খাদ্য সামগ্রীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বানপীড়িতক সাহায্য প্ৰদানৰ দাবীত ২৫-৩১ মে'ত যৌথ আন্দোলনৰ আহ্বান
W7s news ষ্টাফৰিপোৰ্টাৰ:খাদ্য সামগ্রীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বানপীড়িতক সাহায্য প্ৰদানৰ দাবীত ২৫-৩১ মে'ত যৌথ আন্দোলনৰ আহ্বান জনাইছে চাৰিটা বাঁও দলে। সোমবাৰে চাৰিটা বাওঁদল ক্ৰমে চি পি আই (এম), চি পি আই, চি পি আই (এম-এল), আৰ চি পি আই দলৰ উদ্যোগত গুৱাহাটী ক্লাবৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভবনত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে দলৰ বিষয় ববীয়া সকলে। সংবাদ মেলত চি পি আই (এম) দলৰ হৈ সু-প্ৰকাশ তালুকদাৰে কয়-
সকলো প্ৰকাৰৰ খাদ্য সামগ্ৰীকে ধৰি নিত্যপ্রয়োজনীয় সামগ্ৰীসমূহৰ অভাৱনীয় আৰু অবিৰত মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশৰ লগতে অসমৰ জনসাধাৰণকো ভোলোকা-জোলোকে পানী খুৱাইছে। মুলাবৃদ্ধিৰ হেঁচাত দুখীয়া পৰিয়ালবোৰলৈ নামি আহিছে অকল্পনীয় দুর্যোগ। ক্রমবর্ধমান নিবনুৱা সমস্যাৰ ফলত কোটি কোটি মানুহৰ জীৱন-জীবিকালৈ নামি আহিছে ভয়াবহ আক্রমণ। এই পৰিস্থিতিৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ জনবিৰোধী আৰ্থিক নীতিসমূহেই সম্পূৰ্ণ অগৰীয়া। সেয়ে ২৫ মে'ৰ পৰা ৩১ মেলৈ দেশৰ পাঁচটা বাঁওপন্থী দলে মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাষ্ট্ৰব্যাপী সপ্তাহজোৰা আন্দোলনৰ আহ্বান জনাইছে। দেশজোৰা এই আন্দোলনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ চাৰিটা বাঁওপন্থী দল ক্রমে – চি পি আই (এম), চি পি আই, চি পি আই (এম এল) আৰু আৰ চি পি আই দলেও ৰাজ্যত ঐক্যবদ্ধভাবে প্রতিবাদ আন্দোলন সংগঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।' সংবাদ মেলত চি পি আই দলৰ হৈ মুনিন মহন্তই কয়-'অসমৰ বাঁও দল কেইটাই মূল্যবৃদ্ধি ৰোধৰ সৰ্বভাৰতীয় দাবীসমূহৰ লগতে বান বিধ্বস্ত বাইজকো পর্যাপ্ত সাহায্য, ক্ষতিপূৰণ, পুনৰ সংস্থাপন আদিৰ দাবী ২৫-৩১ মে'ৰ সপ্তাহজোৰা আন্দোলনৰ দাবী চনদৰ সৈতে যুক্ত কৰিছে। কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ ১৭ মে'ত প্ৰকাশ কৰা মূল্য সূচাংকই দেখুৱাই দিছে দেশত সর্বগ্রাসী মুদ্রাস্ফীতিৰ স্বৰূপ। চলিত বছৰৰ এপ্রিল মাহত দেশত পাইকাৰী মুদ্রাস্ফীতি বৃদ্ধি পাই হৈছে ১৫.