১২২ বছৰীয়া হ'ল তাহানিৰ কটন কলেজ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 May 2022

১২২ বছৰীয়া হ'ল তাহানিৰ কটন কলেজ

 


কটনৰ স্মৃতি সোঁৱৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই





W7s news গুৱাহাটী:


ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয় যাক আমি এতিয়া কটন বিশ্ববিদ্যালয় বুলি জানো, সেই কটন বিশ্ববিদ্যালয়ে আজি পূৰ্ণ কৰে গৌৰৱোজ্জ্বল ১২২ টা বছৰ। ১৯০১ চনৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা, সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ ধ্বজাবাহক কটন কলেজখন ২০১১ চনত অসম চৰকাৰে কটন কলেজ ষ্টেট ইউনিভাৰ্চিটিলৈ উন্নীত কৰে।

১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল।প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ'ল।২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে তথা কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ'ল। উল্লেখযোগ্য যে,অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও এই কটন বিশ্ববিদ্যালয়ৰেই প্ৰাক্তন ছাত্ৰ আছিল।ডঃ হিমন্ত বিশ্ব শৰ্মা ১৯৮৮-৮৯, ১৯৮৯-৯০ আৰু ১৯৯১-১৯৯২ চনৰ তিনিটা কাৰ্যকালৰ বাবে কটন কলেজ ইউনিয়ন চ'ছাইটিৰ (চিচিইউএছ) সাধাৰণ সম্পাদক আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সুন্দৰ শুভক্ষণত চচিয়েল মিডিয়াত নিজৰ মতামত প্ৰদান কৰে। তেওঁ কয়,"কটন মহাবিদ্যালয় (এতিয়াৰ বিশ্ববিদ্যালয়)ৰ আজি গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসৰ দিনটোত বহু পুৰণি স্মৃতিয়ে দোলা দিছে৷ নিজে পঢ়ি অহা শিক্ষানুষ্ঠানৰ স্মৃতিয়ে প্ৰতিজনকে নষ্টালজিক কৰাৰ দৰে ময়ো স্মৃতিকাতৰতাত ডুব যাওঁ মই পঢ়া শিক্ষানুষ্ঠানসমূহৰ কথা সোঁৱৰি৷কটন মহাবিদ্যালয়ৰ আজি ওপজা দিনত শিক্ষানুষ্ঠানখনৰ সৈতে অতীত তথা বৰ্তমানত যিকোনো ধৰণে জড়িত সকলোলৈকে মোৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ৷

লগতে যিসকলৰ কঠোৰ সাধনা, অধ্যৱসায়ে কটনক মহীয়ান কৰিলে জীৱিত অথবা প্ৰয়াত সকলোকে মোৰ প্ৰণাম যাচিলোঁ৷"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here