ সাধাৰণ সম্পাদক অসমী গগৈয়ে কয়-সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ মানুহৰ জীৱন বিপর্যস্ত কৰি তুলিছে। ৰন্ধন গেছকে ধৰি প্রতিবিধ অত্যাবশ্যকীয় খাদ্যসামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ লগতে জীৱন দায়িনী ঔষধ, শিশুৰ গাখীৰ, যাতায়াতৰ ভাড়া বৃদ্ধি হৈছে। কিন্তু উদ্বেগজনক কথা হৈছে দৈনন্দিন জীৱনত ক্রমশ মূল্যৰ উৰ্দ্ধগামীতাৰ পাছতো শাসনত উপবিষ্ট চৰকাৰে নিয়ন্ত্ৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। এনে পৰিস্থিতিত অসাধু চোৰাং বেপাৰীয়েও বজাৰত বস্তুৰ মূল্য বৃদ্ধি ঘটাই জনতাৰ ওপৰত মাধমাৰ সোধাই নিজৰ মুনাফা লাভ কৰাত সুযোগ লাভ কৰিছে। অসম মহিলা সংঘই মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাইছে আৰু অনতিপলমে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিয়াৰ দাবী জনাইছে। আনহাতে পাহাৰীয়া জিলা ডিমা হাচাওকে ধৰি অসমৰ ৩২ খন জিলাত প্ৰলয়ংকৰী বানত বিস্তৰ সা-সম্পদৰ ক্ষয়-ক্ষতিৰ উপৰিও ৩০ ৰ অধিক লোকৰ মৃত্যু হৈছে। বানদূৰ্গত ৰাইজক যথোচিত বান সাহায্য আৰু ক্ষতিপূৰণ সহ পুনৰ সংস্থাপিত কৰাৰ বাবে জৰুৰীকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনালোঁ। আমাৰ মূল দাবী সমূহ হৈছে বয়-বস্তুৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা,বানপীড়িত ৰাইজক উপযুক্ত সাহায্য প্রদান কৰা আৰু সর্বস্বান্তসকলক উপযুক্ত ক্ষতিপূৰ্ণসহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা,অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় দুর্যোগ হিচাপে গণ্য কৰি ইয়াৰ স্থায়ী সমাধানাৰ্থে চৰকাৰে জৰুৰী পদক্ষেপ গ্ৰহণ কৰা। এই দাবী সমূহ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনালোঁ।'

 এই কাৰ্যসূচীত সংঘৰ গুৱাহাটী জিলা সম্পাদক

ৰাজকুমাৰী দেউৰীৰ লগতে সংঘৰ বহু সংখ্যক সদস্য উপস্থিত থাকে। উল্লেখ্য, মূল্যবৃদ্ধি ৰোধ কৰাৰ আৰু বান সমস্যা সন্দৰ্ভত আমাৰ দাবী সমূহ পুৰণ কৰিবলৈ অসম চৰকাৰক ব্যৱস্থা লোৱাৰ বাবে অসম মহিলা সংঘৰ গুৱাহাটী জিলা কমিটিৰ তৰফৰ পৰা কামৰূপ (ম) জিলা উপায়ুক্তৰ জৰিয়তে এখন দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here