০৮ শতাংশ। বিগত ৩০ বছৰৰ ভিতৰত পাইকাৰী মুদ্রাস্ফীতিৰ এয়া অভিলেখ। খুচুৰা মুদ্রাস্ফীতিৰ হাৰ মে' মাহত ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে। বিজেপিৰ শাসন কালত বিগত ৮ বছৰৰ ভিতৰত এই হার সর্বাধিক। খাদ্য সামগ্ৰীৰ মূল্যৰ ক্ষেত্ৰত মুদ্রাস্ফীতি ৮.৩৮ শতাংশলৈ বৃদ্ধি হৈ যোৱা ১৭ মাহৰ ভিতৰত সৰ্বাধিক হৈছে। মুদ্রাস্ফীতিৰ হাৰ বাঢ়ি যোৱাৰ সহজ অৰ্থ হ'ল, আটা, খোৱাতেল, শাক-পাচলি, ৰন্ধন গেছ আদিৰ অত্যধিক মূল্যবৃদ্ধি। অর্থাৎ দুখীয়া আৰু নিম্ন আয়ৰ পৰিয়ালসমূহৰ সীমাহীন দুর্দশা। মুদ্রাস্ফীতিৰ ফলত লক্ষ লক্ষ পৰিয়ালে, বিশেষকৈ পদপথত সৰু-সুৰা দোকান-পোহাৰ, ক্ষুদ্র ব্যৱসায় আদি কৰি জীৱন নিৰ্বাহ কৰাসকলেও কর্মসংস্থান তথা জীৱিকাৰ পথবোৰ হেৰুৱাই পেলাব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।
মুদ্রাস্ফীতিৰ অন্যতম প্রধান কাৰণ হ'ল ইন্ধনৰ মূল্যবৃদ্ধি। পেট্রল, ডিজেল আৰু ৰন্ধন গেছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অবিৰাম কেন্দ্ৰীয় কৰ বৃদ্ধি কৰি থকা নীতিৰ ফলতে এইদৰে বয়-বস্তুৰ দাম বাঢ়িছে। পেট্ৰ'লৰ ওপৰত আৰোপ কৰা কেন্দ্রীয় আবকাৰী শুল্ক ৰ ৯৬ শতাংশ 'চেছ' আৰু উপকৰৰ জৰিয়তে সংগৃহীত হয়। এইদৰে ডিজেলৰ ক্ষেত্ৰত ৯৪ শতাংশ আহে চেছ আৰু উপকৰৰ পৰাই। বিগত মাত্ৰ এটা বছৰত পেটু’লজাত সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ৭০ শতাংশ, খোৱাতেলৰ ২৩ শতাংশ, শাক-পাচলিৰ ২০ শতাংশ। ১৪.২ কিলোগ্রাম ওজনৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম যোৱা বছৰটোত বাঢ়িছে ৪৩১.৫০ টকা অর্থাৎ ৭৬ শতাংশ বৃদ্ধি। সেয়ে বাঁও দলসমূহে দাবী জনাইছে যে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পেচু লজাত সামগ্ৰীৰ ওপৰত আৰোপ কৰা সকলো ধৰণৰ চেছ আৰু উপকৰ আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্য অনতিপলমে প্রত্যাহাৰ কৰিব লাগে। তদুপৰি ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি ডি এছাক শক্তিশালী কৰি আটা, খোৱাতেল, দাইল,, আদি সামগ্ৰীসমূহো সুলভ মূল্যৰ জৰিয়তে যোগান ধৰিব লাগে।
উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই বিগত মাহটোত দেশত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৭:৭৯ শতাংশ যদিও আমাৰ অসমত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি – ৮.৫ শতাংশ হৈছে। ইফালে ৰাজ্যখনৰ নগৰাঞ্চলৰ তুলনাত গ্রামাঞ্চলত মূল্যবৃদ্ধি অধিক প্ৰকট হৈছে। কেৱল যোৱা এপ্রিল মাহতে অসমৰ প্ৰামাঞ্চলত খুচুৰা মুদ্রাস্ফীতি ৯.