W7s news ষ্টাফৰিপোৰ্টাৰ': নবীন শৰ্মা স্মৃতিচ’ৰাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস আৰু বিষ্ণু প্ৰসাদ ৰাভাদিৱস উদযাপনৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ২৯ মে’ ত “পেলনীয়া সামগ্ৰীৰে নিৰ্মিত বস্তু”ৰ কৰ্মশালা অনুষ্ঠিত হ’ব। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাখনিত অষ্টমৰ পৰা দশম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব পাৰিব। ভৰ্ত্তিমাচুল ২০০ টকা।বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৫ জুনত দুপৰীয়া ১ বজাৰ পৰা প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা,৩ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব। এই দুয়োটা অনুষ্ঠান চানমাৰীস্থিত জে. বি. আইন মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব।১৯ জুনত বিষ্ণুৰাভা গীত প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰা এই প্রতিযোগিতা চানমাৰী কলনিস্থিত চৰকাৰী পেঞ্চনাৰ্ছ ভৱনত অনুষ্ঠিত হ'ব। নামভৰ্ত্তি মাচুল ২০০ টকা।ইচ্ছুক প্রতিযোগীয়ে জি এন বি ৰোডস্থিত নৰ্থ ইষ্ট স্পোটছ চায়েন্স এণ্ড ফিটনেছ একাডেমী হাউচ নং ১৯৬ ঠিকনাত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।
Post Top Ad
Responsive Ads Here
Sunday, 22 May 2022

Home
গুৱাহাটী
“পেলনীয়া সামগ্ৰীৰে নিৰ্মিত বস্তু" ৰ কৰ্মশালা, বিশ্ব পৰিবেশ দিৱস আৰু বিষ্ণুৰাভা গীত প্রতিযোগিতাৰ আয়োজন
“পেলনীয়া সামগ্ৰীৰে নিৰ্মিত বস্তু" ৰ কৰ্মশালা, বিশ্ব পৰিবেশ দিৱস আৰু বিষ্ণুৰাভা গীত প্রতিযোগিতাৰ আয়োজন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment