গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 28 May 2022

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

 





W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে লেখিকা কল্পনা কুমাৰী দাসৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ড০ ভূপেন হাজৰিকা ফাউণ্ডেচনৰ সচিব দীপাংক হাজৰিকাই আঁতধৰা সভাখনত কল্পনা কুমাৰী দাসৰ প্ৰবন্ধ সংকলন 'নপামৰ তীৰ্থ' উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ দাসে। উন্মোচনী ভাষণত তেওঁ কয়- গ্ৰন্থৰ প্ৰতি প্ৰীতি, দুৰ্বলতাই আমাক আশাবাদী কৰে। শব্দৰ আয়ত্ত সকলোতকৈ মূল্যবান কথা। এগৰাকী সাহিত্যিকে ভাল সাহিত্য চৰ্চা কৰিবলৈ হলে শব্দৰ ওপৰত নিয়ন্ত্ৰণ থাকিব লাগিব। লেখিকাই শব্দৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিছে যাৰ ফলত লেখা সমূহ অৰ্থবহ হৈছে। লেখিকাৰ লিখা মনোপুত হৈছে। অধ্যাপক


ড০ উমেশ চন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত আনুষ্টিত

' সভাত লেখিকাৰ উপন্যাস 'পৰ্বতগড়ৰ প্ৰজন্ম' লেখিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড০ দীপ্তি ফুকন পাটগিৰিয়ে কয়-

এই উপন্যাসখনত গুৱাহাটীৰ এটা বিশেষ অঞ্চলৰ ইতিহাস আছে। ভাষাৰ বিশুদ্ধ ৰূপ , সাৱলীল ৰূপ দাঙি ধৰিছে। উপন্যাস লিখা ইমান সহজ নহয়। ভাষাৰ শৈলী,বিশুদ্ধ ৰূপৰ প্ৰতি সচেতন হলে অসমীয়া ভাষা কেতিয়াও বিজতৰীয়া নহয়।  সৃষ্টিশীলতাৰকোনো সময় নাই।সম্প্ৰতি লেখিকাৰ সংখ্যা বাঢ়িছে। সকলোৰে নিষ্ঠাৰে শুদ্ধ ভাষাৰে সাহিত্য চৰ্চা কৰা উচিত। লেখিকাৰ পৰা এনে ধৰণৰ সৃষ্টি আমি পাম বুলি আশা কৰিলোঁ।' লেখিকা কল্পনা কুমাৰী দাসে গ্ৰন্থখনৰ আঁৰৰ কথা উল্লেখ কৰি কয়-পৰ্বতগড়ৰ প্ৰজন্ম'ত গুৱাহাটীৰ পশ্চিমপ্ৰান্তৰ বৰ্তমান গোটানগৰৰ খিলঞ্জীয়া মানুহখিনিৰ প্ৰজন্মই কঢ়িয়াই থকা এক ইতিহাসৰ বৰ্ণনা আছে। যি ইতিহাস দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাময় সময়ৰ লগত জড়িত। সভাৰ আৰম্ভণিতে শিল্পী দীপা চৌধুৰীয়ে সৰস্বতী বন্দনা পৰিবেশন কৰে। সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন,বিশিষ্ট নাট্যকাৰ, নাট সমালোচক অতুল মজুমদাৰ,বিশিষ্ট সাহিত্যিক লীলাধৰ হাজৰিকা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here