বি এছ এন এলৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 May 2022

বি এছ এন এলৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদ




সপ্তম বেতন আয়োগৰ পৰামৰ্শাৱলীৰ আধাৰত সকলো কৰ্মচৰীৰে তৃতীয় বেতন সংশোধন বলবৎ কৰাৰ দাবী




W7s news ষ্টাফৰিপোৰ্টাৰ': ভাৰত সঞ্চাৰ নিগম লিমিটেড (বি. এছ. এন. এল) ৰ পাণবজাৰস্থিত মুখ্য কাৰ্যালয়ত নিগমটোৰ সকলো ইউনিয়ন আৰু এছ'চিয়েচনৰ যৌথ সন্থাৰ নেতৃত্বত কৰ্মচাৰীসকলৰ দীর্ঘদিনীয়া (বিভিন্ন সংশোধনৰ) দাবী পূৰণ নোহোৱাৰ প্ৰেক্ষাপটত শুকুৰ বাৰে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই প্রতিবাদী কাৰ্যসূচী নিগমটোৰ দেশব্যাপী সকলো মুখ্য কাৰ্যালয়ত একে সময়তে সমান্তৰালভাৱে পালন কৰা হয়। নিগমটোৰ বিষয়া-কৰ্মচৰীসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ ভিতৰত অন্যতম হ'ল— সপ্তম বেতন আয়োগৰ পৰামৰ্শাৱলীৰ আধাৰত সকলো কৰ্মচৰীৰে তৃতীয় বেতন সংশোধন বলবৎ কৰা।

এই সম্পৰ্কে বি এছ এন এল এমপ্লয়িজ ইউনিয়নৰ চক্ৰ সচিব বিজয় ডেকাই কয়- নিগমত কৰ্মৰত সকলো ভাৰতীয় দূৰসঞ্চাৰ সেৱাৰ (আই টি এছ) উচ্চ বিষয়া যেনে— মুখ্য মহাপ্রবন্ধক, প্রবন্ধক আদি পদত নিযুক্ত সকলে তৃতীয় বেতন সংশোধন উপভোগ কৰি আহিছে। ইয়াৰ বিপৰীতে বাকী কৰ্মচাৰীসকলে ২০০৭ চনৰ পৰা কোনোধৰণৰ বেতন সংশোধন লাভ কৰা নাই।

এই সম্পর্কে ২০০০ চনত যেতিয়া দূৰসঞ্চাৰ বিভাগৰ পৰা নিগমীকৰণৰ জৰিয়তে বি. এছ. এন. এলৰ জন্ম হ'ল, তাৰ পাছৰ পৰা যিসকল লোকৰ নিগমটোত নিযুক্তি হৈছে তেওঁলোক পেঞ্চনৰ সুবিধাৰ পৰা বঞ্চিত। সেয়েহে, দ্বিতীয় বেতন সংশোধন সমিতিৰ পৰামৰ্শ আছিল যে এইসকল কৰ্মচাৰীৰ বাবে এটা পেঞ্চন কোষ থাকিব, য’ত কৰ্মচাৰীসকলৰ মাহিলী বেচিক আৰু মূল্যবৃদ্ধি ভাত্তাৰ ৩০ শতাংশ নিগমে জমা দিব। কিন্তু দুর্ভাগ্যবঃশত ২০০৭ চনৰ এই পৰামৰ্শ কাৰ্যাত আংশিকভাৱেহে বলবৎ হ'ল, য'ত নিগমে মাত্র ২ হেজাৰৰ পৰা ৩ হেজাৰ টকাহে এই নৱনিযুক্তসকলক তেওঁলোকৰ অৱসৰৰ সময়ত পেঞ্চন হিচাবে দিব পাৰিব। সেয়েহে কৰ্মচাৰীসকলে ২০০৭ চনৰ পৰা ৩০ শতাংশ হাৰত পেঞ্চন কোষত বকেয়া ধন জমা দিবলৈ দাবী জনায়।

ওপৰত উল্লেখিত দাবীসকলৰ উপৰিও কনিষ্ঠ দূৰসঞ্চাৰ বিষয়া, গাণনিক বিষয়াসকলৰ প্ৰাৰম্ভিক বেতনমান ই১-ই২  স্কেলৰ পৰিৱৰ্তে অন্যান্য ভাৰত চৰকাৰৰ সাৰ্বজনিক প্রতিষ্ঠানত বলবৎ হোৱা ই২-ই৩  স্কেলত কৰিবলৈও যৌথ মঞ্চৰ উদ্যোগত দাবী জনায়। স্বইচ্ছুক অৱসৰৰ দ্বাৰা প্ৰায় ৫০ শতাংশ কৰ্মচাৰীক নিগমটোৰ পৰা বিদায় দিয়াৰ পিছত এইবাৰ উর্দ্ধতন কর্তৃপক্ষই অনুমোদিত পদৰ সংখ্যা হ্ৰাস কৰিছে। ফলত নিগমটোৰ বিষয়া-কৰ্মচাৰীসকলৰ পদোন্নতিৰ পথ বন্ধ হোৱাৰ অতিক্ৰম হৈছে। সদ্যঘোষিত কনিষ্ঠ অভিযন্তাৰ পৰা কনিষ্ঠ দূৰসঞ্চাৰ বিষয়ালৈ হ'বলগীয়া পদোন্নতিৰ বিভাগীয় পৰীক্ষাত অসম পৰিমণ্ডলৰ কোনো কৰ্মচাৰীয়ে অৱতীৰ্ণ হ'ব নোৱাৰিব। এনে হঠকাৰীতাৰ বিৰুদ্ধে বি. এছ. এন. এলৰ সংগ্ৰামী যৌথ মঞ্চই বিৰোধ সাব্যস্ত কৰে।' এই কাৰ্যসূচীত নেশ্বনেল ফেডাৰেচন অৱ টেলিকম এমপ্লয়িজ, অল ইণ্ডিয়া গ্ৰেজুৱেট ইঞ্জিনিয়াৰ্চ এণ্ড টেলিকম অফিচার্চ এছ'চিয়েচন ,সঞ্চাৰ নিগম এক্সিকিউটিভ এছ'চিয়েচন, এল ইণ্ডিয়া বি এছ এন এল এক্সিকিউটিভ এছ'চিয়েচনৰ  বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here