অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচন সৰ্বভাৰতীয় দাবী দিবস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 May 2022

অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচন সৰ্বভাৰতীয় দাবী দিবস

 





W7s news ষ্টাফৰিপোৰ্টাৰ': অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনে শুকুৰবাৰে সৰ্বভাৰতীয় দাবী দিবস পালন কৰে। এই উপলক্ষে ফেডাৰেচনে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অখিল ভাৰত ৰাজ্যিক চৰকাৰী কৰ্মচাৰী ফেডাৰেচনে নতুন পেঞ্চন আঁচনি (এন পি এছ) বাতিল কৰি পুৰণি পেঞ্চন আঁচনি (অ'পি এছ) পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰে। এই সম্পৰ্কে অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনৰ অধ্যক্ষ অম্বিকাচৰণ বৈশ্যই কয়-সৰ্বভাৰতীয় দাবী দিবস উপলক্ষে আমি ৮ দফীয়া দাবীৰ উত্থাপন কৰিছোঁ।আমাৰ মূলদাবী সমুহ হল ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ ঠাইত পুৰণি পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা,। ৱাৰ্কচার্জ, মাষ্টাৰোল তথা ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, খালী পদসমূহ বিধি অনুযায়ী পুৰণ কৰা,

 সংবিধানৰ ৩১০,৩১১ (২) (এ) (বি) (চি) অনুচ্ছেদ বাতিল কৰা, নতুন শিক্ষানীতি বাতিল কৰা,ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহ ব্যক্তিগতকৰণ বন্ধ কৰা, চৰকাৰী বিভাগসমূহৰ আকাৰ বৃদ্ধি কৰা, শ্রমিক কর্মচাৰীৰ ইউনিয়নৰ অধিকাৰ সুনিশ্চিত কৰা, মাতৃভাষাৰ বন্ধ কৰা প্ৰাদেশিকৃত স্কুলসমূহ পুনৰ খোলাৰ ব্যৱস্থা কৰা, মূল্য বৃদ্ধি ৰোধ কৰা আৰু সার্বজনীন বিতৰণ ব্যৱস্থা উন্নত কৰা।' এই কাৰ্যসূচীৰ জৰিয়তে অসম ৰাজ্যিক ফেডাৰেচনৰ সাধাৰণ সম্পাদক নৱকুমাৰ পাটগিৰিয়ে কয়-আমি এই দাবী সমূহৰ ভিত্তিত কামৰূপ (ম)জিলা উপায়ুক্তক এখন স্মাৰক পত্র প্ৰেৰণ কৰিছোঁ। লগতে

ইয়াৰ সমাধানত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি তথা প্রয়োজন সাপেক্ষে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here