W7s news ষ্টাফৰিপোৰ্টাৰ':উত্তৰ-পূৰ্ব ক্ষেত্ৰীয় কৃষি বিপণন নিগম লিমিটেডৰ ১৬ মে'ৰ পৰা ৩১মে' লৈ 'স্বচ্ছতা পষেক'ৰ আয়োজন কৰা হৈছে-মঙলবাৰে উত্তৰ-পূৰ্ব ক্ষেত্ৰীয় কৃষি বিপণন নিগম লিমিটেডৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে উত্তৰ-পূৰ্ব ক্ষেত্ৰীয় কৃষি বিপণন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাসে। তেওঁ লগতে কয়- আমি শেহতীয়াভাৱে উদ্ভাৱনমূলক কামত অধিক গুৰুত্ব আৰোপ কৰিছোঁ। আমি ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ সহযোগত পৰিবেশ অনুকূল সামগ্ৰীত গুৰুত্ব আৰোপ কৰি 'বানানা চাৰ্কল লিফ কাটাৰ' যন্ত্ৰ পদপথৰ ব্যৱসায়ী আৰু বিভিন্ন ৰেষ্টোঁৰাৰ স্বত্বাধিকাৰীৰ বাবে মুকলি কৰিছোঁ। সাধাৰণতে পদপথৰ ব্যৱসায়ী সকলে বাতৰি কাকতৰ খাদ্য সামগ্রী গ্ৰাহকক যোগান ধৰে যি কোনো পধ্যেই স্বাস্থ্যসন্মাত নহয়। পৰিবেশ অনুকূল কলপাতত খাদ্য সামগ্রী যোগান ধৰিলে গ্ৰাহক সকলৰ স্বাস্থ্যৰ কোনো পধ্যেই ক্ষতি নহয়। এই যন্ত্ৰটোত এবাৰত ১০-১২ খন কলপাত একেলগে ধুনীয়া আকাৰত কাটিব পাৰি। এই যন্ত্ৰটোৰ বজাৰ মূল্য হৈছে ১২০০ টকা। অসমত হাজাৰ হাজাৰ হেক্টৰ কলৰ বাগান আছে আৰু ইয়াৰ আমি উচিত ব্যৱহাৰ কৰিব পাৰোঁ।' সংবাদ মেলত ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড০ এছ পি সিং, ৰিচাৰ্চ ফাষ্ট ফাউণ্ডেচনৰ অধ্যাপক সুৰজিৎ বৰুৱা উপস্থিত থাকে।
No comments:
Post a Comment