W7s news ষ্টাফৰিপোৰ্টাৰ: ৰাজ্যিক নিচামুক্ত আৰু মাদকদ্ৰৱ্য নিবাৰণী পৰিষদ, অসমৰ অধীনত নৱপ্ৰতিষ্ঠিত ৬ টা নিচাদূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ বিভিন্ন পদত নিযুক্তিপ্ৰাপ্ত মুঠ ৪৩ জন ঠিকাভিত্তিক পদত নিযুক্তি প্ৰদানৰ লগতে এক প্ৰশিক্ষণৰ উদ্দেশ্যে সোমবাৰে বেলতলাস্থিত সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ সভাকক্ষত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া কুঞ্জলতা লাচনে নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক আদৰণি জনোৱাৰ লগতে সেৱাৰ মনোভাৱেৰে কৰ্মত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। পৰিষদৰ অধ্যক্ষ মৃদুলা বৰকাকতীয়ে চৰকাৰৰ নিচামুক্ত নিবাৰণী অভিযান সফল কৰাৰ ক্ষেত্ৰত সকলোকে আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনাই পৰিষদৰ বিভিন্ন পদক্ষেপৰ বিষয়ে সদৰি কৰে। উপাধ্যক্ষ জিতু বৰগোহাইয়ে চমু বক্তব্য আগবঢ়ায়। উল্লেখ্য, এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে ডাঃ সঞ্জয় কুমাৰ সিং,অনুপঞ্জ ৰোহিত, নীনা শৰ্মা, অনমপ্ৰিয়া বৰুৱাই নিচাসক্ত সকলক কিদৰে নিচাদুৰীকৰণ কেন্দ্ৰত কাম কৰিব লাগিব সেই বিষয়ে কয়। ৰাজ্যিক নিচামুক্ত আৰু মাদকদ্ৰৱ্য নিবাৰণী পৰিষদৰ অধীনত বিভিন্ন জিলাত কৰ্মৰত নিবাৰণী সংগঠকসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত অচিৰে বিভিন্ন পন্থাৰে আৰু অধিক সক্ৰিয়ভাৱে নিচামুক্তদ্ৰব্য বিৰোধী সজাগতা অভিযান ক্ষীপ্ৰতৰ কৰাত গুৰুত্ব আৰোপ কৰে।
No comments:
Post a Comment