১৯ শতাংশ হৈছে।বিগত তিনিটা মাহত তীব্ৰগতিত ৰাজ্যখনত গুচুৰা মুদ্রাস্ফীতি বৃদ্ধি পাব ধৰিছে। উল্লেখ্য যে সমগ্ৰ দেশৰ ভিতৰতে কম মুদ্রাস্ফীতি হোৱা ৰাজাখন হৈছে কেৰালা। মূল্য নিয়ন্ত্রণত শোচনীয়ভাৱে ব্যৰ্থ ৰাজ্য চৰকাৰৰ কোনো কোনো মন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ সমস্যাটোক তৰল আৰু টুলুঙা মন্তব্যৰে ভেঙুচালিহে কৰে। বানপীড়িতক সাহায্য প্ৰদানৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰখনে অসমৰ প্ৰতি বৈষম্য অব্যাহত ৰাখিছে। এই পৰিস্থিতিত মূল্যবৃদ্ধি ৰোধ আৰু অসমৰ বানপীড়িত ৰাইজক সাহায্যৰ দাবীত অহা ২৫-৩১ মে'ত সমগ্ৰ ৰাজ্যতে জিলাই
জিলাই স্থানীয় পর্যায়ত বাঁও দলসমূহে আন্দোলন গঢ়ি তুলিব। এই আন্দোলনৰ অংশ হিচাপে গুৱাহাটীত ৩১ মে'ৰ দিনৰ ১২ বজাত বাঁও দলকেইটাই দীঘলী পুখুৰীৰ পাৰত সমবেত হৈ প্রতিবাদ সাব্যস্ত কৰিব। দাবীসমূহঃ
হৈছে পেট্রলজাত সামগ্ৰীৰ ওপৰত থকা সকলো উপকৰ আৰু চাচার্জ প্রত্যাহাৰ কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি চাউলৰ উপৰি দাইল, আটা, মিঠাতেল, চেনী, নিমখ আদি অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰা, আয়কৰৰ আওতাত নপৰা পৰিয়ালবোৰক নগদ ধন মাহিলি ৭,৫০০/- টকাকৈ প্ৰদান কৰা, 'এমএনৰেগ' আঁচনিৰ বাবে আবণ্টিত ধনৰ পৰিমাণ বৃদ্ধি কৰা, নিবনুৱা ভাট্টা সম্পৰ্কীয় এক কেন্দ্রীয় আঁচনি ৰূপায়ণৰ বাবে আইন প্রণয়ন কৰা,চহৰ অঞ্চলত কৰ্মসংস্থাপনৰ নিশ্চয়তাৰ বাবে প্রয়োজনীয় আইন প্রণয়ন কৰা, সকলো খালিপদ পূৰণ কৰা, বান বিধ্বস্ত ৰাইজক খাদ্য সামগ্রী, শিশু খাদ্য, ঔষধ-পাতিকে ধৰি পৰ্যাপ্ত সাহায্য সামগ্রী প্রদান কৰক। আশ্রয় শিবিৰসমূহত খাদ্যৰ উপৰি বিশুদ্ধ খোৱাপানী, বিজুলী বাতিৰ আদিৰ যোগান, শৌচালয়, স্বাস্থ্যকৰ পৰিৱেশ, চিকিৎসা সেৱা আদি নিশ্চিত কৰা, বান-গৰাখহনীয়াত ক্ষতিগ্রস্ত পৰিয়ালবোৰক ক্ষতিপূৰ্ণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, অসমৰ বান-গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা,
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু বানপীড়িতক সাহায্যৰ দাবীত আহ্বান জনোৱা এই ঐক্যবদ্ধ আন্দোলনত দলে দলে অংশগ্ৰহণ কৰি ইয়াক সফল কৰাৰ বাবে আমি ৰাজ্যৰ জনসাধাৰণৰ প্রতি আহ্বান জনাইছোঁ।' সংবাদ মেলত আৰ চি পি আই দলৰ হৈ ফুলেশ্বৰ বসুমতাৰী, ইছফাকুৰ ৰহমান আদি উপস্থিত থাকে।
No comments:
Post a Comment