প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ সাধাৰণ সভা সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 May 2022

প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ সাধাৰণ সভা সম্পন্ন

 




২৬হাজাৰ নিযুক্তি প্ৰক্ৰিয়াত মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবীঃ মাছুল ৰেহাই নিদিয়াত ক্ষোভ প্ৰতিবন্ধী সুৰক্ষা সংস্হা


দীনদয়াল দিব্যাংগ পেঞ্চন আচনিৰ ধন আৰু হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ আহ্বানঃ পঞ্চায়তৰ গৃহৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰক




W7s news ষ্টাফৰিপোৰ্টাৰ': ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে দ্বিতীয়বাৰলৈ শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই এবছৰ ভিতৰত এক লাখ লোকক নিযুক্তি দিয়া হব মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল৷ মূখ্যমন্ত্ৰীৰ ঘোষনাৰ পিছতেই অন্যতো বাদেই প্ৰতিবন্ধী লোকসকলৰ মাজত আনন্দৰ বন্যা বৈছিল৷ কিন্তু পৰিতাপৰ বিষয় নতুন নিযুক্তিতো বাদেই ২০১৮চনৰ ৩১ডিচেম্বৰতে প্ৰতিবন্ধীৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা চতুৰ্থ বৰ্গৰ ৫১১টা পদত আজিলৈকে নিযুক্তি দিবলৈ সক্ষম নহল৷ গুৱাহাটী বিশ্ববিদ্যালয়ক নিযুক্তি পৰিক্ষাতো অনুষ্ঠিত কৰিবলৈ দায়িত্ব দিয়া হৈছিল যদিও তেওলোকে ৫১১টা পদৰ বিপৰীতে ৪হাজাৰ লোকৰ নাম সন্নিৱিষ্ট তালিকা প্ৰকাশ কৰাৰ পিছতেই প্ৰতিবন্ধী সকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷ আনকি বিশ্ববিদ্যালয়ে ঘোষণা কৰা ফলাফলত দৃষ্টিহীন ব্যক্তিৰ নাম অস্হি প্ৰতিবন্ধকতাত, মুকবধিৰ নামো অস্হি প্ৰতিবন্ধকতাত আৰু বিশ্ববিদ্যালয়ে দিয়া তথ্য অনুসৰি মুকবধিৰ সকলৰ মৌখিক প্ৰশ্নত ৯ নম্বৰ আছিল যদিও তাৰ ঠাইত ১২, ১৩, ১৪লৈ দিয়াতো ফলাফলত প্ৰকাশ পাইছে৷ শনিবাৰে সংগঠনটোৱে গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনত এখন সাধাৰণ সভা আহ্বান কৰি প্ৰতিবন্ধী সকলে ভূগি অহা সমস্যা সন্দৰ্ভত আলোচনা কৰে৷ আলোচনাৰ অন্তত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ ইয়াৰ ভিতৰত ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা ২৬হজাৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰতিবন্ধীৰ আবেদনৰ মাছুল ৰেহাই দিব লাগে বুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰাৰ লগতে মূখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাৰ লগত আলোচনা কৰা হৈছিল যদিও আজিলৈ মাছুল ৰেহাইৰ ব্যৱস্থা নকৰাৰ বাবে বহু লোকে আবেদন কৰিব নোৱাৰাত দূখ প্ৰকাশ কৰে৷ আনকি এই ২৬হজাৰ নিযুক্তি প্ৰক্ৰিয়াত ৪শতাংশ হাৰত যি ১০৫৪টা পদ প্ৰতিবন্ধী সকলে পাব লাগে সেয়া বিশেষ পৰিক্ষা নতুবা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা পৰিক্ষাৰ ফলাফলৰ বিসংগতি দূৰ কৰি পৰ্যায় ক্ৰমে তাৰ পৰাই নিযুক্তি দিবলৈ চৰকাৰক দাবী জনায়৷ সংস্হাৰ সভাপতি প্ৰসন্ন শৰ্মাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক নৃপেন মালাকাৰে৷ প্ৰায় পাচ শতাধিক লোক উপস্থিত থকা আজিৰ সভাতেই সংস্হাই  দীনদয়াল দিব্যাংগ পেঞ্চন আচনিৰ ধন ১হাজাৰৰ পৰিৱৰ্তে ৩হাজাৰলৈ বৃদ্ধি কৰা আৰু হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়৷ অন্যহাতে সভাতেই পঞ্চায়তৰ গৃহ প্ৰদানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ সমগ্ৰ বিষয়টো তথা  প্ৰতিবন্ধীৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত সংগঠনটোৱে মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰাৰ কৰিছে৷ যথাসময়ত সমস্যাটো সমাধান নহলে প্ৰতিবন্ধীৰ স্বাৰ্থত গনতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি সংবাদ মাধ্যমৰ আগত হুংকাৰ দিয়ে সংস্হাৰ সম্পাদক নৃপেন মালাকাৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here